--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবাহ বাৰ্ষিকীৰ দিনাই পত্নীক বিষাক্ত পদাৰ্থ খুওৱাৰ অভিযোগ উত্থাপন হৈছে এজন স্বামীৰ বিৰুদ্ধে। পত্নীয়ে কয় যে তেওঁৰ স্বামীয়ে যৌতুকৰ বাবে তেওঁক মাৰপিট কৰে আৰু তেওঁৰ আন এগৰাকী মহিলাৰ সৈতেও প্ৰেমৰ সম্পৰ্ক আছে। মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, বৰ্তমান তেওঁ সংকটমুক্ত। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মেৰুটত।

২ বছৰ পূৰ্বে গটকা গাঁৱৰ বাসিন্দা জ্যোতিৰ বিবাহ হৈছিল নাহলী গাঁৱৰ বাসিন্দা বিকাশৰ সৈতে। দুয়োৰে এবছৰীয়া সন্তানো আছে। জ্যোতিৰ অভিযোগ যে দেওবাৰে আছিল তেওঁলোকৰ দ্বিতীয় বিবাহ বাৰ্ষিকী। ৰাতিপুৱা শুভকামনা জনাবলৈ স্বামীৰ ওচৰলৈ যোৱাৰ সময়ত স্বামীয়ে তেওঁৰ লগত বেয়া আচৰণ কৰি বিষাক্ত পদাৰ্থ খাবলৈ বাধ্য কৰাইছিল।

যেতিয়া তেওঁৰ অৱস্থা অধিক বেয়া হৈ পৰে তেতিয়া তেওঁক সাৰধনাৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, তাৰ পৰাই তেওঁৰ অৱস্থা সংকটজনক হোৱাত তেওঁক মেৰুটৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইয়াতে চিকিৎসাধীন হৈ আছে জ্যোতি। 

জ্যোতিৰ পৰিয়ালৰ হৈ আৰক্ষীত এজাহাৰ দাখিল কৰা হৈছে। য'ত লিখা আছে যে জ্যোতিৰ বিবাহ ১২/৫/২০২২ তাৰিখে বিকাশৰ সৈতে হৈছিল। বিয়াত ১৫ লাখ টকা খৰছ হ’ল যদিও বিয়াত পোৱা বস্তুৰ পৰিমাণত শহুৰ-শাহুৱেক সুখী নহ’ল। আগতে তেওঁ জ্যোতিক মাৰপিট কৰিছিল। শহুৰৰ পৰিয়ালে জ্যোতিক এখন চুইফট গাড়ী আৰু নগদ দুই লাখ টকা যৌতুক হিচাপে আনি দিবলৈ হেঁচা প্ৰয়োগ কৰি আছিল।

অভিযোগ অনুসৰি, ১২/৫/২০২৪ তাৰিখে পুৱা প্ৰায় ৯:০০ বজাত জ্যোতিক আক্ৰমণ কৰা হয় আৰু জ্যোতিক হত্যাৰ উদ্দেশ্যেৰে বিষাক্ত পদাৰ্থ সেৱন কৰিবলৈ বাধ্য কৰা হয়, যাৰ বাবে জ্যোতিৰ অৱস্থা সংকটজনক হৈ পৰে। কোনোবাই ১১২ নম্বৰত আৰক্ষীক ফোন কৰাত আৰক্ষী উপস্থিত হয়। তাৰ পিছত জ্যোতিক থানালৈ লৈ আহিছিল আৰু তাৰ পৰাই তেওঁক চিকিৎসালয়লৈ পঠিওৱা হৈছিল। জ্যোতিৰ অৱস্থাৰ ভয়াৱহতা দেখি চৰকাৰী চিকিৎসালয়খনৰ চিকিৎসকে তেওঁক মেৰুটৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছে বুলি সর্ধনা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত প্ৰতাপ সিঙে কয়। স্বামীকো জিম্মাত লোৱা হৈছে। অৱশ্যে স্বামীয়ে কয় যে মহিলাগৰাকীয়ে খঙতে বিষাক্ত পদাৰ্থটো নিজেই সেৱন কৰিছিল।

আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ