--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিশা এখন বাৰৰ বাহিৰত  তিনিগৰাকী সুৰাসক্ত যুৱতীয়ে সৃষ্টি কৰিছিল অপ্ৰীতিকৰ পৰিস্থিতি। পিছে পৰিস্থিতি চম্ভালিবলৈ আহি তিনি যুৱতীৰ আক্ৰমণৰ বলি হ’বলগীয়া হ’ল খোদ আৰক্ষী। যুৱতীকেইগৰাকীয়ে  আৰক্ষীৰ পোছাক ছিঙি পোলোৱাৰো অভিযোগ উত্থাপিত হৈছে।ঘটনাটো মহাৰাষ্ট্ৰৰ বিৰাৰত সংঘটিত হৈছে। অঞ্চলটোৰ এখন বাৰৰ বাহিৰত কেইগৰাকীমান যুৱতীয়ে চিঞৰি আছিল। 

তেওঁলোকেও অশ্লীল শব্দৰে কাৰোবাক গালি পাৰি আছিল। সেই সময়তে অঞ্চলটোত টহল দি  থকা  আৰক্ষীয়ে যুৱতীকেইগৰাকীক  দেখি ঘটনাস্থলীত ৰৈছিল। আৰক্ষীয়ে  যুৱতীকেইগৰাকী  তেনে আচৰণ নকৰিবলৈ কৈছিল। কিন্তু যুৱতীকেইগৰাকীয়ে আৰক্ষীৰ কথা শুনা নাছিল। তেওঁলোকে আৰক্ষীৰ সৈতে তৰ্কত লিপ্ত হৈছিল আৰু আৰক্ষীক আক্ৰমণ কৰিছিল।  ঘটনাটোৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈছিল। অৱশ্যে প্ৰাগ নিউজ ডিজিটেলে ভিডিঅ'টোৰ সত্যতা পৰীক্ষা কৰি চোৱা নাই। ভাইৰেল ভিডিঅ'টোত, অভিযুক্ত যুৱতীকেইগৰাকীয়ে আৰক্ষীক  দুৰ্ব্যৱহাৰ কৰা দেখা গৈছে। খবৰ  পোৱাৰ পিছত মহিলা আৰক্ষীও ঘটনাস্থলীত উপস্থিত হয়।

আৰক্ষীয়ে জনোৱা অনুসৰি  বিৰাৰৰ এখন বাৰৰ বাহিৰত যুৱতীৰ  দুটা গোটৰ মাজত বিবাদ হৈছিল। কাজিয়া  বন্ধ কৰিবলৈ চেষ্টা কৰোঁতে আৰক্ষীক যুৱতীকেইগৰাকীয়ে  আক্ৰমণ কৰে। আৰক্ষীয়ে এই সন্দৰ্ভত তিনিগৰাকী যুৱতীক  গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে   ভাৰতীয় দণ্ডবিধিৰ ৩৫৩, ৩২৩, ৩৩২, ৫০৪ আৰু ৫০৬ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement