--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পথ প্ৰশস্ত হ’ল ঋষি সুনকৰ। পোনপ্ৰথমবাৰৰ বাবে কোনো ভাৰতীয় বংশোদ্ভৱে এই পদত অধিষ্ঠিত হ’বলৈ উলাইছে। জানো আহক কোন এই ঋষি সুনক।

৪২ বৰ্ষীয় সুনক এগৰাকী ধনাঢ্য প্ৰবাসী ভাৰতীয় লোক। তেওঁৰ উপৰিপুৰুষ ভাৰত আৰু পূব আফ্ৰিকাৰ পৰা ব্ৰিটেইনলৈ প্ৰব্ৰজন কৰিছিল। সুনকৰ দেউতাক যশবীৰ সুনকে ব্ৰিটেইনৰ নেচনেল হেল্থ চাৰ্ভিছত জেনেৰেল প্ৰেক্টিচনাৰ আছিল আৰু মাতৃ ঊষা সুনক এগৰাকী ব্যৱসায়ী।

বিদ্যায়তনিক জীৱন সুনকে গৃহৰাষ্ট্ৰ ব্ৰিটেইন আৰু আমেৰিকাত পাৰ কৰিছিল৷ ব্ৰিটেইনৰ ৱিনচেষ্টাৰ কলেজ, অক্সফ’ৰ্ড আৰু ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ৰ ডিগ্ৰীধাৰী তেওঁ৷

আমেৰিকাৰ কেলিফৰ্ণিয়াস্থিত ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ত পঢ়ি থকা অৱস্থাতে তেওঁ আক্ষাতা মূৰ্তীক লগ পায়৷ দুয়োৰে প্ৰেম হয় আৰু অৱশেষত বিবাহপাশত আৱদ্ধ হয়৷

এই আক্ষাতা মূৰ্তি হৈছে ভাৰতৰ আগশাৰীৰ উদ্যোগপতি তথা ইনফ’চিছৰ সহঃ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিৰ কন্যা৷ আক্ষাতা মূৰ্তি আৰু ঋষি সুনকৰ দুগৰাকী কন্যাও আছে৷ তেওঁলোকৰ নাম ক্ৰমে কৃষ্ণা আৰু অনুষ্কা৷

এগৰাকী সফল ৰাজনীতিবিদ হিচাপে প্ৰতিষ্ঠা লাভ কৰা ঋষি সুনকৰ আজৰি সময়ৰ হবি হৈছে ফিটনেছ ঠিকে ৰখা, ক্ৰিকেট আৰু ফুটবল খেলা আৰু চিনেমা চোৱা৷

কনজাৰ্ভেটিভ পাৰ্টিৰ এগৰাকী সাংসদ হিচাপে সুনকে ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰে৷ ২০১৫ চনত ৰিচমণ্ড (য়ৰ্কছ) সমষ্টিৰ পৰা তেওঁ নিৰ্বাচিত হয়৷ একেটা সমষ্টিৰ পৰাই ২০১৭ আৰু ২০১৯ চনতো নিৰ্বাচিত হয়৷

২০১৮ চনৰ জানুৱাৰীত সুনকক মিনিষ্টাৰ ফৰ লোকেল গভৰণ্টমেণ্ট পদবী দিয়া হয়৷ ২০১৯ চনৰ জুলাই মাহত সুনাকে ব্ৰিটেইনৰ কোষাগাৰৰ মুখ্য সম্পাদকৰ পদবী লাভ কৰে৷

২০২০ বৰ্ষত তেওঁক কোষাগাৰৰ চেঞ্চেলৰ পদবীত বহুওৱা হয়৷ চলিত বৰ্ষৰ জুলাই মাহলৈকে তেওঁ এই পদবীতে কাৰ্যনিৰ্বাহ কৰি আছিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক