--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰঙৰ উৎসৱ হোলীত সকলোৱে ইজনে সিজনৰ জীৱনটো ৰঙীন হোৱাৰ কামনাৰে শুভকামনা যাছে। কিন্তু হোলীৰ দিনাই সংঘটিত হোৱা এটা ঘটনাই সচকিত কৰি তুলিলে সকলোকে। ফাকুৰ ৰঙৰ সলনি তেজেৰে ৰাঙলী হ'ল এখন ঠাই। এই ঘটনা প্ৰয়াগৰাজৰ। দুটা পক্ষৰ মাজত হোৱা সংঘৰ্ষৰ ফলত দুজন লোকে মৃত্যুক সাবটি ল'লে। ঘটনাৰ বিৱৰণী অনুসৰি এজন ব্যক্তিয়ে সুৰাৰ ৰাগীত মাতাল হৈ প্ৰতিৱেশীৰ সৈতে কাজিয়াত লিপ্ত হয়। পৰৱৰ্তী সময়ত এই কাজিয়াই ভয়ংকৰ ৰূপ লোৱাত এজন যুৱকে প্ৰথমে তেওঁৰ চুবুৰীয়াক গুলীয়াই হত্যা কৰে। ইয়াৰ পাছতে, স্থানীয় লোকে অভিযুক্তজনক ঘটনাস্থলীতেই পৰা ধৰা পেলায় আৰু তেওঁক তীব্ৰভাৱে প্ৰহাৰ কৰে। গুৰুতৰভাৱে আহত অভিযুক্তজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও তেওঁৰ মৃত্যু হয়। এই ক্ষেত্ৰত স্থানীয় আৰক্ষীৰ অৱহেলাৰ অভিযোগো পোহৰলৈ আহিছে। এছএছপি অজয় কুমাৰে প্ৰাথমিক তদন্তৰ পিছত এছএইচঅ' আৰু আউটপ'ষ্টৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে ছয়জন আৰক্ষীক নিলম্বন কৰিছে। গোচৰটোত অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিবলৈ পাঁচটা দল গঠন কৰা হৈছে। গোচৰটো চহৰখনৰ জৰ্জটাউন আৰক্ষী থানা অঞ্চলৰ আল্লাপুৰ অঞ্চলত সংঘটিত হৈছে। আবেলি প্ৰায় ৩ বজাত পুৰণি বিবাদত দুয়োটা পক্ষৰ মাজত কাজিয়া হৈছিল। সুৰাৰ নিচাত তেওঁক প্ৰহাৰ কৰা হৈছিল। আক্ৰমণৰ বিষয়ে অৱগত হোৱাৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিল। কিন্তু কোনো পদক্ষেপ লোৱাৰ পৰিৱৰ্তে তেওঁলোকে দুয়োপক্ষক বুজাই-বঢ়াই সমিলমিল কৰাই ঘটনাস্থলীৰ পৰা উভতি গৈছিল। আৰক্ষীয়ে এৰি যোৱাৰ পাছত সন্ধিয়া প্ৰায় ৫ বজাত সঞ্জয় নামৰ এজন যুৱকে তেওঁৰ চুবুৰীয়া ৰাহুলক গুলীয়াই হত্যা কৰে। গুলী লগাৰ ফলত ঘটনাস্থলীতেই ৰাহুলৰ মৃত্যু হয়। ইয়াৰ পিছত স্থানীয় লোকে অভিযুক্ত সঞ্জয়ক ঘটনাস্থলীত ধৰি প্ৰহাৰ কৰে৷ প্ৰহাৰ কৰাৰ ফলত সঞ্জয়ৰো চিকিৎসালয়লৈ নিয়াৰ সময়ত মৃত্যু হয়৷ দ্বৈত হত্যাকাণ্ডৰ চাঞ্চল্যকৰ ঘটনাৰ পিছত, অঞ্চলটোত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। জ্যেষ্ঠ বিষয়াসকলৰ লগতে কেইবাটাও আৰক্ষীদল ঘটনাস্থলীত উপস্থিত হয়। গোটেই অঞ্চলটো এটা সেনানিবাসলৈ পৰিৱৰ্তন কৰা হৈছিল যাতে বিবাদটো হোলী উৎসৱত ডাঙৰ হুলস্থুলৰ কাৰণ হৈ নপৰে। এছএছপি অজয় কুমাৰে গোচৰটোত স্থানীয় আৰক্ষীৰ অৱহেলাৰ বাবে জৰ্জটাউন আৰক্ষী থানা আৰু আউটপ'ষ্টৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে ছয়জন আৰক্ষীক নিলম্বন কৰিছে। তেওঁৰ মতে, গোটেই বিষয়টো গভীৰভাৱে অনুসন্ধান কৰা হৈছে। দ্বৈত হত্যাকাণ্ডৰ অভিযুক্ত আৰু আইন-শৃংখলা বজাই ৰখাত অৱহেলা কৰা সকলোৰে বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অৱশ্যে ঘটনাস্থলীত কোনো উত্তেজনাৰ পৰিস্থিতি নাই। আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষা গৃহলৈ প্ৰেৰণ কৰিছে। prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন