--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি নিশ্চয়কৈ বহুতো ভয়ংকৰ জীৱ-জন্তুৰ কথা শুনিছে, কিন্তু আজি আমি আপোনালোকক এনে এটা বিপদজনক প্ৰাণীৰ কথা ক’বলৈ ওলাইছো, যিয়ে এখন গাঁৱৰ ৮০ জন মানুহক কেঁচাকৈ চোবাই খাইছিল। এই ভয়ংকৰ প্ৰাণীটো আছিল ১৬ ফুট দীঘল এটা ঘৰিয়াল। ঘৰিয়ালটোৰ নাম আছিল ওছামা। উগাণ্ডাৰ এখন গাঁৱত ওছামাই ৮০ জন লোকক নিজৰ চিকাৰ কৰি তুলিছিল। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল গাওঁখনত এই ঘৰিয়ালটোক লৈ ইমানেই আতংক বাঢ়িছিল যে সন্ত্ৰাসবাদী ওছামা বিন লাডেনৰ নামেৰে গাওঁবাসীয়ে ঘৰিয়ালটোৰ নাম ‘ওছামা’ ৰাখিছিল। ওছামাই লৰা-বুঢ়া, ডেকা-গাভৰু কাকো ৰেহাই নিদিয়ে। তাৰ চকুৰ সন্মুখত যি পৰে তাকেই সি চিকাৰ বনাইছিল। 

ওছামা নামৰ এই ভয়ংকৰ ঘৰিয়ালটো আছে উগাণ্ডাৰ লুগাংগা গাঁৱত। ১৬ ফুট দীঘল দৈৰ্ঘৰ ঘৰিয়ালটো ইমানেই শক্তিশালী যে গাওঁখনৰ ৰাইজে ইয়াক অমৰ বুলি গণ্য কৰিছে। ওছামাই ১৫ বছৰৰ ভিতৰত গাঁওখনৰ ৮০ জন লোকক কৰিলে চিকাৰ। গাঁওখনত ওছামাৰ আতংক ইমানেই বেছি যে  হ্ৰদটোৰ কাষলৈ যাবলৈ সকলোৱে ভয় খায় কাৰণ হ্ৰদটোৰ ওচৰলৈ যোৱা অধিকাংশ লোকেই নিহত হৈছিল।

ওছামা আফ্ৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ হ্ৰদ ভিক্টোৰিয়া হ্ৰদত বাস কৰিছিল। অৱশেষত গাঁওবাসীৰ সহায়ত বন্যপ্ৰাণী বিষয়াসকলে ভয়ংকৰ ঘৰিয়ালটোক ধৰিছিল। ওছামাক ধৰিবলৈ এসপ্তাহতকৈও অধিক সময় ধৰি অভিযান চলোৱা হৈছিল। ওছামাক ধৰিবলৈ মাংসৰ প্ৰলোভন দিয়া হৈছিল। বন্দী কৰাৰ পিছতো হত্যা কৰা হোৱা নাছিল ওছামাক, বন্যপ্ৰাণী বিষয়াসকলে তাক লগত লৈ গৈছিল। এনেদৰে লুগাংগা গাঁৱৰ ৰাইজে ওছামাৰ সন্ত্ৰাসৰ পৰা মুক্তি লাভ কৰি স্বত্বিৰ নিঃশ্বাস পেলাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে