--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  কেন্দ্ৰৰ বিৰুদ্ধে প্ৰতিশোধমূলক ৰাজনীতিৰ অভিযোগ! বিদ্ৰোহী নেতা একনাথ চিন্দে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ কেইঘণ্টামান পাছতে এনচিপিৰ মুৰব্বী শৰদ পাৱাৰ আয়কৰ বিভাগৰ নিৰীক্ষণৰ অধীনত আছে। আয়কৰ বিভাগে এনচিপি ৰ মুৰব্বীলৈ এখন জাননী প্ৰেৰণ কৰিছিল য'ত তেওঁ নিৰ্বাচনী শপতনামাক লৈ খেলিমেলি কৰাৰ অভিযোগ উত্থাপন কৰিছিল। মহাৰাষ্ট্ৰত নতুন চৰকাৰ গঠন হোৱাৰ কেইঘণ্টামান পাছত, আয়কৰ বিভাগে জাননী প্ৰেৰণ কৰাক লৈ যথেষ্ট চৰ্চাৰ  সৃষ্টি হৈছে। এইক্ষেত্ৰত কিছু মহলৰ পৰা প্ৰতিহিংসাৰ ৰাজনীতিৰ অভিযোগ উত্থাপিত হৈছে।

মহাৰাষ্ট্ৰত মিত্ৰজোঁটৰ চৰকাৰ গঠনত এনচিপি ৰ মুৰব্বীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। অন্তিম দিনলৈকে, শৰদ পাৱাৰে উদ্ধৱ চৰকাৰক বচাবলৈ নিৰন্তৰভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু সেই কাম কৰাৰ বাবেই তেওঁ আয়কৰৰ জাননী পাইছে বুলি এতিয়া একাংশই প্ৰশ্ন উত্থাপন কৰিছে। 

এনচিপি ৰ মুৰব্বীয়ে আয়কৰ জাননী পোৱাৰ পিছত কেন্দ্ৰক লক্ষ্য কৰি লৈছিল। এটা টুইটত পাৱাৰে জাননীখনক প্ৰেম পত্ৰ বুলি অভিহিত কৰি লিখিছিল, "মই এখন প্ৰেম পত্ৰ পাইছো। আয়কৰ বিভাগৰ পত্ৰখনত ২০০৪, ২০০৯, ২০১৪ আৰু ২০২০ চনত দাখিল কৰা নিৰ্বাচনী শপতনামা সম্পৰ্কীয় বিষয়বোৰ উল্লেখ কৰা হৈছে। তেওঁ ইয়াৰ বাবে সকলো তথ্য দিবলৈ সাজু বুলি তেওঁ উল্লেখ কৰে।

শৰদ পাৱাৰে মাৰাঠীত এটা টুইটযোগে আয়কৰ বিভাগক সমালোচনা কৰিছিল। তেওঁ অভিযোগ কৰে যে আয়কৰ বিভাগে কেৱল কেইজনমান লোকৰ কথাৰ ভিত্তিত জাননী খন প্ৰেৰণ কৰিছিল। শিৱসেনাত বিদ্ৰোহৰ পাছত, বিদ্ৰোহী নেতা আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী একনাথ চিন্দে, শৰদ পাৱাৰ আৰু কংগ্ৰেছ নেতাসকলক লক্ষ্য কৰি লৈছে। শিন্দে দাবী কৰিছিল যে এনচিপি আৰু কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ বাবে শিৱসেনাক এতিয়া একাংশই লক্ষ্য কৰি লৈছে।  অৱশ্যে, চিন্দেৰ সকলো দাবী বিৰোধীসকলে ভিত্তিহীন বুলি খাৰিজ কৰিছিল। দৰাচলতে, এনচিপি আৰু কংগ্ৰেছে কৈছিল যে চিন্দে শিবিৰে জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈ এই অভিযোগ উত্থাপন কৰিছে।

ইয়াৰ উপৰিও, মুখ্যমন্ত্ৰী চিন্দেকে ধৰি খাৰজীৰ ১৬ জন বিদ্ৰোহী শিৱসেনা বিধায়কৰ  পদ সন্দৰ্ভত উপাধ্যক্ষে জাৰি কৰা জাননীৰ আঁৰত শৰদ পাৱাৰ আছিল বুলি অভিযোগ কৰা হৈছে। গোচৰটো বৰ্তমান উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। গোচৰটোৰ শুনানি ১১ জুলাইত উচ্চতম ন্যায়ালয়ত হ'ব। যদি গোচৰটোৰ ৰায় চিন্দে শিবিৰৰ বিৰুদ্ধে যায়, তেন্তে মহাৰাষ্ট্ৰৰ ৰাজনীতিলৈ যেন পুনৰ সংকট আহিব, সেইয়া নিশ্চিত। ফলস্বৰূপে, আয়কৰ বিভাগৰ জাননীখনে পাৱাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব বুলি ধাৰণা কৰা হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক