--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত পুনৰ সংঘটিত হৈছে সাংবাদিক নিগ্ৰহৰ ঘটনা৷বিহাৰৰ আৰৰিয়া জিলাৰ এজন স্থানীয় সাংবাদিকক আজি পুৱা নিজ ঘৰত অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰে বুলি বিহাৰ আৰক্ষীয়ে জানিবলৈ দিয়ে। ৰাণীগঞ্জ বজাৰ এলেকাত সংঘটিত হৈছে এই ঘটনা। মুখ্যমন্ত্রী নীতিশ কুমাৰে ইয়াক দুখৰ খবৰ বুলি অভিহিত কৰি কয় যে এই খবৰ শুনি তেওঁ তৎক্ষণাত বিষয়াসকলক এই অপৰাধৰ তদন্ত কৰিবলৈ নির্দেশ দিয়ে৷ 

আৰক্ষীয়ে জনোৱা মতে, ৩৫ বছৰীয়া বিমল কুমাৰ যাদৱে দৈনিক জাগৰণ কাকতত স্থানীয় সাংবাদিক হিচাপে কাম কৰিছিল। পুৱা প্ৰায় ৫:৩০ বজাত বন্দুকধাৰীয়ে তেওঁৰ দুৱাৰত টুকুৰিয়াই তেওঁৰ নাম মাতিছিল, আৰু দুৱাৰখন খোলাৰ লগে লগে তেওঁক গুলীয়াই হত্যা কৰিছিল বুলি তেওঁলোকে জানিবলৈ দিয়ে।

স্থানীয় আৰক্ষী থানাৰ মুৰব্বীজনে পুৱা প্ৰায় ৫:৩৫ বজাত স্থানত উপস্থিত হৈ বিষয়টোৰ তদন্ত কৰে। আৰক্ষী অধীক্ষক গৰাকীয়েও সেই স্থান পৰিদৰ্শন কৰে।ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে আৰু ঘটনাস্থলীত ফৰেনছিক দল আৰু কুকুৰৰ দলক প্ৰেৰণ কৰা হয়।

প্ৰাথমিক তদন্তৰ পৰা অনুমান কৰা হৈছে যে তেওঁৰ ওচৰ-চুবুৰীয়াৰ সৈতে পুৰণি শত্ৰুতাই এই কাণ্ডৰ কাৰণ হ’ব পাৰে।দুবছৰ পূৰ্বেও একে ধৰণেৰে হত্যা কৰা হৈছিল সৰপঞ্চৰ ভাতৃক। এই গোচৰৰ মূল সাক্ষী আছিল বিমল কুমাৰ যাদৱ, আৰু তেওঁৰ হত্যাকাণ্ডৰ সৈতে এই ঘটনাৰ সম্পৰ্ক থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে। অভিযোগ অনুসৰি ভাবুকি দিয়াৰ পাছতো চলি থকা আদালতৰ বিচাৰৰ সময়ত যাদৱে ভাতৃৰ হত্যাকাৰীৰ বিৰুদ্ধে সাক্ষ্য দিছিল।

ইপিনে বিৰোধীয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰি দাবী কৰে যে এই কাণ্ডই দেখুৱাইছে যে “বিহাৰত গণতন্ত্ৰ বিপদত পৰিছে”। বিহাৰত সাংবাদিককে ধৰি নিৰীহ নাগৰিক আনকি আৰক্ষী জোৱানকো হত্যা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰি ৰাজ্যিক বিজেপিৰ সভাপতি সম্ৰাট চৌধুৰীয়ে কয় যে অপৰাধীয়ে মুক্তভাৱে ঘূৰি ফুৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা