--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ জয়পুৰত সংঘটিত হৈছে এক অঘটন। আয়ুৰ্বেদিক মালিচ দিবলৈ আহি জয়পুৰৰ জবনেছ বাগৰ নামৰ হোটেলত নেডাৰলেণ্ডৰ যুৱতীক ধৰ্ষণ কৰিলে কেৰালাৰ এজন যুৱকে। নেডাৰলেণ্ডৰ যুৱতীগৰাকী ৰাজস্থান ভ্ৰমণ কৰিবলৈ আহিছিল। ৩১ বছৰীয়া যুৱতীগৰাকীয়ে বিজু মুৰুলীধৰণ নামৰ এজন যুৱকক আয়ুৰ্বেদিক মালিচৰ বাবে ফোন কৰাৰ পাছতে যুৱকজনে হোটেললৈ আহি যুৱতীগৰাকী ধৰ্ষণ কৰে। যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত সিন্ধি শিবিৰ আৰক্ষী থানাত ধৰ্ষণৰ এটা গোচৰ ৰুজু কৰা হৈছে। অভিযোগৰ চাৰি ঘণ্টাৰ ভিতৰতে কেৰালাৰ বাসিন্দা অভিযুক্ত ধৰ্ষণকাৰীজনক গ্ৰেপ্তাৰ কৰা হৈছে। জানিব পৰা গৈছে যে বিজু মুৰুলীধৰণে জয়পুৰৰ খাতিপুৰা অঞ্চলৰ এটা ভাড়াঘৰত থাকে আৰু জয়পুৰৰ বিভিন্ন গ্ৰাহকক আয়ুৰ্বেদিক মালিচ প্ৰদান কৰে। ইতিমধ্যে যুৱতীগৰাকীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন হৈছে আৰু ধৰ্ষণৰ অভিযোগ সন্দৰ্ভত অভিযুক্ত বিজু মুৰুলীধৰণক সোধ-পোছ অব্যাহত ৰাখিছে। বিজু মুৰুলীধৰণৰ প্ৰকৃত ঘৰ কেৰালাত। ঘটনাটোৰ পিছত জয়পুৰৰ পৰা পলাই কেৰালালৈ পলাই যাবলৈ চেষ্টা কৰি আছিল যুৱকজনে। আৰক্ষীয়ে বৰ্তমান অভিযুক্তজনক জেৰা কৰি আছে। আৰু পঢ়কঃ পৰিচালক গিৰিশ মালিকৰ ঘৰত কান্দোনৰ ৰোল! হোলীৰ দিনা ১৭ বছৰীয়া পুত্ৰৰ আকস্মিক মৃত্যু BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন