--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এখন যাত্ৰীবাহী বিমান।  সোমবাৰে নিশা মুম্বাইৰ ঘাটকোপাৰৰ পন্তনগৰৰ লক্ষ্মী নগৰ অঞ্চলত এমিৰেটছৰ এখন বিমানে খুন্দা মৰাৰ ফলত কমেও ৪০  টা ফ্লেমিংগো চৰাইৰ মৃত্যু ঘটে। মুম্বাই বিমানবন্দৰৰ সূত্ৰই প্ৰকাশ কৰা মতে এমিৰেটছ এয়াৰলাইনছৰ বিমান ই কে ৫০৮ ৰ নিশা ৯.১৮ বজাত চৰাইৰ জাকটোৰ  সৈতে সংঘৰ্ষ হয়। 

ক্ষতিগ্ৰস্ত বিমানখনে মুম্বাই বিমানবন্দৰত সুৰক্ষিতভাৱে অৱতৰণ কৰিবলৈ সক্ষম হয় ।  অতিৰিক্ত মুখ্য বন সংৰক্ষক  এছ ৱাই ৰামা ৰাৱে কয়  যে অঞ্চলটোত ৪০ টা ফ্লেমিংগো মৃত অৱস্থাত পোৱা গৈছে। তেওঁ কয় যে এই চৰাইবোৰৰ  বিমানৰ খুন্দাত মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে। ঘটনাটোত আন কেইবাটাও  চৰাই আঘাতপ্ৰাপ্ত হৈছে। বন বিষয়াসকলে আঘাতপ্ৰাপ্ত  ফ্লেমিংগোৰ সন্ধানত  অঞ্চলটোত  অনুসন্ধান আৰম্ভ কৰিছে। মেংগ্ৰোভ সুৰক্ষা কোষৰ উপ সংৰক্ষক দীপক খাৰে কয়, "বিমানবন্দৰ কৰ্তৃপক্ষই নিশ্চিত কৰিছে যে বিমানখনৰ চৰাইৰ সৈতে সংঘৰ্ষ হৈছিল। 

ঘটনাটো লক্ষ্মী নগৰৰ (ঘাটকোপাৰৰ পূব উত্তৰ প্ৰান্ত) ওচৰত সংঘটিত হৈছিল। মেংগ্ৰোভ সুৰক্ষা কোষৰ ৰেঞ্জ বন বিষয়া প্ৰশান্ত বাহাদুৰে কয়, "মই বিমানবন্দৰলৈ গৈছিলো, কিন্তু তেওঁলোকে মোক প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নাছিল। বিমানবন্দৰ কৰ্তৃপক্ষই আমাক জনাইছে যে এই ফ্লেমিংগোবোৰৰ এমিৰেটছৰ এখন বিমানৰ সৈতে সংঘৰ্ষ হৈছিল। আমি এই বিষয়ে স্থানীয় বাসিন্দাসকলৰ পৰা  ফোন পাইছিলো। ঘটনাটো সন্ধিয়া ৮.৪০ বজাৰ পৰা সন্ধিয়া ৮.৫০ বজাৰ ভিতৰত সংঘটিত হৈছিল  বুলি ধাৰণা কৰা হৈছে। এনজিঅ' বানশক্তিৰ  পৰিৱেশবিদ ডি ষ্টালিনে  কয়, "মই ভাবো অভয়াৰণ্য অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা নতুন বিদ্যুতৰ লাইনবোৰে চৰাইবোৰক বিভ্ৰান্ত কৰি তুলিছে।  বন্যপ্ৰাণী পৰিষদে বিদ্যুতৰ লাইনৰ অনুমতি দিয়াৰ সময়ত বিদ্যুৎ কোম্পানীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। থানেৰ ক্ৰীক বন্যপ্ৰাণী অভয়াৰণ্যখনত  টাৱাৰটো নিৰ্মাণ কৰা হৈছে। সেইবাবেই চৰাইবোৰৰ আশ্ৰয়স্থল নোহোৱা হৈছে। '

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু