--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৃষক বিদ্ৰোহৰ গুৰিধৰোঁতা পঞ্জাবৰ বিধানসভা নিৰ্বাচন সমাগত৷ কৃষিপ্ৰধান ৰাজ্যখনত এইবাৰ মূল নিৰ্বাচনী ইচ্ছ্যুৱে হ’ব কৃষি আইন আৰু কৃষক বিদ্ৰোহ৷ কৃষি আইনৰ বিষয়টোক লৈয়ে এতিয়া ৰাজ্যখনত চলিছে নিৰ্বাচনী কুচকাৱাজ৷ তাৰ মাজতেই পঞ্জাব কংগ্ৰেছে কালি এখন পুস্তিকা মুকলি কৰে৷ এই পুস্তিকা মুকলি অনুষ্ঠানত অংশ লয় ৰাজ্যখনৰ কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছ নেতাই৷ অনুষ্ঠানত অংশ লৈ পঞ্জাবৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰণদীপ সুৰজেৱালাই কয়, ভাৰতত কৃষকৰ উপাৰ্জন কেতিয়াও দুগুণ হোৱা নাছিল, বৰং তেওঁলোকৰ দুখ বহুগুণে বৃদ্ধি পাইছিল৷ পঞ্জাৱ কংগ্ৰেছৰ মুৰব্বী নৱজ্যোত সিং সিদ্ধু আৰু দলৰ নেতা অলকা লাম্বাৰ সৈতে সুৰজেৱালাই কৃষক সম্প্ৰদায়ৰ সন্মুখত আহি পৰা প্ৰত্যাহ্বানৰ বিষয়ে এখন পুস্তিকা মুকলি কৰি এই মন্তব্য কৰে। পঞ্জাব কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে কালি কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ বাবে বিজেপিৰ প্ৰাক-নিৰ্বাচনী প্ৰতিশ্ৰুতিক সমালোচনা কৰি বক্তব্য প্ৰদান কৰে৷ তেওঁ কয়, কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ কথা কি ক’ব লাগে, বিজেপি চৰকাৰে তেওঁলোকক অতিৰিক্ত কৰৰ বোজাহে জাপি দিছিল। তেওঁ ‘আমদানী না হুই দুগনি, ডাৰ্ড শৌ গুণা’ শীৰ্ষক এখন পুস্তিকা মুকলি কৰাৰ সময়ত সেই মন্তব্য কৰে৷ সুৰজেৱালাই শিৰোমণি আকালি দল আৰু আম আদমী পাৰ্টিকো প্ৰত্যাহ্বান জনাই কয় যে, ২০২০ চনত কৃষি অধ্যাদেশ অনাৰ সময়ত এছএডিয়ে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰক সমৰ্থন কৰিছিল, কিন্তু, পাছত দিল্লীৰ আপ চৰকাৰে কেন্দ্ৰীয় কৃষি আইনসমূহ বলবতৰ জাননী দিছিল। এই তিনিওটা সংগঠনৰ কৃষক বিৰোধী ডিএনএ আছে৷ বিজেপি, এছএডি আৰু আপক আক্ৰমণৰ লক্ষ্য কৰি তেওঁ এনেদৰে কয়৷ কৃষকসকলৰ দ্বাৰা এবছৰধৰি চলি থকা প্ৰতিবাদত সেও মানি যোৱা বছৰ কেন্দ্ৰই তিনিখন কৃষি আইন বাতিল কৰিছিল। বিজেপি চৰকাৰক আক্ৰমণ কৰি সুৰজেৱালাই কয় যে কৃষি আইন অনাতো নৰেন্দ্ৰ মোদী চৰকাৰৰ একমাত্ৰ কৃষক বিৰোধী সিদ্ধান্ত নহয়। তেওঁ কয় যে যেতিয়া ডিজেলৰ ওপৰত কৰ বৃদ্ধি কৰা হৈছিল, তেতিয়া ইউৰিয়া আৰু ডিএপিৰ দৰে সাৰৰ ব্যয়ো বহুগুণে বৃদ্ধি কৰা হৈছিল। ২০ ফেব্ৰুৱাৰীত পঞ্জাৱত নিৰ্বাচন অনুষ্ঠিত হ’বলৈ গৈ থকাৰ সময়তে তেওঁ জনসাধাৰণক কংগ্ৰেছক পুনৰ ক্ষমতালৈ ঘূৰাই আনিবলৈ আৰু কৃষক বিৰোধী মানসিকতাৰ সংগঠনসমূহক প্ৰত্যাখ্যান কৰিবলৈ আহ্বান জনায়। ২০২১ চনৰ ছেপ্টেম্বৰ মাহত ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে প্ৰকাশ কৰা প্ৰতিবেদনত প্ৰকাশ পাইছে যে কৃষক এজনৰ গড় উপাৰ্জন প্ৰতিদিনে মাত্ৰ ২৭ টকা আছিল আৰু প্ৰতিজন কৃষকৰ গড় ঋণ আছিল ৭৪,০০০ টকা৷ বিজেপি নেতৃত্বাধীন চৰকাৰক আক্ৰমণ কৰি তেওঁ কয় যে বিজেপিয়ে দাবী কৰে যে কৃষকসকলক ইনপুট ব্যয়ৰ ওপৰত এমএছপি আৰু ৫০ শতাংশ দিয়াটো সম্ভৱ নহ’ব। তাৰ পাছত তেওঁলোকে শস্য বীমা আঁচনি এখন আনিছিল, কোম্পানীবোৰৰ লাভৰ স্বাৰ্থত৷ তাৰ পাছত কৰৰ পাছত কৰ আৰোপ কৰি, তেওঁলোকে এজন কৃষকৰ খেতিৰ ব্যয় প্ৰতি হেক্টৰত ২৫,০০০ টকা পৰ্যন্ত বৃদ্ধি কৰিছিল৷ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে লগতে কয়, বিজেপিয়ে মুষ্টিমেয় পুঁজিবাদী বন্ধুসকলক লাভান্বিত কৰিবলৈ তিনিটা ক’লা কৃষি বিৰোধী আইন আনিছিল। তেওঁ কয় যে মোদী চৰকাৰে নিজেই প্ৰকাশ কৰিছে যে ধান আৰু ঘেঁহুৰ বাহিৰে, এমএছপিত ছয় শতাংশতকৈ অধিক শস্য ক্ৰয় কৰা নহয়। বিজেপি আৰু মোদী চৰকাৰে আনকি কৃষকসকলৰ পৰা সমৰ্থন মূল্যত পৰ্যাপ্ত পৰিমাণে খাদ্যশস্য ক্ৰয় কৰা নাই বুলি তেওঁ লগতে কয়। পূৰ্বৰ কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰে ২০০৬-০৭ বৰ্ষৰ পৰা ২০১৩-১৪ বৰ্ষৰ ভিতৰত সমৰ্থনমূল্য ২০৫ শতাংশলৈ বৃদ্ধি কৰিছিল বুলি তেওঁ উল্লেখ কৰে৷ একেটা ব্যৱধানত মোদী চৰকাৰে ধানত মাত্ৰ ৪৮ শতাংশ আৰু ঘেঁহুত ৪৩ শতাংশ বৃদ্ধি কৰিছে৷ অনুষ্ঠানটোত, পঞ্জাৱ কংগ্ৰেছৰ মুৰব্বী সিদ্ধুৱে দৃঢ়তাৰে কয় যে কংগ্ৰেছ দলে সদায় কৃষকসকলৰ কাষত থিয় দি আহিছে। তেওঁ কয়, ‘আমাক ভাল নীতিৰ দ্বাৰা সমৰ্থিত এক নতুন ‘কৃষি বিপ্লৱ ২.০’ৰ প্ৰয়োজন য’ত কৃষক আৰু ক্ষুদ্ৰ উদ্যোগ একত্ৰিত হ’ব৷’ পঞ্জাবৰ নিৰ্বাচন চমু চপাৰ লগে লগেই এনেদৰেই এতিয়া প্ৰধান বিৰোধী দল কংগ্ৰেছে কৃষক বিদ্ৰোহৰ গইনাৰে বিজেপিক সমালোচনাৰ লক্ষ্য কৰি লৈছে৷ কৃষিপ্ৰধান ৰাজ্য হিচাপে পৰিচিত পঞ্জাবৰ নিৰ্বাচনত কৃষকসমাজে কি ভূমিকা গ্ৰহণ কৰে, তাৰ বাবে বাট চাই ৰৈছে দেশবাসীয়ে৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰা বাতিল
ৰাজা হত্যাকাণ্ড, চোহৰাত 'ক্ৰাইম ছীন ৰিক্ৰিয়েশ্যন'
ব্ৰহ্মপুত্ৰৰ খহনীয়াত ঘৰ-বাৰী সকলো হেৰুওৱা ছায়িদা মাৰিয়া সুখ্যাতিৰে উত্তীৰ্ণ NEET পৰীক্ষাত
আহমেদাবাদ বিমান দুৰ্ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হʼবলৈ লাগিব এবছৰ
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?