--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ সৰযূ নদীৰ পাৰত অৱস্থিত এখন চহৰ হৈছে অযোধ্যা। অযোধ্যাত মোগল সম্ৰাট বাবৰৰ নিৰ্দেশত ১৫২৮-২৯ খ্ৰীষ্টাব্দত জেনেৰেল মীৰ বাকীয়ে নিৰ্মাণ কৰিছিল বাবৰি মছজিদ। এই বাবৰি মছজিদ ১৯৯২ চনৰ ৬ ডিচেম্বৰত হিন্দু জাতীয়তাবাদীৰ দ্বাৰা আক্ৰমণ কৰি ভাঙি পেলোৱা হৈছিল, যাৰ পৰিপ্ৰেক্ষিতত ভাৰতজুৰি সাম্প্ৰদায়িক হিংসাৰ সূত্ৰপাত হৈছিল। সেই ঘটনাৰ সূত্ৰপাত এদিনতে হোৱা নাছিল। তাৰ আঁৰতো আছিল দীঘলীয়া এক পৰিক্ৰমা। হিন্দু বিশ্বাস অনুসৰি, অযোধ্যা হৈছে ৰামৰ জন্মভূমি। ষোড়শ শতিকাত মোগল জেনেৰেল মীৰে অযোধ্যাত এটি মছজিদ নিৰ্মাণ কৰে, যাক বাবৰি মছজিদ বুলি জনা যায়। তেওঁ মছজিদ নিৰ্মাণ কৰা ঠাইখনক ৰাম জন্মভূমি বুলি অভিহিত কৰিছিল হিন্দু জাতীয়তাবাদীসকলে।

৮০ দশকত, বিশ্ব হিন্দু পৰিষদে তেওঁলোকৰ ৰাজনৈতিক সহযোগী ভাৰতীয় জনতা পাৰ্টীৰ সৈতে সেই স্থানত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে প্ৰচাৰ চলাইছিল। ৰাম মন্দিৰ নিৰ্মাণৰ বাবে কিছুমান শোভাযাত্ৰাৰো আয়োজন কৰা হৈছিল। এই শোভাযাত্ৰাবোৰৰ ভিতৰত আছিল জ্যেষ্ঠ বিজেপি নেতা তথা বিজেপিৰ তদানীন্তন ৰাষ্ট্ৰীয় সভাপতি লালকৃষ্ণ আদৱানীৰ নেতৃত্বত ৰাম ৰথ যাত্ৰা। ১৯৯২ চনৰ ৬ ডিচেম্বৰত বিশ্ব হিন্দু পৰিষদ বিজেপিয়ে সেই স্থানত ডেৰ লাখ সেৱকক লৈ এক বিশাল শোভাযাত্ৰা উলিয়াইছিল। শোভাযাত্ৰাৰ সময়ত পৰিস্থিতি হিংসাত্মক হৈ নিয়ন্ত্ৰণ হেৰুৱাইছিল আৰু আইন-শৃংখলা ৰক্ষকৰ বাধা, উপেক্ষা নেওচি মছজিদটো ভাঙি পেলোৱা হৈছিল। পৰৱৰ্তী সময়ত সেই হিংসাৰ জুই গোটেই দেশতে বিয়পি পৰে।

পাছত অনুসন্ধানত প্ৰকাশ পাইছিল যে ঘটনাটোত ৬৮ জন লোক জড়িত আছিল, যাৰ কিছুমানৰ নাম বিজেপি আৰু ভিএইচপি নেতাসকলে দিছিল। বাবৰি মছজিদ ধ্বংস হোৱাৰ ফলত ভাৰতত হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ লোকৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ হয়, যি সংঘৰ্ষ কেইবামাহধৰি চলিছিল।১৯৯০ চনত ভাৰতীয় জনতা পাৰ্টীয়ে ৰাষ্ট্ৰীয়ভাৱে নিজৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ চেষ্টা কৰিছিল। ১৯৮৪ চনৰ সাধাৰণ নিৰ্বাচনত দলটোৱে লোকসভাত মাত্ৰ দুখন আসন লাভ কৰিছিল; ১৯৮৯ চনলৈহে দলটোৱে ৮০খনতকৈয়ো অধিক আসন লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৮৯ চনত দলৰ ৰাষ্ট্ৰীয় সভাপতি এল.কে. আদৱানীয়ে এক ৰথযাত্ৰা কৰিছিল, যিটো দুটা প্ৰেক্ষাপটৰ সৈতে জড়িত বুলি অভিযোগ শুনা যায়। এক, ১৯৯২ চনৰ ৬ ডিচেম্বৰত বাবৰি মছজিদ ধ্বংস কৰা আৰু দুই, বিজেপিৰ ক্ষমতালৈ উত্থান।


গুজৰাটৰ পৰা আৰম্ভ হোৱা ৰথযাত্ৰাৰ সমদল অযোধ্যাত সমাপ্ত হোৱাৰ দিশে গৈ আছিল কিন্তু বিহাৰৰ তদানীন্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱে আদৱানীক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছিল। ১৯৯১ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ১০০ৰ সীমা অতিক্ৰম কৰিছিল। ১৯৯২ চনৰ ৬ ডিচেম্বৰত যেতিয়া মছজিদ ধ্বংস কৰা হৈছিল তেতিয়া আদৱানী আন বিজেপি নেতাসকলৰ সৈতে অযোধ্যাত উপস্থিত আছিল আৰু সেৱকসকলৰ ভিৰক উদ্দেশ্যি ভাষণ দিছিল। ১৯৯৬ চনত বিজেপি লোকসভাত একক সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰে আৰু ১৩ দিনৰ বাবে কেন্দ্ৰত কম সময়ৰ চৰকাৰত অধীষ্ঠিত হয়। ১৯৯৮ চনত আদৱানীক গৃহমন্ত্ৰী হিচাপে লৈ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰতাৰ অংশ হিচাপে দলটো পুনৰ ক্ষমতালৈ আহে। পাছত তেওঁক উপ-প্ৰধানমন্ত্ৰীলৈ উন্নীত কৰা হৈছিল।


ৰাম জন্মভূমি আন্দোলনৰ চৰ্চিত ৰাজনৈতিক মুখ মুৰলী মনোহৰ যোশী, উমা ভাৰতীকে ধৰি আন বহু নেতাৰ সৈতে নেতৃত্বত আছিল লালকৃষ্ণ আদৱানী। পৰৱৰ্তী সময়ত আদৱানীয়ে সেই দিনটোক তেওঁৰ জীৱনৰ আটাইতকৈ দুখৰ দিন বুলি অভিহিত কৰিছিল, যিটো বিজেপিৰ হিন্দুত্ববাদী দৃষ্টিভংগীৰ বিপৰীতে আছিল। বিজেপিয়ে ২০০৪ আৰু ২০০৯ চনৰ সাধাৰণ নিৰ্বাচনত পৰাজিত হৈছিল, য’ত আদৱানীক দুয়োবাৰে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছিল। পাছলৈ তদানীন্তন গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰসিদ্ধি লাভ কৰাৰ লগে লগে আদৱানীয়ে নিজকে দলত একাষৰীয়া হৈ থকা যেন অনুভৱ কৰিলে। লক্ষ্ণৌ আদালতত বাবৰি মছদিড সংক্ৰান্তীয় এটা শুনানিত ন্যায়াধীশে ৰায়টোৰ কাৰ্যকৰী অংশটো পঢ়ি শুনাওঁতে অভিযুক্তসকলৰ ২৬জন আদালতত উপস্থিত আছিল।

প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী এল কে আদৱানী, উত্তৰ প্ৰদেশৰ তদানীন্তন মুখ্যমন্ত্ৰী কল্যাণ সিং, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মুৰলী মনোহৰ যোশী আৰু উমা ভাৰতী, ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ সভাপতি নৃতা গোপাল দাস আৰু শিৱসেনাৰ নেতা সতীশ প্ৰধানে ব্যক্তিগত উপস্থিতিৰ পৰা ৰেহাই বিচাৰিছিল। অৱশ্যে, ২০২০ বৰ্ষৰ ৩০ ছেপ্টেম্বৰত হোৱা শুনানিত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে দিয়া ৰায়দানক আদৰণি জনাইছিল আদৱানীয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ