--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জাতীয়তাবাদী কংগ্ৰেছ দলৰ নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ পিছত পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিছে গেংষ্টাৰ লৰেন্স বিষ্ণোই আৰু তেওঁৰ গেং। বিষ্ণুই আৰু গোল্ডি ব্ৰাৰৰ দলটোৰ বিৰুদ্ধে বহু গোচৰত ধাৰাবাহিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি আছে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই। একেদৰে গেংষ্টাৰ টেৰ’ৰ গোচৰত এন আই এয়ে বিষ্ণই গেঙৰ বিৰুদ্ধে দিল্লী আদালতত অভিযোগনামা দাখিল কৰিছে, য’ত বহু বিস্ফোৰক তথ্য প্ৰকাশ পাইছে।


Who is Lawrence Bishnoi and why is he after Salman Khan? Know details here
এন আই এয়ে নিজৰ অভিযোগনামাত লৰেন্স বিষ্ণোই গেঙক ডাউদ ইব্ৰাহিমৰ ‘ডি কোম্পানী’ৰ সৈতে তুলনা কৰিছে। কেন্দ্ৰীয় সংস্থাটোৱে নিজৰ অভিযোগনামাত প্ৰকাশ কৰিছে যে লৰেন্স বিষ্ণোই আৰু তেওঁৰ সন্ত্ৰাসবাদী ছিণ্ডিকেট অভূতপূৰ্বভাৱে বিয়পি পৰিছে। ঠিক যেনেকৈ ডাউদ ইব্ৰাহিমে ৯০ৰ দশকত সৰু সৰু অপৰাধ কৰি নিজৰ নেটৱৰ্ক গঢ়ি তুলিছিল। ড্ৰাগছ সৰবৰাহ, টাৰ্গেট কিলিং আৰু ধন দাবীৰ ৰেকেটৰ জৰিয়তে অপৰাধৰ জগতখনত প্ৰৱেশ কৰিছিল ডাউদ ইব্ৰাহিমে।


তাৰ পিছত তেওঁ ডি কোম্পানী গঠন কৰে আৰু পাকিস্তানী সন্ত্ৰাসবাদীৰ সৈতে বান্ধ খাই তেওঁ নিজৰ নেটৱৰ্ক বহু দেশলৈ সম্প্ৰসাৰিত কৰে। ঠিক ডাউদ ইব্ৰাহিমৰ দৰেই লৰেন্স বিষ্ণোইয়ে সৰু সৰু অপৰাধৰ পৰা আৰম্ভ কৰি ক্ৰমান্বয়ে নিজৰ গেংটো প্ৰতিষ্ঠা কৰিছিল। বৰ্তমান তেওঁৰ দলটো উত্তৰ ভাৰতৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ সম্প্ৰসাৰিত হৈছে। কানাডাৰ আৰক্ষী আৰু ভাৰতীয় সংস্থাৰ মষ্ট ৱাণ্টেড তালিকাত অন্তৰ্ভুক্ত সতবিন্দৰ সিং ওৰফে গোল্ডি ব্ৰাৰৰ দৰে বিষ্ণই গেঙে কাম কৰি আছে।


লৰেন্স বিষ্ণোই গেঙত ৭০০ৰো অধিক শ্বুটাৰ আছে আৰু তেওঁৰ গেঙৰ শ্লোগান ‘জয় বলকাৰী’ বুলি এন আই এয়ে নিজৰ অভিযোগনামাত উল্লেখ কৰিছে। ইয়াৰে প্ৰায় ৩০০ শ্বুটাৰ কেৱল পঞ্জাৱৰ সৈতে জড়িত। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুক, ইনষ্টাগ্ৰাম, এক্স আৰু ইউটিউবত লৰেন্স বিষ্ণোই আৰু গোল্ডি ব্ৰাৰৰ ফটো আৰু ভিডিঅ’ পোষ্ট কৰি যুৱক-যুৱতীসকলক অপৰাধৰ প্ৰতি আকৰ্ষিত কৰাৰ প্ৰয়াস কৰা হৈছিল। আদালতলৈ আহি থাকোঁতে বিষ্ণোইৰ ফটো ছচিয়েল মিডিয়াত পোষ্ট কৰা হয় আৰু এইদৰেই গেংটোৱে প্ৰচাৰ লাভ কৰে।


এনআইএৰ অভিযোগনামা মতে ২০২০-২১ বৰ্ষলৈকে বিষ্ণুই গেঙে ধন দাবীৰ জৰিয়তে কোটি কোটি টকা উপাৰ্জন কৰিছিল আৰু সেই ধন হাৱালাৰ যোগেদি বহিঃৰাজ্যলৈ প্ৰেৰণ কৰা হৈছিল। এসময়ত বিষ্ণোইৰ গেং কেৱল পঞ্জাৱতে সীমাবদ্ধ আছিল। কিন্তু নিজৰ ধূৰ্ত মন আৰু ঘনিষ্ঠ সহযোগী গোল্ডি ব্ৰাৰে হাৰিয়ানা, দিল্লী আৰু ৰাজস্থানৰ গেঙৰ লগত মিত্ৰতা কৰি এটা ডাঙৰ গেং সৃষ্টি কৰিলে। এতিয়া পঞ্জাৱ, উত্তৰ প্ৰদেশ, হাৰিয়ানা, মহাৰাষ্ট্ৰ, দিল্লী, ৰাজস্থান আৰু ঝাৰখণ্ডত বিয়পি পৰিছে লৰেন্স বিষ্ণোই গেং।

ছ’চিয়েল মিডিয়া আৰু বিভিন্ন পদ্ধতিৰে যুৱক-যুৱতীসকলক গেংঙটোত নিযুক্তি দিয়া হয়। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ অভিযোগনামা অনুসৰি যুৱক-যুৱতীসকলক কানাডা বা নিজৰ পছন্দৰ দেশলৈ স্থানান্তৰিত কৰিবলৈ প্ৰলোভিত কৰি বিষ্ণোই গেঙত নিযুক্তি দিয়া হয়। পাকিস্তানত থকা খালিস্তানী সন্ত্ৰাসবাদী হৰবিন্দৰ সিং ৰিণ্ডাই বিষ্ণুই গেঙৰ গুলীচালনাকাৰীক ব্যৱহাৰ কৰি পঞ্জাৱত টাৰ্গেট কিলিং আৰু অপৰাধমূলক কাৰ্যকলাপ সংঘটিত কৰে। কিছুদিন পূৰ্বে এন আই এয়ে গেংষ্টাৰ টেৰ’ৰ গোচৰত লৰেন্স বিষ্ণুই, গোল্ডি ব্ৰাৰকে ধৰি মুঠ ১৬টা গেংষ্টাৰৰ বিৰুদ্ধে ইউএপিএৰ অধীনত আদালতত অভিযোগনামা দাখিল কৰে ৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ