--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চলিত এছিয়া কাপত ধাৰাবাহিক ব্যৰ্থতাৰ ফলশ্ৰুতিত সদ্য প্ৰকাশিত টি-২০ ৰেংকিঙৰ বেটাৰ তালিকাত শীৰ্ষস্থান হেৰুৱাবলগীয়া হৈছে পাকিস্তানৰ অধিনায়ক তথা সাম্প্ৰতিক সময়ৰ বিশ্ব ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ বেটাৰ বাবৰ আজমে। দীৰ্ঘদিন ধৰি বেটিং ৰেংকিঙৰ শীৰ্ষস্থানত অধিষ্ঠিত থকা বাবৰ আজমক পিছলৈ ঠেলি কেৰিয়াৰত প্ৰথমবাৰৰ বাবে শীৰ্ষস্থানত উপনীত হৈছে বাবৰৰ অপেনিং সতীৰ্থ মহম্মদ ৰিজৱান। ধাৰাবাহিকভাৱে দেখুৱাই অহা বেটিং প্ৰদৰ্শনৰ সুবাদত ৰিজৱানে শীৰ্ষস্থান লাভ কৰিছে।

আজি আইচিচি- এ প্ৰকাশ কৰা টি-২০ ৰেংকিঙত ৰিজৱানে ৮১৫ ৰেটিং পইণ্টেৰে শীৰ্ষত থকাৰ বিপৰীতে বাবৰে ৭৯৪ ৰেটিং পইণ্টেৰে দ্বিতীয় স্থানলৈ অৱনমিত হয়। ইফালে এই তালিকাত শীৰ্ষ দহত একমাত্ৰ ভাৰতীয় হিচাপে স্থান লাভ কৰিছে সূৰ্যকুমাৰ যাদৱে। যাদৱে দ্বিতীয় স্থানৰ পৰা দুটা স্থান পিছুৱাই বৰ্তমান চতুৰ্থ স্থান লাভ কৰিছে। আনহাতে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই তিনিটা স্থান আগুৱাই ১৪ তম স্থানত উপনীত হৈছে।

ইফালে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা তাৰকা বেটাৰ বিৰাট কোহলীয়ে দীৰ্ঘদিনীয়া ব্যৰ্থতা আঁতৰাই এছিয়া কাপত নিজৰ ফৰ্ম ঘূৰাই পোৱাৰ ইঙ্গিত দিছে। প্ৰতিযোগিতাখনত ভাৰতৰ হৈ বৰ্তমানলৈকে সৰ্বাধিক ৰান সংগ্ৰহ কৰা কোহলী চাৰিটা স্থান আগুৱাই ২৯ তম স্থানত উপনীত হৈছে।

অলৰাউণ্ডাৰৰ তালিকাত ভাৰতৰ নিৰ্ভৰযোগ্য অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া পঞ্চম স্থানত আছে। নতুন ৰেংকিং তালিকাত অষ্ট্ৰেলিয়ান পেচাৰ জ’ছ হেজলউড ৭৯২ ৰেটিং পইণ্টেৰে বলাৰৰ ৰেংকিঙত আৰু আফগানিস্তানৰ মহম্মদ নবী ২৫৬ ৰেটিং পইণ্টেৰে অলৰাউণ্ডাৰ ৰেংকিঘত শীৰ্ষস্থানত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু