--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে বাৰাণসী লোকসভা আসনৰ বাবে আনুষ্ঠানিকভাৱে মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিলৰ নিয়ম অনুসৰি প্ৰাৰ্থীএগৰাকীৰ নাম কোনোবাই প্ৰস্তাৱ কৰিলেহে তেওঁ মনোনয়ন দাখিল কৰিব পাৰে। সেইমৰ্মে  চাৰিগৰাকী প্ৰস্তাৱকে মোদীৰ মনোনয়নৰ প্ৰস্তাৱ দাখিল কৰে। মোদীৰ মনোনয়নৰ প্ৰস্তাৱ দাখিল কৰা ব্যক্তিসকল কোন বাৰু?  

 বাৰানসীত মোদীৰ মনোনয়নৰ  প্ৰস্তাৱকসকলৰ ভিতৰত আছিল জ্যোতিষ শাস্ত্ৰী শাস্ত্ৰী দ্ৰাবিড়, যি কেৱল জ্যোতিষশাস্ত্ৰতে  নহয়, আন বহু বিষয়তে আছে তেওঁৰ অগাধ জ্ঞান। ৰাম জনমভূমিৰ আধাৰশিলা স্থাপন আৰু ৰাম লাল্লাৰ অভিষেকৰ সময়তো তেওঁ উপস্থিত আছিল।  মোদাৰ মনোনয়নৰ প্ৰল্তাৱকসকলৰ ভিতৰত আন এগৰাকী আছিল লালচান্দ কুশৱাহা,  ৬৫  বছৰীয়া কুশৱাহা এগৰাকী কাপোৰৰ  দোকানৰ গৰাকী আৰু এজন প্ৰবীণ ব্যক্তি।তেওঁ   কেণ্ট বিধানসভা অঞ্চলৰ বিজেপি সদস্য।  অ'বিচি লোকসকলৰ হৈ তেওঁ মোদীক  সমৰ্থন জনাইছে।

 মোদীৰ মননয়নৰ আন এগৰাকী প্ৰস্তাৱক আছিল ৫০ বছৰীয়া  দলৰ জিলা গোটৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা সঞ্জয় সোনকাৰ । মহানগৰ উত্তৰ বিধানসভা অঞ্চলৰ  সোনকাৰে  দলিত সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰি মোদীক সমৰ্থন জনাইছে।  সেৱাপুৰীৰ বৈজনাথ পেটেল হৈছে প্ৰধানমন্ত্ৰী মোদীৰ মনোনয়নৰ  প্ৰস্তাৱ দিয়া চতুৰ্থগৰাকী ব্যক্তি।  পেটেল  বাৰানসীৰ  বিভিন্ন বিভিন্ন সম্প্ৰদায়ৰ লোকৰ হৈ মোদীৰ নাম প্ৰস্তাৱ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ