--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আঘাতৰ সমস্যাই বিপদত পেলোৱাৰ পিছত এইবাৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলিত শৃংখলাৰ অন্তিম দুখন এদিনীয়া মেচৰ বাবে ভাৰতীয় দলত সালসলনি ঘটাবলৈ বাধ্য হৈছে ভাৰতীয় দলৰ মেনেজমেণ্ট। গোৰোহাৰ আঘাতৰ বাবে শৃংখলাটোৰ পৰা পেচাৰ দীপক চাহাৰ বাহিৰ হোৱাৰ বাবে চাহাৰৰ স্থানত দলত অন্তৰ্ভুক্ত কৰা হৈছে স্পীন বলিং অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰ। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড, চমুকৈ বিচিচিআই- এ আজি ৱাশ্বিংটনৰ প্ৰত্যাৱৰ্তনৰ কথা ঘোষণা কৰে।  বিচিচিআই- এ লগতে আঘাতপ্ৰাপ্ত চাহাৰ বৰ্তমান বাংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত চিকিৎসা দলৰ নিৰীক্ষণত থাকিব বুলি বিবৃতিটোত উল্লেখ কৰে। 

লক্ষ্ণৌত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন মেচত মূল একাদশত নাছিল চাহাৰ। শুকুৰবাৰে বিচিচিআইৰ এক সূত্ৰই জানিবলৈ দিয়া মতে মেচখনৰ পূৰ্বে আঘাত পোৱাৰ বাবেই চাহাৰক মূল দলত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। "দীপক চাহাৰে গোৰোহাত আঘাতত ভুগি আছে। অৱশ্যে এই আঘাত অত্যাধিক গুৰুতৰ নহয় যদিও কিছুদিনৰ বিশ্ৰাম দিয়া উচিত হ'ব পাৰে।"- সংবাদ মাধ্যমৰ আগত বিষয়াগৰাকীয়ে এইদৰে উল্লেখ কৰিছিল। 

উল্লেখ্য যে দীপক চাহাৰক টি-২০ বিশ্বকাপত ভাৰতীয় দলৰ ষ্টেণ্ডবাই হিচাপে ৰখা হৈছিল। শেহতীয়াকৈ তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহ আঘাতৰ বাবে বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ পিছত মহম্মদ ছামিৰ লগতে দীপক চাহাৰৰ নামো বুমৰাহৰ বিকল্প হিচাপে চৰ্চিত হৈছিল। সেয়ে বিশ্বকাপলৈ মাত্ৰ আঠটা দিন বাকী থকা অৱস্থাত চাহাৰৰ আঘাত যথেষ্ট চিন্তনীয় বিবেচিত হৈছে। 

অৱশ্যে টি-২০ বিশ্বকাপৰ দলত যশপ্ৰীত বুমৰাহৰ স্থানত মহম্মদ ছামিৰ অন্তৰ্ভুক্তিৰ সম্ভাৱনা অধিক আছে। ক’ভিদৰ পৰা সুস্থ হৈ উঠাৰ পিছত ছামি শেহতীয়াকৈ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত ফিটনেছ টেষ্টতো অৱতীৰ্ণ হৈছিল বুলি খবৰ প্ৰকাশিত হৈছিল। চাহাৰতকৈ ছামিয়ে বিশ্বকাপৰ মূল দলত অগ্ৰাধিকাৰ পাব পাৰে আৰু যদি সেয়ে হয়  যি অহা তিনিৰ পৰা চাৰি দিনৰ ভিতৰত ভাৰতীয় দলত যোগ দিয়াৰ বাবে ছামি অষ্ট্ৰেলিয়ালৈ উৰা মাৰিব।

ইফালে প্ৰথম খন এদিনীয়াত ভ্ৰমণকাৰী দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে  ৯ ৰানত পৰাস্ত হোৱাৰ পাছত শৃংখলা দখলৰ বাবে অন্তিম দুখন মেচত জয়ৰ গত্যন্তৰ নাই ভাৰতৰ। বৰষুণৰ বাবে ৪০ অভাৰলৈ হ্ৰাস কৰা মেচখনত দক্ষিণ আফ্ৰিকাই ভাৰতৰ সমুখত ২৫০ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়াৰ পাছত সঞ্জু চেমছন আৰু শ্ৰেয়স আয়াৰৰ অৰ্ধশতক স্বত্বেও ভাৰতে লক্ষ্য অনুসৰণ কৰাত ব্যৰ্থ হৈছিল আৰু ভ্ৰমণকাৰী দলটোৱে শৃংখলাত ১-০ ৰ অগ্ৰগতি লাভ কৰিছিল।

শৃংখলাৰ দ্বিতীয় আৰু তৃতীয় মেচ দুখন ক্ৰমে দেওবাৰে ৰাঁচীৰ জে এছ চি এ ইণ্টাৰনেশ্যনেল ষ্টেডিয়াম আৰু মঙলবাৰে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। শৃংখলাটোৰ পৰৱৰ্তী এই দুখন মেচৰ বাবে ৱাশ্বিংটন সুন্দৰৰ অন্তৰ্ভুক্তিৰ বাবে পূৰ্বে ঘোষিত দলটোৱেই বাহাল আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক