--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ দৌৰত শীৰ্ষস্থানত আছে ঋষি সুনাক। এইক্ষেত্ৰত তেওঁৰ প্ৰতিদ্বন্দী হিচাপে আছে পেন্নী মৰ্ডাণ্ট। কিন্তু মৰ্ডাণ্টতকৈ ভাৰতীয় বংশোদ্ভৱ সুনাকৰ সম্ভাৱনা বেছি বুলি জানিব পৰা গৈছে।

বৰ্তমানলৈকে সুনাকে ব্ৰিটেইনৰ সংসদত ১৪২জনকৈ সাংসদৰ সমৰ্থন লাভ কৰিছে। প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ’বলৈ ১০০ জন সাংসদৰ সন্মতি লাগে। কিন্তু সুনাকৰ ১০০ জনতকৈও অধিক সাংসদৰ সমৰ্থন আছে।

''মই আমাৰ অৰ্থনীতিক এটা গতি দিব বিচাৰো, আমাৰ দলটোক একত্ৰিত কৰিব বিচাৰো আৰু দেশখনৰ বাবে কাম কৰিব বিচাৰো।’’- এটা বিবৃত্তিৰ যোগেৰ সুনাকে এইদৰে কৈছে।

শেহতীয়াকৈ এটা টুইটত সুনাকে প্ৰাক্তন প্ৰধানমন্ত্ৰী ব’ৰিছ জনছনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। টুইটটোত সুনাকে কয় যে দেশৰ সংকটৰ দিনত জনছনে উল্লেখ্যনীয় পদক্ষেপ লৈ আহিছিল। বিশেষকৈ ব্ৰেক্সিট, ক’ভিড ভেকচিন আৰু ইউক্ৰেইন যু্দ্ধৰ দৰে সময়ছোৱাত জনছনৰ বাবে শাসনকালছোৱা প্ৰত্যাহ্বানজনক আছিল। 

''যদিও প্ৰধানমন্ত্ৰী পদৰ বাবে তেওঁ প্ৰতিদ্বন্দিতা কৰিব বিচৰা নাই, মই বিচাৰো যে তেওঁ দেশ আৰু দেশৰ বাহিৰতো সামাজিক জীৱন যাপন অতিবাহিত কৰি বৰঙনি আগবঢ়াওক।’’- জনচনক উদ্দেশ্যি সুনাকে লিখে। 

উল্লেখ্য যে সুনাকৰ প্ৰতিদ্বন্দি পেন্নী মৰ্ডাণ্টে সুনাকতকৈ বহু পিছ পৰি আছে। বৰ্তমানলৈকে তেওঁ মাত্ৰ ২৯গৰাকী সাংসদৰ সমৰ্থনহে লাভ কৰিছে। যদি তেওঁ ১০০ গৰাকী সাংসদ লাভ কৰিব নোৱাৰে, তেন্তে সোমবাৰেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ’ব ঋষি সুনাক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক