--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আমি বহুত বেয়া খেলিলো। টি২০ বিশ্বকাপত জিম্বাবুৱেৰ হাতত পৰাজীত হৈ এই অনুভৱ ব্যক্ত কৰিছে পাকিস্তানৰ অধিনায়ক বাবৰ আজমে।

“মোৰ দলটোৰ এয়া অত্যন্ত বেয়া প্ৰদৰ্শন। আমি ভালদৰে বেটিং কৰিব নোৱাৰিলো।”- মেচখনৰ পাছত বাবৰে কয়- “প্ৰথম ছয় অভাৰত আমাৰ বিপৰ্যয় হৈছিল। কিন্তু ছাদাব আৰু শ্বান মাচুদে এটা পাৰ্টনাৰশ্বিপ গঢ়ি তুলিছিল। দুৰ্ভাগ্যজনকভাৱে ছাদাব আউট হয় আৰু লগে লগে এটা এটাকৈ উইকেট হেৰুৱাব ধৰো।”

উল্লেখ্য যে মেচখনত জিম্বাবুৱেৰ হাতত মাত্ৰ এটা ৰাণৰ ব্যৱধানত পৰাস্ত হৈছিল পাকিস্তান। প্ৰথম ইনিংছত জিম্বাবুৱেই ১৩০ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে পাকিস্তানে সংগ্ৰহ কৰিবলৈ সক্ষম হ’ল ১২৯ ৰাণ।

পাকিস্তানৰ হৈ বাবৰ আজম, মহম্মদ ৰিঝৱানৰ দৰে বাঘা বাঘা বেটছমেন ব্যৰ্থ হোৱাৰ বিপৰীতে ছান মাচুদে সৰ্বোচ্চ ৪৪ ৰাণ সংগ্ৰহ কৰে।

অধিনায়ক বাবৰে কয় যে মেচখনত লাভ কৰা তিক্ত অভিজ্ঞতাসমূহৰ পৰা দলটোৰ খেলুৱৈসকলে শিক্ষালাভ কৰিছে। ইয়াৰ পৰৱৰ্তী মেচখনত পাকিস্তান পুনৰ শক্তিশালী হৈ উঠিব বুলিও তেওঁ কয়।

উল্লেখ্য যে বিশ্বকাপখনত এতিয়ালৈকে দুখন মেচত অংশ লৈ পাকিস্তানে দুয়োখনতে পৰাজীত হৈছে। বিশ্বকাপত প্ৰদৰ্শন কৰা পাকিস্তানৰ দুৰ্বল প্ৰদৰ্শনে সম্প্ৰতি সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক