--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আমি বহুত বেয়া খেলিলো। টি২০ বিশ্বকাপত জিম্বাবুৱেৰ হাতত পৰাজীত হৈ এই অনুভৱ ব্যক্ত কৰিছে পাকিস্তানৰ অধিনায়ক বাবৰ আজমে।

“মোৰ দলটোৰ এয়া অত্যন্ত বেয়া প্ৰদৰ্শন। আমি ভালদৰে বেটিং কৰিব নোৱাৰিলো।”- মেচখনৰ পাছত বাবৰে কয়- “প্ৰথম ছয় অভাৰত আমাৰ বিপৰ্যয় হৈছিল। কিন্তু ছাদাব আৰু শ্বান মাচুদে এটা পাৰ্টনাৰশ্বিপ গঢ়ি তুলিছিল। দুৰ্ভাগ্যজনকভাৱে ছাদাব আউট হয় আৰু লগে লগে এটা এটাকৈ উইকেট হেৰুৱাব ধৰো।”

উল্লেখ্য যে মেচখনত জিম্বাবুৱেৰ হাতত মাত্ৰ এটা ৰাণৰ ব্যৱধানত পৰাস্ত হৈছিল পাকিস্তান। প্ৰথম ইনিংছত জিম্বাবুৱেই ১৩০ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে পাকিস্তানে সংগ্ৰহ কৰিবলৈ সক্ষম হ’ল ১২৯ ৰাণ।

পাকিস্তানৰ হৈ বাবৰ আজম, মহম্মদ ৰিঝৱানৰ দৰে বাঘা বাঘা বেটছমেন ব্যৰ্থ হোৱাৰ বিপৰীতে ছান মাচুদে সৰ্বোচ্চ ৪৪ ৰাণ সংগ্ৰহ কৰে।

অধিনায়ক বাবৰে কয় যে মেচখনত লাভ কৰা তিক্ত অভিজ্ঞতাসমূহৰ পৰা দলটোৰ খেলুৱৈসকলে শিক্ষালাভ কৰিছে। ইয়াৰ পৰৱৰ্তী মেচখনত পাকিস্তান পুনৰ শক্তিশালী হৈ উঠিব বুলিও তেওঁ কয়।

উল্লেখ্য যে বিশ্বকাপখনত এতিয়ালৈকে দুখন মেচত অংশ লৈ পাকিস্তানে দুয়োখনতে পৰাজীত হৈছে। বিশ্বকাপত প্ৰদৰ্শন কৰা পাকিস্তানৰ দুৰ্বল প্ৰদৰ্শনে সম্প্ৰতি সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু