--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপত বৃহৎ অঘটন ঘটালে আয়াৰলেণ্ডে। দুৰ্বল দলটোৰ হাতত পৰাজীত হ’ল বিশ্বকাপৰ অন্যতম দাবীদাৰ ইংলেণ্ড। বুধবাৰৰ মেচখনত ডাক ৱৰ্থ লুইচ পদ্ধতি অনুসৰি ৫ ৰাণত বিজয়ী হৈছে আয়াৰলেণ্ড।

আয়াৰলেণ্ডৰ এই বিজয়ৰ মূলতে আছিল বলাৰসকলৰ সুন্দৰ প্ৰদৰ্শন আৰু বেটাৰ এন্দ্ৰিউ বালব্ৰিনীৰ দমনীয় বেটিং। বালব্ৰিনীয়ে ৪৭ টা বলত কৰা ৬২ ৰাণৰ সহায়তে আয়াৰলেণ্ডে ১৫৭ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

১৫৮ ৰাণৰ লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ ইংলেণ্ডে ১৪.৩ অভাৰত ১০৫ ৰাণ সংগ্ৰহ কৰে। কিন্তু বৰষুণৰ বাবে খেলা স্থগিত ৰাখিব লগা হয়। সেই সময়ত ইংলেণ্ডক জয়ৰ বাবে প্ৰয়োজন আছিল ৩৩ টা বলত ৫২ ৰাণই। ফলত ডাক ৱৰ্থ লিৱিছ অনুসৰি ৫ ৰাণত বিজয় সাব্যষ্ট কৰে আয়াৰলেণ্ডে।

ইয়াৰ পূৰ্বেও আয়াৰলেণ্ডে বিশ্বকাপৰ ইতিহাসত এনেধৰণৰ কেইবাটাও অঘটন ঘটাইছে। আয়াৰলেণ্ডৰ মুখামুখি হৈ পৰাজীত হৈছে বিশ্ব ক্ৰিকেটৰ কেইবাটাও শক্তিশালী দল।

২০০৭ চনৰ এদিনীয়া বিশ্বকাপত পাকিস্তানৰ পৰাজীত কৰি চমক সৃষ্টি কৰিছিল আয়াৰলেণ্ডে। মেচখনত পাকিস্তানে প্ৰথম ইনিংছত সংগ্ৰহ কৰিছিল মাত্ৰ ১৩২ ৰাণ। আয়াৰলেণ্ডৰ বলাৰৰ আগত ব্যৰ্থ হৈছিল বিশ্বশ্ৰেষ্ঠ বেটছমেন ইউনিছ খান, ইনজামাম উল হক, মহম্মদ ইউচুফ। আয়াৰলেণ্ডৰ বলাৰ আন্দ্ৰে বোথাই ৮ অভাৰত মাত্ৰ ৫ ৰাণ দি ২টা উইকেট দখল কৰিছিল।

 

১৩২ ৰাণৰ লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ বেটিং বিপৰ্যয়ৰ সন্মুখিন হ’লেও তিনি উইকেটত বিজয় সাব্যষ্ট কৰিছিল আয়াৰলেণ্ডে। নীল অ’ব্ৰিয়েনে কৰিছিল ১০৭ টা বলত ৭২ ৰাণ।

 

২০১১ চনৰ বিশ্বকাপতো আয়াৰলেণ্ডে অঘটন ঘটাইছিল। হৰুৱাইছিল ইংলেণ্ডক। প্ৰথম ইনিংছত ৩২৭ ৰাণৰ কঠিন লক্ষ্য বান্ধি দিছিল আয়াৰলেণ্ডে। কিন্তু এই লক্ষ্য অতিক্ৰম কৰে দুৰ্বল দল আয়াৰলেণ্ডে। কেভিন অ’ব্ৰিয়েনে মাত্ৰ ৬৩টা বলত ১১৩ ৰাণৰ ইনিংছ খেলে।

 

২০১৫ চনত আয়াৰলেণ্ডৰ হাতত চিকাৰ হয় ৱেষ্ট ইণ্ডিজ। প্ৰথমে বেটিং কৰি ৱেষ্ট ইণ্ডিজে ৩০৪ ৰাণ সংগ্ৰহ কৰিছিল। লিণ্ডন ছিমনছৰ ১০২ ৰাণ, ডাৰেন ছামীৰ ৮৯ ৰাণ ইনিংছে ৱেষ্ট ইণ্ডিজক শক্তিশালী পৰ্যায়লৈ লৈ গৈছিল। কিন্তু ৩০৫ ৰাণৰ লক্ষ্য আয়াৰলেণ্ডে অতি সহজেই পাৰ কৰিছিল। ইয়াৰ মূলতে আছিল পল ষ্টাৰ্লিংঙ (৯২), এড জয়ছ (৮৪) আৰু নীল অ’ব্ৰিয়েন (৭৯)ৰ দুৰ্দান্ত প্ৰদৰ্শন।

 

এইবাৰৰ চলিত টি-২০ বিশ্বকাপত যোগ্যতা অৰ্জন পৰ্বৰ পৰাই বিদায় ল’লে ৱেষ্ট ইণ্ডিজে। দুবাৰৰ টি-২০ বিশ্বকাপ বিজয়ী ৱেষ্ট ইণ্ডিজে বিদায় লয় আয়াৰলেণ্ডৰ হাততে। প্রথমে বেটিং কৰি ৱেষ্ট ইণ্ডিজে ৫ উইকেটত সংগ্ৰহ কৰে মাত্ৰ ১৪৬ ৰাণ। আয়াৰলেণ্ডৰ হৈ গাৰেথ ডেলানীয়ে ৪ অভাৰত ১৬ ৰাণ দি সংগ্ৰহ কৰে ৩টাকৈ উইকেট। ফলত আয়াৰলেণ্ডে ১৪৭ ৰাণৰ লক্ষ্য অতি সহজেই পাৰ কৰে। দহ উইকেট আৰু পোন্ধৰটা বল বাকী থকা অৱস্থাতেই বিজয়ী সাব্যষ্ট কৰে দলটোৱে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু