--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি নিশ্চয়কৈ বহুতো ভয়ংকৰ জীৱ-জন্তুৰ কথা শুনিছে, কিন্তু আজি আমি আপোনালোকক এনে এটা বিপদজনক প্ৰাণীৰ কথা ক’বলৈ ওলাইছো, যিয়ে এখন গাঁৱৰ ৮০ জন মানুহক কেঁচাকৈ চোবাই খাইছিল। এই ভয়ংকৰ প্ৰাণীটো আছিল ১৬ ফুট দীঘল এটা ঘৰিয়াল। ঘৰিয়ালটোৰ নাম আছিল ওছামা। উগাণ্ডাৰ এখন গাঁৱত ওছামাই ৮০ জন লোকক নিজৰ চিকাৰ কৰি তুলিছিল। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল গাওঁখনত এই ঘৰিয়ালটোক লৈ ইমানেই আতংক বাঢ়িছিল যে সন্ত্ৰাসবাদী ওছামা বিন লাডেনৰ নামেৰে গাওঁবাসীয়ে ঘৰিয়ালটোৰ নাম ‘ওছামা’ ৰাখিছিল। ওছামাই লৰা-বুঢ়া, ডেকা-গাভৰু কাকো ৰেহাই নিদিয়ে। তাৰ চকুৰ সন্মুখত যি পৰে তাকেই সি চিকাৰ বনাইছিল। 

ওছামা নামৰ এই ভয়ংকৰ ঘৰিয়ালটো আছে উগাণ্ডাৰ লুগাংগা গাঁৱত। ১৬ ফুট দীঘল দৈৰ্ঘৰ ঘৰিয়ালটো ইমানেই শক্তিশালী যে গাওঁখনৰ ৰাইজে ইয়াক অমৰ বুলি গণ্য কৰিছে। ওছামাই ১৫ বছৰৰ ভিতৰত গাঁওখনৰ ৮০ জন লোকক কৰিলে চিকাৰ। গাঁওখনত ওছামাৰ আতংক ইমানেই বেছি যে  হ্ৰদটোৰ কাষলৈ যাবলৈ সকলোৱে ভয় খায় কাৰণ হ্ৰদটোৰ ওচৰলৈ যোৱা অধিকাংশ লোকেই নিহত হৈছিল।

ওছামা আফ্ৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ হ্ৰদ ভিক্টোৰিয়া হ্ৰদত বাস কৰিছিল। অৱশেষত গাঁওবাসীৰ সহায়ত বন্যপ্ৰাণী বিষয়াসকলে ভয়ংকৰ ঘৰিয়ালটোক ধৰিছিল। ওছামাক ধৰিবলৈ এসপ্তাহতকৈও অধিক সময় ধৰি অভিযান চলোৱা হৈছিল। ওছামাক ধৰিবলৈ মাংসৰ প্ৰলোভন দিয়া হৈছিল। বন্দী কৰাৰ পিছতো হত্যা কৰা হোৱা নাছিল ওছামাক, বন্যপ্ৰাণী বিষয়াসকলে তাক লগত লৈ গৈছিল। এনেদৰে লুগাংগা গাঁৱৰ ৰাইজে ওছামাৰ সন্ত্ৰাসৰ পৰা মুক্তি লাভ কৰি স্বত্বিৰ নিঃশ্বাস পেলাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র