--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আয়কৰ বিভাগে ৪৯ কোটি টকাৰ জৰিমনা বিহাৰ জাননী প্ৰেৰণ কৰিলে গুজৰাটৰ এগৰাকী সাধাৰণ চাহ দোকানীলৈ। যি কথা জনাৰ পাছত সকলো আচৰিত হৈ পৰিছে। 

চাহ বিক্ৰেতা খেমৰাজ দাৱেৰ একাউণ্টত ৩৪ কোটি টকাৰ অবৈধ লেনদেন সন্দৰ্ভত আয়কৰ বিভাগে এই জাননী প্ৰেৰণ কৰিছে।

ইয়াৰ আগতেও খেমৰাজ দাৱেক দুখন জাননী প্ৰেৰণ কৰা হৈছিল যদিও ইংৰাজী ভাষা নজনা বাবে তেওঁ সেইবোৰক আওকাণ কৰিছিল। ২০২৩ চনৰ আগষ্ট মাহত যেতিয়া তৃতীয়বাৰৰ বাবে জাননী আহিছিল, তেতিয়া তেওঁ উকীল সুৰেশ যোশীৰ ওচৰলৈ গৈছিল আৰু সমগ্ৰ বিষয়টোৰ বিষয়ে জানিব পাৰিছিল।

উকীল সুৰেশ যোশীয়ে কয় যে এই জাননীখন ২০১৪-১৫ আৰু ২০১৫-১৬ বিত্তীয় বৰ্ষত অবৈধ লেনদেনৰ বাবে তেওঁৰ ওপৰত জাৰি কৰা কৰ জৰিমনা সম্পৰ্কে প্ৰেৰণ কৰা হৈছে। অৱশ্যে তেওঁৰ একাউণ্টত তেনে কোনো লেনদেন নাছিল। সেইবাবে আয়কৰ বিষয়া এজনক লগ কৰি গোটেই কাহিনীটো ক’লে খেমৰাজ দাৱেই। তেতিয়া আয়কৰ বিষয়াগৰাকীয়ে তেওঁক ক’লে যে খেমৰাজ দাৱেৰ নামত আন কোনোবাই একাউণ্ট খুলি ব্যৱহাৰ কৰিছে।

ইয়াৰ পিছত খেমৰাজ দাৱে বুজি পালে যে এই কাম কোনে কৰিছে। প্ৰায় ১০ বছৰ ধৰি দুজন ভাই-ককাইয়ে তেওঁৰ পৰা চাহ খাইছিল। তেওঁলোকেই যে প্ৰৱঞ্চনা কৰিছে সেই কথা বুজি পালে খেমৰাজ দাৱে। খেমৰাজৰ নথি-পত্ৰৰ অপব্যৱহাৰ কৰিছিল ভাই-ককাইয়ে। ইয়াৰ পিছতে তেওঁ থানাত গোচৰ ৰুজু কৰে।

দাখিল কৰা এফ আই আৰ অনুসৰি বানাস্কান্তৰ কাংকৰেজৰ বাসিন্দা খেমৰাজ দাৱে ২০১৪ চনৰ পৰা পাটন ক’ম’ডিটি মাৰ্কেটত চাহৰ দোকান চলাই আহিছে। তেতিয়াৰ পৰাই তেওঁৰ দোকানৰ পৰা চাহ খাইছিল মেহছানাৰ বাসিন্দা আলপেশ পেটেল আৰু বিপুল পেটেল নামৰ দুই ভাই-ককাইয়ে।

২০১৪ চনত দাৱেই নিজৰ পেন কাৰ্ডক বেংক একাউণ্টৰ সৈতে লিংক কৰিবলৈ আলপেশৰ পৰা সহায় বিচাৰিছিল আৰু আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু আঠখন ফটো দিছিল। ইয়াৰ পাছত আলপেশে দাৱেৰ চাহৰ দোকানলৈ গৈ কেইবাখনো নথি-পত্ৰত চহী কৰাইছিল আৰু পিছত আয়কৰ বিভাগৰ নিয়মৰ উদ্ধৃতি দি ফটোকপি লৈ দাৱেৰ আধাৰ কাৰ্ডখন ঘূৰাই দিছিল।

আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে আস্থা ভংগ, প্ৰতাৰণা, জালিয়াতি, ভুৱা নথি-পত্ৰ প্ৰকৃত বুলি দাখিল কৰাকে ধৰি বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰিছে। তথ্য অনুসৰি দুয়োজন ভাতৃক জেৰা কৰা হৈছে যদিও এতিয়াও গ্ৰেপ্তাৰ হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ