--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এখন যাত্ৰীবাহী বিমান।  সোমবাৰে নিশা মুম্বাইৰ ঘাটকোপাৰৰ পন্তনগৰৰ লক্ষ্মী নগৰ অঞ্চলত এমিৰেটছৰ এখন বিমানে খুন্দা মৰাৰ ফলত কমেও ৪০  টা ফ্লেমিংগো চৰাইৰ মৃত্যু ঘটে। মুম্বাই বিমানবন্দৰৰ সূত্ৰই প্ৰকাশ কৰা মতে এমিৰেটছ এয়াৰলাইনছৰ বিমান ই কে ৫০৮ ৰ নিশা ৯.১৮ বজাত চৰাইৰ জাকটোৰ  সৈতে সংঘৰ্ষ হয়। 

ক্ষতিগ্ৰস্ত বিমানখনে মুম্বাই বিমানবন্দৰত সুৰক্ষিতভাৱে অৱতৰণ কৰিবলৈ সক্ষম হয় ।  অতিৰিক্ত মুখ্য বন সংৰক্ষক  এছ ৱাই ৰামা ৰাৱে কয়  যে অঞ্চলটোত ৪০ টা ফ্লেমিংগো মৃত অৱস্থাত পোৱা গৈছে। তেওঁ কয় যে এই চৰাইবোৰৰ  বিমানৰ খুন্দাত মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে। ঘটনাটোত আন কেইবাটাও  চৰাই আঘাতপ্ৰাপ্ত হৈছে। বন বিষয়াসকলে আঘাতপ্ৰাপ্ত  ফ্লেমিংগোৰ সন্ধানত  অঞ্চলটোত  অনুসন্ধান আৰম্ভ কৰিছে। মেংগ্ৰোভ সুৰক্ষা কোষৰ উপ সংৰক্ষক দীপক খাৰে কয়, "বিমানবন্দৰ কৰ্তৃপক্ষই নিশ্চিত কৰিছে যে বিমানখনৰ চৰাইৰ সৈতে সংঘৰ্ষ হৈছিল। 

ঘটনাটো লক্ষ্মী নগৰৰ (ঘাটকোপাৰৰ পূব উত্তৰ প্ৰান্ত) ওচৰত সংঘটিত হৈছিল। মেংগ্ৰোভ সুৰক্ষা কোষৰ ৰেঞ্জ বন বিষয়া প্ৰশান্ত বাহাদুৰে কয়, "মই বিমানবন্দৰলৈ গৈছিলো, কিন্তু তেওঁলোকে মোক প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নাছিল। বিমানবন্দৰ কৰ্তৃপক্ষই আমাক জনাইছে যে এই ফ্লেমিংগোবোৰৰ এমিৰেটছৰ এখন বিমানৰ সৈতে সংঘৰ্ষ হৈছিল। আমি এই বিষয়ে স্থানীয় বাসিন্দাসকলৰ পৰা  ফোন পাইছিলো। ঘটনাটো সন্ধিয়া ৮.৪০ বজাৰ পৰা সন্ধিয়া ৮.৫০ বজাৰ ভিতৰত সংঘটিত হৈছিল  বুলি ধাৰণা কৰা হৈছে। এনজিঅ' বানশক্তিৰ  পৰিৱেশবিদ ডি ষ্টালিনে  কয়, "মই ভাবো অভয়াৰণ্য অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা নতুন বিদ্যুতৰ লাইনবোৰে চৰাইবোৰক বিভ্ৰান্ত কৰি তুলিছে।  বন্যপ্ৰাণী পৰিষদে বিদ্যুতৰ লাইনৰ অনুমতি দিয়াৰ সময়ত বিদ্যুৎ কোম্পানীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। থানেৰ ক্ৰীক বন্যপ্ৰাণী অভয়াৰণ্যখনত  টাৱাৰটো নিৰ্মাণ কৰা হৈছে। সেইবাবেই চৰাইবোৰৰ আশ্ৰয়স্থল নোহোৱা হৈছে। '

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ