--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিশ্বৰ কাৰ্যকলাপৰ প্ৰতি আগ্ৰহীসকলৰ ভিতৰত বুলগেৰিয়াৰ ৰহস্যবাদী বাবা ভাংগাৰ স্থান আছিল অন্যতন। তেওঁৰ ভৱিষ্যদ্বাণীৰ বিষয়ে প্ৰায়ে আলোচনা কৰা হয়। যোৱা কেইবছৰমানৰ পৰা তেওঁ বিশ্বৰ বাবে কৰা বহুতো ভৱিষ্যদ্বাণী শুনা গৈছে, যিবোৰ সত্য বুলি প্ৰমাণিত হৈছে। ২০২২ বৰ্ষৰ বিষয়েও তেওঁ কিছু ভৱিষ্যদ্বাণী কৰিছিল, যিবোৰৰ ওপৰত পুনৰ আলোচনা চলি আছে।

 উল্লেখ্য যে বৰ্তমানলৈ ৬টাৰ ভিতৰত ২টা ভৱিষ্যদ্বাণী বাস্তৱায়িত হৈছে। বাবা ভাংগাই ২০২২ বৰ্ষৰ বাবে কি ভৱিষ্যদ্বাণী কৰিছে জানি আপুনিও আচৰিত হৈ পৰিব, কাৰণ এতিয়ালৈকে তেওঁৰ ৬টা ভৱিষ্যদ্বাণীৰ ভিতৰত ২টা ভৱিষ্যদ্বাণী সঁচা সত্য প্ৰমাণিত হৈছে। ইয়াৰ পাছত তেওঁৰ আন ৪টা ভৱিষ্যদ্বাণীও বাস্তৱায়িত হব পাৰে বুলি আশংকা ব্যক্ত কৰা হৈছে।

 বাবা ভাংগাই ভৱিষ্যদ্বাণী কৰিছিল যে ২০২২ চনত এছিয়াৰ কিছুমান দেশ আৰু অষ্ট্ৰেলিয়া বানপানীত কবলত পৰিব। সঁচাকৈয়ে অষ্ট্ৰেলিয়াত হোৱা ধাৰাসাৰ বৰষুণৰ পাছত এই সময়ত বানসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰ বাহিৰেও বাবা ভংগাই ভৱিষ্যদ্বাণী কৰিছিল যে পানীৰ নাটনিৰ ফলত পৃথিৱীৰ বহু চহৰ ক্ষতিগ্ৰস্ত হ’ব। বৰ্তমান পৰ্তুগালত পানীৰ নাটনি হোৱাৰ লগতে তীব্ৰ খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছে। ইটালীতো কেইবাটাও দশকৰ পাছত আটাইতকৈ ভয়াৱহ খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছে।

 বাবা ভংগাৰ আন ৪টা ভৱিষ্যদ্বাণী সঁচা হবনে?

বাবা ভাংগাই ২০২২ চনৰ বাবে ভৱিষ্যদ্বাণী কৰিছিল যে এই বছৰ চাইবেৰিয়াৰ পৰা এটা নতুন মাৰাত্মক ভাইৰাছৰ কথা পোহৰলৈ আহিব। ইয়াৰ উপৰি তেওঁ এলিয়েন আক্ৰমণ, ফৰিঙৰ আক্ৰমণ আৰু ভাৰ্চুৱেল ৰিয়েলিটি বৃদ্ধিৰ ভৱিষ্যদ্বাণীও কৰিছিল

 ১২ বছৰ বয়সত চকুৰ দৃষ্টিশক্তি হেৰুৱাইছিল-

ভৱিষ্যদ্বাণীৰ বাবে পৰিচিত বাবা ভাংগা এজন ৰহস্যবাদী আছিল আৰু তেওঁ অন্ধ আছিল। বুলগেৰিয়াৰ বাসিন্দা বাবা ভাংগাৰ জন্ম হৈছিল ১৯১১ চনত আৰু মাত্ৰ ১২ বছৰ বয়সতে দুয়োটা চকু হেৰুৱাই পেলাইছিল। খবৰ অনুসৰি বাবা ভাংগা টৰ্নেডোৰ সময়ত হেৰাই গৈছিল আৰু যেতিয়া তেওঁক উদ্ধাৰ কৰা হৈছিল তেতিয়া তেওঁৰ চকু দুটা বালি আৰু ধূলিৰে ঢাকি ৰাখিছিল। তেওঁৰ পৰিয়ালটো অতি দৰিদ্ৰ আছিল আৰু ইয়াৰ বাবে তেওঁৰ হাতত চিকিৎসাৰ বাবেও টকা নাছিল। যাৰ ফলত বাবা ভাংগাৰ দৃষ্টিশক্তি হেৰাই গৈছিল। ১৯৯৬ চনত বাবা ভাংগাৰ মৃত্যু হয়।

 ৫০৭৯ চনত পৃথিৱীৰ শেষৰ ভৱিষ্যদ্বাণী-

প্ৰতিবেদন অনুসৰি বাবা ভাংগাৰ ৮৫ শতাংশ ভৱিষ্যদ্বাণী বাস্তৱায়িত হৈছে। কোৱা হয় যে তেওঁৰ ভৱিষ্যদ্বাণীবোৰ কতো লিখা হোৱা নাই, আনহাতে এই ভৱিষ্যদ্বাণীবোৰ বাবা ভাংগাই তেওঁৰ অনুগামীসকলক কৈছিল। মৃত্যুৰ পূৰ্বে বাবা ভাংগাই ৫০৭৯ চনলৈকে ভৱিষ্যদ্বাণী কৰিছিল আৰু তেওঁ কৈছিল যে ৫০৭৯ চনত পৃথিৱীৰ অন্ত পৰিব।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি