--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ’বলৈ দৃঢ় সংকল্পবদ্ধ প্ৰধানমন্ত্ৰী মোদী। মঙলবাৰে বাৰানসীত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে। তেওঁ মঙলবাৰে দিনৰ  প্ৰায় ১১.৪০ বজাত বাৰাণসী জিলা দণ্ডাধীশৰ কাৰ্যালয়ত উপস্থিত হয়। তাৰ পিছতে মোদীয়ে নিয়ম অনুসৰি সকলো নথি-পত্ৰ পূৰণ কৰি মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিল কৰিবলৈ যোৱাৰ সময়ত  প্ৰধানমন্ত্ৰী মোদীয়ে  বগা চুৰিদাৰ-কুৰ্তা আৰু নীলা মোদী জেকেট পিন্ধিছিল।  

মনোনয়ন দাখিল কৰাৰ সময়ত মোদীৰ সৈতে  যোগী আদিত্যনাথ আৰু অন্যান্য নেতাসকল আছিল ।  প্ৰধানমন্ত্ৰীয়ে বাৰাণসী সমষ্টিৰ পৰা যোৱা দুটা লোকসভা নিৰ্বাচনত জয়লাভ কৰিছে। হেট্ৰিক কৰাৰ লক্ষ্যৰে তেওঁ আজি খেলপথাৰলৈ পুনৰ উভতি আহে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ আগতে বাৰাণসীৰ কাল ভৈৰৱ মন্দিৰত প্ৰাৰ্থনা কৰে। তেওঁ কাল ভৈৰৱৰ মূৰ্তিৰ সন্মুখত আৰতিও কৰে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো মন্দিৰত উপস্থিত আছিল। প্ৰধানমন্ত্ৰীয়ে কেইবাজনো নেতা আৰু মন্ত্ৰীৰ সৈতে আজি মনোনয়ন দাখিল কৰিবলৈ যায় ।

 কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙো তেওঁৰ সৈতে  উপস্থিত আছিল। মনোনয়ন দাখিলৰ সময়ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাও উপস্থিত আছিল। বিহাৰৰ নীতিশ কুমাৰৰ উপৰি বিজেপি শাসিত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল  আজি বাৰনসীত মোদীৰ মনোনয়ন দাখিল পৰ্বত  উপস্থিত আছিল।  প্ৰধানমন্ত্ৰীক সংগ দিবলৈ আজি বাৰানসীত কমেও  ২৫ জন হেভিৱেট নেতা সমবেত হয়। অৱশ্যে, মনোনয়ন প্ৰদান কৰাৰ সময়ত জিলা দণ্ডাধীশৰ কোঠাত কেৱল যোগী উপস্থিত আছিল। আনকি মনোনয়ন দাখিল কৰাৰ পূৰ্বে  মোদীয়ে তেওঁৰ  বিজয়ৰ বিষয়ে আত্মবিশ্বাস থকাৰ কথা ব্যক্ত কৰে। উল্লেখ্য আজি মনোনয়ন দাখিল কৰাৰ পূৰ্বে কালি মোদীয়ে বাৰানসীত এক বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰিছিল।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু