--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আয়কৰ বিভাগে ৪৯ কোটি টকাৰ জৰিমনা বিহাৰ জাননী প্ৰেৰণ কৰিলে গুজৰাটৰ এগৰাকী সাধাৰণ চাহ দোকানীলৈ। যি কথা জনাৰ পাছত সকলো আচৰিত হৈ পৰিছে। 

চাহ বিক্ৰেতা খেমৰাজ দাৱেৰ একাউণ্টত ৩৪ কোটি টকাৰ অবৈধ লেনদেন সন্দৰ্ভত আয়কৰ বিভাগে এই জাননী প্ৰেৰণ কৰিছে।

ইয়াৰ আগতেও খেমৰাজ দাৱেক দুখন জাননী প্ৰেৰণ কৰা হৈছিল যদিও ইংৰাজী ভাষা নজনা বাবে তেওঁ সেইবোৰক আওকাণ কৰিছিল। ২০২৩ চনৰ আগষ্ট মাহত যেতিয়া তৃতীয়বাৰৰ বাবে জাননী আহিছিল, তেতিয়া তেওঁ উকীল সুৰেশ যোশীৰ ওচৰলৈ গৈছিল আৰু সমগ্ৰ বিষয়টোৰ বিষয়ে জানিব পাৰিছিল।

উকীল সুৰেশ যোশীয়ে কয় যে এই জাননীখন ২০১৪-১৫ আৰু ২০১৫-১৬ বিত্তীয় বৰ্ষত অবৈধ লেনদেনৰ বাবে তেওঁৰ ওপৰত জাৰি কৰা কৰ জৰিমনা সম্পৰ্কে প্ৰেৰণ কৰা হৈছে। অৱশ্যে তেওঁৰ একাউণ্টত তেনে কোনো লেনদেন নাছিল। সেইবাবে আয়কৰ বিষয়া এজনক লগ কৰি গোটেই কাহিনীটো ক’লে খেমৰাজ দাৱেই। তেতিয়া আয়কৰ বিষয়াগৰাকীয়ে তেওঁক ক’লে যে খেমৰাজ দাৱেৰ নামত আন কোনোবাই একাউণ্ট খুলি ব্যৱহাৰ কৰিছে।

ইয়াৰ পিছত খেমৰাজ দাৱে বুজি পালে যে এই কাম কোনে কৰিছে। প্ৰায় ১০ বছৰ ধৰি দুজন ভাই-ককাইয়ে তেওঁৰ পৰা চাহ খাইছিল। তেওঁলোকেই যে প্ৰৱঞ্চনা কৰিছে সেই কথা বুজি পালে খেমৰাজ দাৱে। খেমৰাজৰ নথি-পত্ৰৰ অপব্যৱহাৰ কৰিছিল ভাই-ককাইয়ে। ইয়াৰ পিছতে তেওঁ থানাত গোচৰ ৰুজু কৰে।

দাখিল কৰা এফ আই আৰ অনুসৰি বানাস্কান্তৰ কাংকৰেজৰ বাসিন্দা খেমৰাজ দাৱে ২০১৪ চনৰ পৰা পাটন ক’ম’ডিটি মাৰ্কেটত চাহৰ দোকান চলাই আহিছে। তেতিয়াৰ পৰাই তেওঁৰ দোকানৰ পৰা চাহ খাইছিল মেহছানাৰ বাসিন্দা আলপেশ পেটেল আৰু বিপুল পেটেল নামৰ দুই ভাই-ককাইয়ে।

২০১৪ চনত দাৱেই নিজৰ পেন কাৰ্ডক বেংক একাউণ্টৰ সৈতে লিংক কৰিবলৈ আলপেশৰ পৰা সহায় বিচাৰিছিল আৰু আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু আঠখন ফটো দিছিল। ইয়াৰ পাছত আলপেশে দাৱেৰ চাহৰ দোকানলৈ গৈ কেইবাখনো নথি-পত্ৰত চহী কৰাইছিল আৰু পিছত আয়কৰ বিভাগৰ নিয়মৰ উদ্ধৃতি দি ফটোকপি লৈ দাৱেৰ আধাৰ কাৰ্ডখন ঘূৰাই দিছিল।

আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে আস্থা ভংগ, প্ৰতাৰণা, জালিয়াতি, ভুৱা নথি-পত্ৰ প্ৰকৃত বুলি দাখিল কৰাকে ধৰি বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰিছে। তথ্য অনুসৰি দুয়োজন ভাতৃক জেৰা কৰা হৈছে যদিও এতিয়াও গ্ৰেপ্তাৰ হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু