--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিশা এখন বাৰৰ বাহিৰত  তিনিগৰাকী সুৰাসক্ত যুৱতীয়ে সৃষ্টি কৰিছিল অপ্ৰীতিকৰ পৰিস্থিতি। পিছে পৰিস্থিতি চম্ভালিবলৈ আহি তিনি যুৱতীৰ আক্ৰমণৰ বলি হ’বলগীয়া হ’ল খোদ আৰক্ষী। যুৱতীকেইগৰাকীয়ে  আৰক্ষীৰ পোছাক ছিঙি পোলোৱাৰো অভিযোগ উত্থাপিত হৈছে।ঘটনাটো মহাৰাষ্ট্ৰৰ বিৰাৰত সংঘটিত হৈছে। অঞ্চলটোৰ এখন বাৰৰ বাহিৰত কেইগৰাকীমান যুৱতীয়ে চিঞৰি আছিল। 

তেওঁলোকেও অশ্লীল শব্দৰে কাৰোবাক গালি পাৰি আছিল। সেই সময়তে অঞ্চলটোত টহল দি  থকা  আৰক্ষীয়ে যুৱতীকেইগৰাকীক  দেখি ঘটনাস্থলীত ৰৈছিল। আৰক্ষীয়ে  যুৱতীকেইগৰাকী  তেনে আচৰণ নকৰিবলৈ কৈছিল। কিন্তু যুৱতীকেইগৰাকীয়ে আৰক্ষীৰ কথা শুনা নাছিল। তেওঁলোকে আৰক্ষীৰ সৈতে তৰ্কত লিপ্ত হৈছিল আৰু আৰক্ষীক আক্ৰমণ কৰিছিল।  ঘটনাটোৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈছিল। অৱশ্যে প্ৰাগ নিউজ ডিজিটেলে ভিডিঅ'টোৰ সত্যতা পৰীক্ষা কৰি চোৱা নাই। ভাইৰেল ভিডিঅ'টোত, অভিযুক্ত যুৱতীকেইগৰাকীয়ে আৰক্ষীক  দুৰ্ব্যৱহাৰ কৰা দেখা গৈছে। খবৰ  পোৱাৰ পিছত মহিলা আৰক্ষীও ঘটনাস্থলীত উপস্থিত হয়।

আৰক্ষীয়ে জনোৱা অনুসৰি  বিৰাৰৰ এখন বাৰৰ বাহিৰত যুৱতীৰ  দুটা গোটৰ মাজত বিবাদ হৈছিল। কাজিয়া  বন্ধ কৰিবলৈ চেষ্টা কৰোঁতে আৰক্ষীক যুৱতীকেইগৰাকীয়ে  আক্ৰমণ কৰে। আৰক্ষীয়ে এই সন্দৰ্ভত তিনিগৰাকী যুৱতীক  গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে   ভাৰতীয় দণ্ডবিধিৰ ৩৫৩, ৩২৩, ৩৩২, ৫০৪ আৰু ৫০৬ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু