--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ’বলৈ দৃঢ় সংকল্পবদ্ধ প্ৰধানমন্ত্ৰী মোদী। মঙলবাৰে বাৰানসীত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে। তেওঁ মঙলবাৰে দিনৰ  প্ৰায় ১১.৪০ বজাত বাৰাণসী জিলা দণ্ডাধীশৰ কাৰ্যালয়ত উপস্থিত হয়। তাৰ পিছতে মোদীয়ে নিয়ম অনুসৰি সকলো নথি-পত্ৰ পূৰণ কৰি মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিল কৰিবলৈ যোৱাৰ সময়ত  প্ৰধানমন্ত্ৰী মোদীয়ে  বগা চুৰিদাৰ-কুৰ্তা আৰু নীলা মোদী জেকেট পিন্ধিছিল।  

মনোনয়ন দাখিল কৰাৰ সময়ত মোদীৰ সৈতে  যোগী আদিত্যনাথ আৰু অন্যান্য নেতাসকল আছিল ।  প্ৰধানমন্ত্ৰীয়ে বাৰাণসী সমষ্টিৰ পৰা যোৱা দুটা লোকসভা নিৰ্বাচনত জয়লাভ কৰিছে। হেট্ৰিক কৰাৰ লক্ষ্যৰে তেওঁ আজি খেলপথাৰলৈ পুনৰ উভতি আহে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ আগতে বাৰাণসীৰ কাল ভৈৰৱ মন্দিৰত প্ৰাৰ্থনা কৰে। তেওঁ কাল ভৈৰৱৰ মূৰ্তিৰ সন্মুখত আৰতিও কৰে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো মন্দিৰত উপস্থিত আছিল। প্ৰধানমন্ত্ৰীয়ে কেইবাজনো নেতা আৰু মন্ত্ৰীৰ সৈতে আজি মনোনয়ন দাখিল কৰিবলৈ যায় ।

 কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙো তেওঁৰ সৈতে  উপস্থিত আছিল। মনোনয়ন দাখিলৰ সময়ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাও উপস্থিত আছিল। বিহাৰৰ নীতিশ কুমাৰৰ উপৰি বিজেপি শাসিত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল  আজি বাৰনসীত মোদীৰ মনোনয়ন দাখিল পৰ্বত  উপস্থিত আছিল।  প্ৰধানমন্ত্ৰীক সংগ দিবলৈ আজি বাৰানসীত কমেও  ২৫ জন হেভিৱেট নেতা সমবেত হয়। অৱশ্যে, মনোনয়ন প্ৰদান কৰাৰ সময়ত জিলা দণ্ডাধীশৰ কোঠাত কেৱল যোগী উপস্থিত আছিল। আনকি মনোনয়ন দাখিল কৰাৰ পূৰ্বে  মোদীয়ে তেওঁৰ  বিজয়ৰ বিষয়ে আত্মবিশ্বাস থকাৰ কথা ব্যক্ত কৰে। উল্লেখ্য আজি মনোনয়ন দাখিল কৰাৰ পূৰ্বে কালি মোদীয়ে বাৰানসীত এক বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰিছিল।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ