--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  কেন্দ্ৰৰ বিৰুদ্ধে প্ৰতিশোধমূলক ৰাজনীতিৰ অভিযোগ! বিদ্ৰোহী নেতা একনাথ চিন্দে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ কেইঘণ্টামান পাছতে এনচিপিৰ মুৰব্বী শৰদ পাৱাৰ আয়কৰ বিভাগৰ নিৰীক্ষণৰ অধীনত আছে। আয়কৰ বিভাগে এনচিপি ৰ মুৰব্বীলৈ এখন জাননী প্ৰেৰণ কৰিছিল য'ত তেওঁ নিৰ্বাচনী শপতনামাক লৈ খেলিমেলি কৰাৰ অভিযোগ উত্থাপন কৰিছিল। মহাৰাষ্ট্ৰত নতুন চৰকাৰ গঠন হোৱাৰ কেইঘণ্টামান পাছত, আয়কৰ বিভাগে জাননী প্ৰেৰণ কৰাক লৈ যথেষ্ট চৰ্চাৰ  সৃষ্টি হৈছে। এইক্ষেত্ৰত কিছু মহলৰ পৰা প্ৰতিহিংসাৰ ৰাজনীতিৰ অভিযোগ উত্থাপিত হৈছে।

মহাৰাষ্ট্ৰত মিত্ৰজোঁটৰ চৰকাৰ গঠনত এনচিপি ৰ মুৰব্বীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। অন্তিম দিনলৈকে, শৰদ পাৱাৰে উদ্ধৱ চৰকাৰক বচাবলৈ নিৰন্তৰভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু সেই কাম কৰাৰ বাবেই তেওঁ আয়কৰৰ জাননী পাইছে বুলি এতিয়া একাংশই প্ৰশ্ন উত্থাপন কৰিছে। 

এনচিপি ৰ মুৰব্বীয়ে আয়কৰ জাননী পোৱাৰ পিছত কেন্দ্ৰক লক্ষ্য কৰি লৈছিল। এটা টুইটত পাৱাৰে জাননীখনক প্ৰেম পত্ৰ বুলি অভিহিত কৰি লিখিছিল, "মই এখন প্ৰেম পত্ৰ পাইছো। আয়কৰ বিভাগৰ পত্ৰখনত ২০০৪, ২০০৯, ২০১৪ আৰু ২০২০ চনত দাখিল কৰা নিৰ্বাচনী শপতনামা সম্পৰ্কীয় বিষয়বোৰ উল্লেখ কৰা হৈছে। তেওঁ ইয়াৰ বাবে সকলো তথ্য দিবলৈ সাজু বুলি তেওঁ উল্লেখ কৰে।

শৰদ পাৱাৰে মাৰাঠীত এটা টুইটযোগে আয়কৰ বিভাগক সমালোচনা কৰিছিল। তেওঁ অভিযোগ কৰে যে আয়কৰ বিভাগে কেৱল কেইজনমান লোকৰ কথাৰ ভিত্তিত জাননী খন প্ৰেৰণ কৰিছিল। শিৱসেনাত বিদ্ৰোহৰ পাছত, বিদ্ৰোহী নেতা আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী একনাথ চিন্দে, শৰদ পাৱাৰ আৰু কংগ্ৰেছ নেতাসকলক লক্ষ্য কৰি লৈছে। শিন্দে দাবী কৰিছিল যে এনচিপি আৰু কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ বাবে শিৱসেনাক এতিয়া একাংশই লক্ষ্য কৰি লৈছে।  অৱশ্যে, চিন্দেৰ সকলো দাবী বিৰোধীসকলে ভিত্তিহীন বুলি খাৰিজ কৰিছিল। দৰাচলতে, এনচিপি আৰু কংগ্ৰেছে কৈছিল যে চিন্দে শিবিৰে জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈ এই অভিযোগ উত্থাপন কৰিছে।

ইয়াৰ উপৰিও, মুখ্যমন্ত্ৰী চিন্দেকে ধৰি খাৰজীৰ ১৬ জন বিদ্ৰোহী শিৱসেনা বিধায়কৰ  পদ সন্দৰ্ভত উপাধ্যক্ষে জাৰি কৰা জাননীৰ আঁৰত শৰদ পাৱাৰ আছিল বুলি অভিযোগ কৰা হৈছে। গোচৰটো বৰ্তমান উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। গোচৰটোৰ শুনানি ১১ জুলাইত উচ্চতম ন্যায়ালয়ত হ'ব। যদি গোচৰটোৰ ৰায় চিন্দে শিবিৰৰ বিৰুদ্ধে যায়, তেন্তে মহাৰাষ্ট্ৰৰ ৰাজনীতিলৈ যেন পুনৰ সংকট আহিব, সেইয়া নিশ্চিত। ফলস্বৰূপে, আয়কৰ বিভাগৰ জাননীখনে পাৱাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব বুলি ধাৰণা কৰা হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ