--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চলিত এছিয়া কাপত ধাৰাবাহিক ব্যৰ্থতাৰ ফলশ্ৰুতিত সদ্য প্ৰকাশিত টি-২০ ৰেংকিঙৰ বেটাৰ তালিকাত শীৰ্ষস্থান হেৰুৱাবলগীয়া হৈছে পাকিস্তানৰ অধিনায়ক তথা সাম্প্ৰতিক সময়ৰ বিশ্ব ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ বেটাৰ বাবৰ আজমে। দীৰ্ঘদিন ধৰি বেটিং ৰেংকিঙৰ শীৰ্ষস্থানত অধিষ্ঠিত থকা বাবৰ আজমক পিছলৈ ঠেলি কেৰিয়াৰত প্ৰথমবাৰৰ বাবে শীৰ্ষস্থানত উপনীত হৈছে বাবৰৰ অপেনিং সতীৰ্থ মহম্মদ ৰিজৱান। ধাৰাবাহিকভাৱে দেখুৱাই অহা বেটিং প্ৰদৰ্শনৰ সুবাদত ৰিজৱানে শীৰ্ষস্থান লাভ কৰিছে।

আজি আইচিচি- এ প্ৰকাশ কৰা টি-২০ ৰেংকিঙত ৰিজৱানে ৮১৫ ৰেটিং পইণ্টেৰে শীৰ্ষত থকাৰ বিপৰীতে বাবৰে ৭৯৪ ৰেটিং পইণ্টেৰে দ্বিতীয় স্থানলৈ অৱনমিত হয়। ইফালে এই তালিকাত শীৰ্ষ দহত একমাত্ৰ ভাৰতীয় হিচাপে স্থান লাভ কৰিছে সূৰ্যকুমাৰ যাদৱে। যাদৱে দ্বিতীয় স্থানৰ পৰা দুটা স্থান পিছুৱাই বৰ্তমান চতুৰ্থ স্থান লাভ কৰিছে। আনহাতে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই তিনিটা স্থান আগুৱাই ১৪ তম স্থানত উপনীত হৈছে।

ইফালে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা তাৰকা বেটাৰ বিৰাট কোহলীয়ে দীৰ্ঘদিনীয়া ব্যৰ্থতা আঁতৰাই এছিয়া কাপত নিজৰ ফৰ্ম ঘূৰাই পোৱাৰ ইঙ্গিত দিছে। প্ৰতিযোগিতাখনত ভাৰতৰ হৈ বৰ্তমানলৈকে সৰ্বাধিক ৰান সংগ্ৰহ কৰা কোহলী চাৰিটা স্থান আগুৱাই ২৯ তম স্থানত উপনীত হৈছে।

অলৰাউণ্ডাৰৰ তালিকাত ভাৰতৰ নিৰ্ভৰযোগ্য অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া পঞ্চম স্থানত আছে। নতুন ৰেংকিং তালিকাত অষ্ট্ৰেলিয়ান পেচাৰ জ’ছ হেজলউড ৭৯২ ৰেটিং পইণ্টেৰে বলাৰৰ ৰেংকিঙত আৰু আফগানিস্তানৰ মহম্মদ নবী ২৫৬ ৰেটিং পইণ্টেৰে অলৰাউণ্ডাৰ ৰেংকিঘত শীৰ্ষস্থানত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী