--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় দলটোৱে ১৮ আগষ্টৰ পৰা আয়াৰলেণ্ডৰ বিৰুদ্ধে ৩ খন খেলৰ টি-২০ শৃংখলা খেলিব । এই শৃংখলাৰ  বাবে এইবেলি  বহু যুৱ খেলুৱৈক টীম ইণ্ডিয়াত সুযোগ দিয়া হৈছে।  আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া খেলুৱৈসকলে  ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ শৃংখলাত খেলাৰ  সুযোগ পোৱা নাছিল। আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলাৰ সুযোগ পোৱা খেলুৱৈসকলৰ ভিতৰত  বাওঁহতীয়া বিস্ফোৰক বেটছমেন ৰিংকু সিঙো আছে।  

ৰিংকুৱে  আই পি এলৰ ১৬  সংখ্যক  ছিজনত সুন্দৰ প্ৰদৰ্শন কৰিছিল। তেওঁ টি-২০ শৃংখলাৰ প্ৰথমখন খেলত খেলাটো  প্ৰায় নিশ্চিত। বিচিচিআইয়ে প্ৰকাশ কৰা এক বিশেষ ভিডিঅ'ত ৰিংকুৱে কয় যে তেওঁ ভাৰতৰ হৈ খেলিবলৈ পাই  অত্যন্ত সুখী। তেওঁ কয় যে তেওঁৰ মাকৰ সপোন পূৰণ হৈছে। 

 আইপিএলৰ এখন  খেলত গুজৰাট টাইটানছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছে যি অকল্পনীয় বিজয় সাৱস্ত্য কৰিবলৈ সক্ষম হৈছিল তাৰ আঁৰৰ ব্যক্তি জনেই  আছিল ৰিংকু। 

বিজয়ৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছক প্ৰয়োজন হৈছিল ২৯ ৰানৰ, হাতত আছিল মাত্ৰ ছটা বল। সেই ছটা বলৰেই পাঁচটাই ছিক্স কোবাই ৰিংকুৱে ৩১ ৰান কৰিবলৈ সক্ষম হৈছিল। ফলত অকল্পনীয়ভাবে বিজয়ৰ সোৱাদ লাভ কৰিছিল কলকাতা নাইট ৰাইডাৰ্ছে। লগে লগে দেশৰ ক্ৰিকেট ইতিহাসত নাম খোদিত হৈছিল ৰিংকুৰ।  উল্লেখ ইয়াৰ আগতে ২০ অভাৰৰ খেলত  কোনো খেলুৱৈয়েই এনেদৰে একেৰাহে পাঁটটা বলত ছিক্সাৰ কোবোৱা নাছিল।  আইপিএলৰো ইতিহাসত ৰিংকুৰ নাম সোণালী আখৰেৰে খোদিত হৈ ৰ’ব। 

বিজয়ৰ এনে অকল্পনীয় ঘটনাৰে  নায়ক হৈ পৰা  ৰিংকু সিঙৰ ঘৰ  উত্তৰ প্ৰদেশৰ আলিগড়ত।  এটা দুখীয়া পৰিয়ালৰ সন্তান ৰিংকু। সৰুৰে পৰাই কেৱল অভাৱৰ সৈতে সহাৱস্থান কৰা ৰিংকুৱে পিছে নিজকে অভাৱে গ্ৰাস কৰিবলৈ দিয়া নাছিল। অভাৱক প্ৰত্যাহ্বান হিচাবে লৈ আগুৱাই গৈছিল ৰিংকু।

  ৰিংকুৰ পিতৃয়ে লোকৰ  ঘৰে ঘৰে গেছ চিলিণ্ডাৰ বিতৰণ কৰি পৰিয়ালটো পোহপাল দি আহিছে। ক্ৰিকেটৰ প্ৰতি ধাউতি থকা ৰিংকুৱে বহু পৰিশ্ৰমৰ অন্তত উত্তৰ প্ৰদেশৰ অনুৰ্ধ-১৯ দলৰ এজন খেলুৱৈ হিচাপে খেলাৰ সুবিধা পাইছিল। খেলৰ লগতে আজৰি পালেই তেওঁ লোকৰ ঘৰত কাম-বন কৰিও দুপইচা উলিয়াইছিল। নিজৰ জীৱন সংগ্ৰামৰ কথা মনত ৰাখিয়েই ৰিংকুৱে তেওঁৰ সাফল্যক সকলো সংগ্ৰামী লোকৰ বাবে  উচৰ্গা কৰি আহিছে।  









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস