--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবাহ বাৰ্ষিকীৰ দিনাই পত্নীক বিষাক্ত পদাৰ্থ খুওৱাৰ অভিযোগ উত্থাপন হৈছে এজন স্বামীৰ বিৰুদ্ধে। পত্নীয়ে কয় যে তেওঁৰ স্বামীয়ে যৌতুকৰ বাবে তেওঁক মাৰপিট কৰে আৰু তেওঁৰ আন এগৰাকী মহিলাৰ সৈতেও প্ৰেমৰ সম্পৰ্ক আছে। মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, বৰ্তমান তেওঁ সংকটমুক্ত। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মেৰুটত।

২ বছৰ পূৰ্বে গটকা গাঁৱৰ বাসিন্দা জ্যোতিৰ বিবাহ হৈছিল নাহলী গাঁৱৰ বাসিন্দা বিকাশৰ সৈতে। দুয়োৰে এবছৰীয়া সন্তানো আছে। জ্যোতিৰ অভিযোগ যে দেওবাৰে আছিল তেওঁলোকৰ দ্বিতীয় বিবাহ বাৰ্ষিকী। ৰাতিপুৱা শুভকামনা জনাবলৈ স্বামীৰ ওচৰলৈ যোৱাৰ সময়ত স্বামীয়ে তেওঁৰ লগত বেয়া আচৰণ কৰি বিষাক্ত পদাৰ্থ খাবলৈ বাধ্য কৰাইছিল।

যেতিয়া তেওঁৰ অৱস্থা অধিক বেয়া হৈ পৰে তেতিয়া তেওঁক সাৰধনাৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, তাৰ পৰাই তেওঁৰ অৱস্থা সংকটজনক হোৱাত তেওঁক মেৰুটৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইয়াতে চিকিৎসাধীন হৈ আছে জ্যোতি। 

জ্যোতিৰ পৰিয়ালৰ হৈ আৰক্ষীত এজাহাৰ দাখিল কৰা হৈছে। য'ত লিখা আছে যে জ্যোতিৰ বিবাহ ১২/৫/২০২২ তাৰিখে বিকাশৰ সৈতে হৈছিল। বিয়াত ১৫ লাখ টকা খৰছ হ’ল যদিও বিয়াত পোৱা বস্তুৰ পৰিমাণত শহুৰ-শাহুৱেক সুখী নহ’ল। আগতে তেওঁ জ্যোতিক মাৰপিট কৰিছিল। শহুৰৰ পৰিয়ালে জ্যোতিক এখন চুইফট গাড়ী আৰু নগদ দুই লাখ টকা যৌতুক হিচাপে আনি দিবলৈ হেঁচা প্ৰয়োগ কৰি আছিল।

অভিযোগ অনুসৰি, ১২/৫/২০২৪ তাৰিখে পুৱা প্ৰায় ৯:০০ বজাত জ্যোতিক আক্ৰমণ কৰা হয় আৰু জ্যোতিক হত্যাৰ উদ্দেশ্যেৰে বিষাক্ত পদাৰ্থ সেৱন কৰিবলৈ বাধ্য কৰা হয়, যাৰ বাবে জ্যোতিৰ অৱস্থা সংকটজনক হৈ পৰে। কোনোবাই ১১২ নম্বৰত আৰক্ষীক ফোন কৰাত আৰক্ষী উপস্থিত হয়। তাৰ পিছত জ্যোতিক থানালৈ লৈ আহিছিল আৰু তাৰ পৰাই তেওঁক চিকিৎসালয়লৈ পঠিওৱা হৈছিল। জ্যোতিৰ অৱস্থাৰ ভয়াৱহতা দেখি চৰকাৰী চিকিৎসালয়খনৰ চিকিৎসকে তেওঁক মেৰুটৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছে বুলি সর্ধনা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত প্ৰতাপ সিঙে কয়। স্বামীকো জিম্মাত লোৱা হৈছে। অৱশ্যে স্বামীয়ে কয় যে মহিলাগৰাকীয়ে খঙতে বিষাক্ত পদাৰ্থটো নিজেই সেৱন কৰিছিল।

আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু