--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পথ প্ৰশস্ত হল ঋষি সুনকৰ। পোনপ্ৰথমবাৰৰ বাবে কোনো ভাৰতীয় বংশোদ্ভৱে এই পদত অধিষ্ঠিত হবলৈ উলাইছে। জানো আহক কোন এই ঋষি সুনক।

৪২ বৰ্ষীয় সুনক এগৰাকী ধনাঢ্য প্ৰবাসী ভাৰতীয় লোক। তেওঁৰ উপৰিপুৰুষ ভাৰত আৰু পূব আফ্ৰিকাৰ পৰা ব্ৰিটেইনলৈ প্ৰব্ৰজন কৰিছিল। সুনকৰ দেউতাক যশবীৰ সুনকে ব্ৰিটেইনৰ নেচনেল হেল্থ চাৰ্ভিছত জেনেৰেল প্ৰেক্টিচনাৰ আছিল আৰু মাতৃ ঊষা সুনক এগৰাকী ব্যৱসায়ী।

বিদ্যায়তনিক জীৱন সুনকে গৃহৰাষ্ট্ৰ ব্ৰিটেইন আৰু আমেৰিকাত পাৰ কৰিছিল৷ ব্ৰিটেইনৰ ৱিনচেষ্টাৰ কলেজ, অক্সফৰ্ড আৰু ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ ডিগ্ৰীধাৰী তেওঁ৷

আমেৰিকাৰ কেলিফৰ্ণিয়াস্থিত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত পঢ়ি থকা অৱস্থাতে তেওঁ আক্ষাতা মূৰ্তীক লগ পায়৷ দুয়োৰে প্ৰেম হয় আৰু অৱশেষত বিবাহপাশত আৱদ্ধ হয়৷

এই আক্ষাতা মূৰ্তি হৈছে ভাৰতৰ আগশাৰীৰ উদ্যোগপতি তথা ইনফচিছৰ সহঃ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিৰ কন্যা৷ আক্ষাতা মূৰ্তি আৰু ঋষি সুনকৰ দুগৰাকী কন্যাও আছে৷ তেওঁলোকৰ নাম ক্ৰমে কৃষ্ণা আৰু অনুষ্কা৷

এগৰাকী সফল ৰাজনীতিবিদ হিচাপে প্ৰতিষ্ঠা লাভ কৰা ঋষি সুনকৰ আজৰি সময়ৰ হবি হৈছে ফিটনেছ ঠিকে ৰখা, ক্ৰিকেট আৰু ফুটবল খেলা আৰু চিনেমা চোৱা৷

কনজাৰ্ভেটিভ পাৰ্টিৰ এগৰাকী সাংসদ হিচাপে সুনকে ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰে৷ ২০১৫ চনত ৰিচমণ্ড (য়ৰ্কছ) সমষ্টিৰ পৰা তেওঁ নিৰ্বাচিত হয়৷ একেটা সমষ্টিৰ পৰাই ২০১৭ আৰু ২০১৯ চনতো নিৰ্বাচিত হয়৷

২০১৮ চনৰ জানুৱাৰীত সুনকক মিনিষ্টাৰ ফৰ লোকেল গভৰণ্টমেণ্ট পদবী দিয়া হয়৷ ২০১৯ চনৰ জুলাই মাহত সুনাকে ব্ৰিটেইনৰ কোষাগাৰৰ মুখ্য সম্পাদকৰ পদবী লাভ কৰে৷

২০২০ বৰ্ষত তেওঁক কোষাগাৰৰ চেঞ্চেলৰ পদবীত বহুওৱা হয়৷ চলিত বৰ্ষৰ জুলাই মাহলৈকে তেওঁ এই পদবীতে কাৰ্যনিৰ্বাহ কৰি আছিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত