--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জাতীয়তাবাদী কংগ্ৰেছ দলৰ নেতা বাবা ছিদ্দিকীৰ কৰুণ মৃত্যুৱে সমগ্ৰ সমাজক স্তম্ভিত কৰি তুলিছে। মুম্বাইৰ বান্দ্ৰাৰ খেৰ নগৰত পুত্ৰৰ কাৰ্যালয়ৰ সমীপত তেওঁক গুলীচালনা কৰে। এই ঘটনা সংঘটিত হয় শনিবাৰে সন্ধিয়া তিনিজন আক্ৰমণকাৰীয়ে প্ৰায় ছটা গুলী ছিদ্দিকীলৈ নিক্ষেপ কৰে আৰু ইয়াৰে চাৰিটা গুলী তেওঁৰ বুকুত খুন্দা মাৰে। ৬৬ বছৰীয়া নেতাজনক লীলাৱতী চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তাত উপস্থিত হোৱাৰ লগে লগে চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।


এনচিপিৰ প্ৰয়াত নেতাগৰাকীয়ে মৃত্যুৰ মাত্ৰ দুদিন পূৰ্বে অৰ্থাৎ ৯ অক্টোবৰত ইনষ্টাগ্ৰামত ৮৬ বছৰ বয়সত মৃত্যু হোৱা প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাক শ্ৰদ্ধাঞ্জলি জনাইছিল। ৰতন টাটাৰ ফটো শ্বেয়াৰ কৰি তেওঁ লিখিছিল যে ‘এটা যুগৰ অন্ত পৰিল ৷’
ছিদ্দিকীয়ে তেওঁৰ অনুগামীসকলৰ সৈতে সংযোগ স্থাপনৰ বাবে ছ’চিয়েল মিডিয়াৰ সক্ৰিয় ব্যৱহাৰৰ বাবে পৰিচিত আছিল, যাৰ ফলত তেওঁৰ শেষৰটো পোষ্ট আৰু অধিক মৰ্মস্পৰ্শী হৈ পৰে ৷


This Was Baba Siddique's Last Post Before He Was Shot Dead

ছিদ্দিকী হত্যাকাণ্ডৰ পিছত আৰক্ষীয়ে হাৰিয়ানাৰ গুৰমাইল বলজিৎ সিং আৰু উত্তৰ প্ৰদেশৰ পৰা ধৰমৰাজ কাশ্যপ নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে তৃতীয়জন আক্ৰমণকাৰী এতিয়াও পলাতক হৈ আছে। আটকাধীন লোককেইজনে জেৰাৰ সময়ত লৰেন্স বিষ্ণোৱে চক্ৰৰ সৈতে জড়িত বুলি দাবী কৰে। অৱশ্যে এই হত্যাকাণ্ডত তেওঁলোক জড়িত থকাৰ কথা আৰক্ষী বা গেঙৰ পৰা কোনো নিশ্চিতকৰণ পোৱা নাই। বৰ্তমান গুজৰাটত কাৰাবন্দী হৈ থকা লৰেন্স বিষ্ণোৱে কেইবাটাও হাই-প্ৰফাইল হত্যাকাণ্ড আৰু ধন দাবীৰ গোচৰত জড়িত থকাৰ বাবে কুখ্যাত।


ছিদ্দিকী হত্যাকাণ্ডৰ দুটা প্ৰাথমিক কোণৰ পৰা তদন্ত চলাই আছে মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে, তেওঁলোকে এই উদ্দেশ্যে চাৰিটা বিশেষ দল গঠন কৰিছে। ইয়াৰ পূৰ্বেও গোটটোৱে ভাবুকি দিয়া বলীউডৰ অভিনেতা ছলমান খানৰ সৈতে ছিদ্দিকিৰ ঘনিষ্ঠ সম্পৰ্কৰ প্ৰতি লক্ষ্য ৰাখি বিষ্ণৱে গোটটোৰ সম্ভাৱ্য জড়িততা পৰীক্ষা কৰা হৈছে তদন্তৰ এটা শাৰী। দ্বিতীয় কোণটোৱে বস্তি পুনৰ্বাসনৰ গোচৰৰ তদন্ত কৰে যিটো হত্যাকাণ্ডৰ সৈতে জড়িত হ’ব পাৰে। উল্লেখ্য যে, মাৰাত্মক আক্ৰমণৰ প্ৰায় ১৫ দিন পূৰ্বে ছিদ্দিকিয়ে মৃত্যুৰ ভাবুকি লাভ কৰিছিল, যাৰ বাবে তেওঁক ‘ৱাই’ শ্ৰেণীৰ নিৰাপত্তা দিয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু