--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত পুনৰ সংঘটিত হৈছে সাংবাদিক নিগ্ৰহৰ ঘটনা৷বিহাৰৰ আৰৰিয়া জিলাৰ এজন স্থানীয় সাংবাদিকক আজি পুৱা নিজ ঘৰত অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰে বুলি বিহাৰ আৰক্ষীয়ে জানিবলৈ দিয়ে। ৰাণীগঞ্জ বজাৰ এলেকাত সংঘটিত হৈছে এই ঘটনা। মুখ্যমন্ত্রী নীতিশ কুমাৰে ইয়াক দুখৰ খবৰ বুলি অভিহিত কৰি কয় যে এই খবৰ শুনি তেওঁ তৎক্ষণাত বিষয়াসকলক এই অপৰাধৰ তদন্ত কৰিবলৈ নির্দেশ দিয়ে৷ 

আৰক্ষীয়ে জনোৱা মতে, ৩৫ বছৰীয়া বিমল কুমাৰ যাদৱে দৈনিক জাগৰণ কাকতত স্থানীয় সাংবাদিক হিচাপে কাম কৰিছিল। পুৱা প্ৰায় ৫:৩০ বজাত বন্দুকধাৰীয়ে তেওঁৰ দুৱাৰত টুকুৰিয়াই তেওঁৰ নাম মাতিছিল, আৰু দুৱাৰখন খোলাৰ লগে লগে তেওঁক গুলীয়াই হত্যা কৰিছিল বুলি তেওঁলোকে জানিবলৈ দিয়ে।

স্থানীয় আৰক্ষী থানাৰ মুৰব্বীজনে পুৱা প্ৰায় ৫:৩৫ বজাত স্থানত উপস্থিত হৈ বিষয়টোৰ তদন্ত কৰে। আৰক্ষী অধীক্ষক গৰাকীয়েও সেই স্থান পৰিদৰ্শন কৰে।ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে আৰু ঘটনাস্থলীত ফৰেনছিক দল আৰু কুকুৰৰ দলক প্ৰেৰণ কৰা হয়।

প্ৰাথমিক তদন্তৰ পৰা অনুমান কৰা হৈছে যে তেওঁৰ ওচৰ-চুবুৰীয়াৰ সৈতে পুৰণি শত্ৰুতাই এই কাণ্ডৰ কাৰণ হ’ব পাৰে।দুবছৰ পূৰ্বেও একে ধৰণেৰে হত্যা কৰা হৈছিল সৰপঞ্চৰ ভাতৃক। এই গোচৰৰ মূল সাক্ষী আছিল বিমল কুমাৰ যাদৱ, আৰু তেওঁৰ হত্যাকাণ্ডৰ সৈতে এই ঘটনাৰ সম্পৰ্ক থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে। অভিযোগ অনুসৰি ভাবুকি দিয়াৰ পাছতো চলি থকা আদালতৰ বিচাৰৰ সময়ত যাদৱে ভাতৃৰ হত্যাকাৰীৰ বিৰুদ্ধে সাক্ষ্য দিছিল।

ইপিনে বিৰোধীয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰি দাবী কৰে যে এই কাণ্ডই দেখুৱাইছে যে “বিহাৰত গণতন্ত্ৰ বিপদত পৰিছে”। বিহাৰত সাংবাদিককে ধৰি নিৰীহ নাগৰিক আনকি আৰক্ষী জোৱানকো হত্যা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰি ৰাজ্যিক বিজেপিৰ সভাপতি সম্ৰাট চৌধুৰীয়ে কয় যে অপৰাধীয়ে মুক্তভাৱে ঘূৰি ফুৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস