--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ দৌৰত শীৰ্ষস্থানত আছে ঋষি সুনাক। এইক্ষেত্ৰত তেওঁৰ প্ৰতিদ্বন্দী হিচাপে আছে পেন্নী মৰ্ডাণ্ট। কিন্তু মৰ্ডাণ্টতকৈ ভাৰতীয় বংশোদ্ভৱ সুনাকৰ সম্ভাৱনা বেছি বুলি জানিব পৰা গৈছে।

বৰ্তমানলৈকে সুনাকে ব্ৰিটেইনৰ সংসদত ১৪২জনকৈ সাংসদৰ সমৰ্থন লাভ কৰিছে। প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হবলৈ ১০০ জন সাংসদৰ সন্মতি লাগে। কিন্তু সুনাকৰ ১০০ জনতকৈও অধিক সাংসদৰ সমৰ্থন আছে।

''মই আমাৰ অৰ্থনীতিক এটা গতি দিব বিচাৰো, আমাৰ দলটোক একত্ৰিত কৰিব বিচাৰো আৰু দেশখনৰ বাবে কাম কৰিব বিচাৰো।’’- এটা বিবৃত্তিৰ যোগেৰ সুনাকে এইদৰে কৈছে।

শেহতীয়াকৈ এটা টুইটত সুনাকে প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। টুইটটোত সুনাকে কয় যে দেশৰ সংকটৰ দিনত জনছনে উল্লেখ্যনীয় পদক্ষেপ লৈ আহিছিল। বিশেষকৈ ব্ৰেক্সিট, ভিড ভেকচিন আৰু ইউক্ৰেইন যু্দ্ধৰ দৰে সময়ছোৱাত জনছনৰ বাবে শাসনকালছোৱা প্ৰত্যাহ্বানজনক আছিল। 

''যদিও প্ৰধানমন্ত্ৰী পদৰ বাবে তেওঁ প্ৰতিদ্বন্দিতা কৰিব বিচৰা নাই, মই বিচাৰো যে তেওঁ দেশ আৰু দেশৰ বাহিৰতো সামাজিক জীৱন যাপন অতিবাহিত কৰি বৰঙনি আগবঢ়াওক।’’- জনচনক উদ্দেশ্যি সুনাকে লিখে। 

উল্লেখ্য যে সুনাকৰ প্ৰতিদ্বন্দি পেন্নী মৰ্ডাণ্টে সুনাকতকৈ বহু পিছ পৰি আছে। বৰ্তমানলৈকে তেওঁ মাত্ৰ ২৯গৰাকী সাংসদৰ সমৰ্থনহে লাভ কৰিছে। যদি তেওঁ ১০০ গৰাকী সাংসদ লাভ কৰিব নোৱাৰে, তেন্তে সোমবাৰেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হব ঋষি সুনাক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ