--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জাতীয়তাবাদী কংগ্ৰেছ দলৰ নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ পিছত পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিছে গেংষ্টাৰ লৰেন্স বিষ্ণোই আৰু তেওঁৰ গেং। বিষ্ণুই আৰু গোল্ডি ব্ৰাৰৰ দলটোৰ বিৰুদ্ধে বহু গোচৰত ধাৰাবাহিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি আছে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই। একেদৰে গেংষ্টাৰ টেৰ’ৰ গোচৰত এন আই এয়ে বিষ্ণই গেঙৰ বিৰুদ্ধে দিল্লী আদালতত অভিযোগনামা দাখিল কৰিছে, য’ত বহু বিস্ফোৰক তথ্য প্ৰকাশ পাইছে।


Who is Lawrence Bishnoi and why is he after Salman Khan? Know details here
এন আই এয়ে নিজৰ অভিযোগনামাত লৰেন্স বিষ্ণোই গেঙক ডাউদ ইব্ৰাহিমৰ ‘ডি কোম্পানী’ৰ সৈতে তুলনা কৰিছে। কেন্দ্ৰীয় সংস্থাটোৱে নিজৰ অভিযোগনামাত প্ৰকাশ কৰিছে যে লৰেন্স বিষ্ণোই আৰু তেওঁৰ সন্ত্ৰাসবাদী ছিণ্ডিকেট অভূতপূৰ্বভাৱে বিয়পি পৰিছে। ঠিক যেনেকৈ ডাউদ ইব্ৰাহিমে ৯০ৰ দশকত সৰু সৰু অপৰাধ কৰি নিজৰ নেটৱৰ্ক গঢ়ি তুলিছিল। ড্ৰাগছ সৰবৰাহ, টাৰ্গেট কিলিং আৰু ধন দাবীৰ ৰেকেটৰ জৰিয়তে অপৰাধৰ জগতখনত প্ৰৱেশ কৰিছিল ডাউদ ইব্ৰাহিমে।


তাৰ পিছত তেওঁ ডি কোম্পানী গঠন কৰে আৰু পাকিস্তানী সন্ত্ৰাসবাদীৰ সৈতে বান্ধ খাই তেওঁ নিজৰ নেটৱৰ্ক বহু দেশলৈ সম্প্ৰসাৰিত কৰে। ঠিক ডাউদ ইব্ৰাহিমৰ দৰেই লৰেন্স বিষ্ণোইয়ে সৰু সৰু অপৰাধৰ পৰা আৰম্ভ কৰি ক্ৰমান্বয়ে নিজৰ গেংটো প্ৰতিষ্ঠা কৰিছিল। বৰ্তমান তেওঁৰ দলটো উত্তৰ ভাৰতৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ সম্প্ৰসাৰিত হৈছে। কানাডাৰ আৰক্ষী আৰু ভাৰতীয় সংস্থাৰ মষ্ট ৱাণ্টেড তালিকাত অন্তৰ্ভুক্ত সতবিন্দৰ সিং ওৰফে গোল্ডি ব্ৰাৰৰ দৰে বিষ্ণই গেঙে কাম কৰি আছে।


লৰেন্স বিষ্ণোই গেঙত ৭০০ৰো অধিক শ্বুটাৰ আছে আৰু তেওঁৰ গেঙৰ শ্লোগান ‘জয় বলকাৰী’ বুলি এন আই এয়ে নিজৰ অভিযোগনামাত উল্লেখ কৰিছে। ইয়াৰে প্ৰায় ৩০০ শ্বুটাৰ কেৱল পঞ্জাৱৰ সৈতে জড়িত। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুক, ইনষ্টাগ্ৰাম, এক্স আৰু ইউটিউবত লৰেন্স বিষ্ণোই আৰু গোল্ডি ব্ৰাৰৰ ফটো আৰু ভিডিঅ’ পোষ্ট কৰি যুৱক-যুৱতীসকলক অপৰাধৰ প্ৰতি আকৰ্ষিত কৰাৰ প্ৰয়াস কৰা হৈছিল। আদালতলৈ আহি থাকোঁতে বিষ্ণোইৰ ফটো ছচিয়েল মিডিয়াত পোষ্ট কৰা হয় আৰু এইদৰেই গেংটোৱে প্ৰচাৰ লাভ কৰে।


এনআইএৰ অভিযোগনামা মতে ২০২০-২১ বৰ্ষলৈকে বিষ্ণুই গেঙে ধন দাবীৰ জৰিয়তে কোটি কোটি টকা উপাৰ্জন কৰিছিল আৰু সেই ধন হাৱালাৰ যোগেদি বহিঃৰাজ্যলৈ প্ৰেৰণ কৰা হৈছিল। এসময়ত বিষ্ণোইৰ গেং কেৱল পঞ্জাৱতে সীমাবদ্ধ আছিল। কিন্তু নিজৰ ধূৰ্ত মন আৰু ঘনিষ্ঠ সহযোগী গোল্ডি ব্ৰাৰে হাৰিয়ানা, দিল্লী আৰু ৰাজস্থানৰ গেঙৰ লগত মিত্ৰতা কৰি এটা ডাঙৰ গেং সৃষ্টি কৰিলে। এতিয়া পঞ্জাৱ, উত্তৰ প্ৰদেশ, হাৰিয়ানা, মহাৰাষ্ট্ৰ, দিল্লী, ৰাজস্থান আৰু ঝাৰখণ্ডত বিয়পি পৰিছে লৰেন্স বিষ্ণোই গেং।

ছ’চিয়েল মিডিয়া আৰু বিভিন্ন পদ্ধতিৰে যুৱক-যুৱতীসকলক গেংঙটোত নিযুক্তি দিয়া হয়। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ অভিযোগনামা অনুসৰি যুৱক-যুৱতীসকলক কানাডা বা নিজৰ পছন্দৰ দেশলৈ স্থানান্তৰিত কৰিবলৈ প্ৰলোভিত কৰি বিষ্ণোই গেঙত নিযুক্তি দিয়া হয়। পাকিস্তানত থকা খালিস্তানী সন্ত্ৰাসবাদী হৰবিন্দৰ সিং ৰিণ্ডাই বিষ্ণুই গেঙৰ গুলীচালনাকাৰীক ব্যৱহাৰ কৰি পঞ্জাৱত টাৰ্গেট কিলিং আৰু অপৰাধমূলক কাৰ্যকলাপ সংঘটিত কৰে। কিছুদিন পূৰ্বে এন আই এয়ে গেংষ্টাৰ টেৰ’ৰ গোচৰত লৰেন্স বিষ্ণুই, গোল্ডি ব্ৰাৰকে ধৰি মুঠ ১৬টা গেংষ্টাৰৰ বিৰুদ্ধে ইউএপিএৰ অধীনত আদালতত অভিযোগনামা দাখিল কৰে ৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু