--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত দলীয় বিপৰ্যয়ৰ পাছতো অকলেই প্ৰায় ভাৰতক জয়ৰ দিশলৈ লৈ গৈছিল যুৱ তাৰকা সঞ্জু চেমছনে। বিস্ফোৰক বেটিঙেৰে দক্ষিণ আফ্ৰিকাৰ বলিং আক্ৰমণৰ মোকাবিলা কৰি ভাৰতৰ জয়ৰ আশা জগাই তোলা চেমছনে প্ৰমাণ কৰিছিল নিজৰ দক্ষতা। সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ অন্যতম এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন বেটাৰ হিচাপে পৰিগণিত হোৱা চেমছনে ইতিমধ্যে ক্ৰিকেট বিশেষজ্ঞসকলৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। তাৰকা বেটাৰগৰাকীৰ দুৰন্ত প্ৰদৰ্শনৰ পাছতো ভাৰতৰ জাতীয় দলত স্থান নিগাজী নোহোৱাত সময়ে সময়ে যথেষ্ট বিতৰ্কৰো সৃষ্টি হৈছে। 

চেমছনৰ এই ধাৰাবাহিকতা আৰু বেটাৰ হিচাপে দাঙি ধৰা দক্ষতাৰ বাবে এইবাৰ তাৰকাগৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে দক্ষিণ আফ্ৰিকাৰ এগৰাকী কিংবদন্তী ক্ৰিকেটাৰ। দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা কিংবদন্তী পেচাৰ ডেল ষ্টেইনে এক বিশেষ দক্ষতাৰ বাবে চেমছনক প্ৰাক্তন ভাৰতীয় ক্ৰিকেট তাৰকা যুৱৰাজ সিঙৰ সৈতে তুলনা কৰিছে। 

ক্ৰিকেট বিশ্বত ‘ছিক্সাৰ কিং’ হিচাপে পৰিচিত যুৱৰাজ সিঙে যিকোনো বলাৰৰে বল হেলাৰঙে বাউণ্ডেৰীৰ পাৰ কৰি দিয়া দৃশ্য প্ৰতিগৰাকী ক্ৰিকেট প্ৰেমীৰে পৰিচিত। কোনে পাহৰিব পাৰে, টি-২০ বিশ্বকাপৰ প্ৰথম সংস্কৰণত ইংলেণ্ডৰ পেচাৰ ষ্টুৱাৰ্ট ব্ৰডৰ এটা অভাৰত যুৱৰাজে কোবোৱা ছটাকৈ ছয়ৰ সেই গৌৰৱোজ্জ্বল অতীত! ছয় কোবোৱাৰ এই অসামান্য দক্ষতাৰ বাবেই ক্ৰিকেট বিশ্বত ‘ছিক্সাৰ কিং’ আখ্যা পাইছিল ভাৰতীয় ক্ৰিকেটৰ এই কিংবদন্তী তাৰকাগৰাকীয়ে। যুৱৰাজৰ এই বিশেষ দক্ষতাৰ আধাৰতে ষ্টেইনে ভাৰতৰ নৱ তাৰকা চেমছনক যুৱৰাজৰ সৈতে তুলনা কৰিছে। 

বৃহস্পতিবাৰৰ মেচখনত চেমছনৰ দুৰ্দান্ত বেটিং প্ৰদৰ্শনৰ ষ্টেইনে চেমছনক উচ্চ প্ৰশংসা কৰি কয় যে যুৱৰাজ সিঙৰ দৰেই চেমছনৰো ছয় কোবোৱাৰ অসামান্য দক্ষতা আছে। ষ্টেইনে কয়, “আই পি এলত মই চেমছনক ভালদৰে লক্ষ্য কৰিছো। যিকোনো বলাৰৰ বিপক্ষে চেমছনে ইচ্ছামতেই বাউণ্ডেৰী কোবাবলৈ সক্ষম। বিশেষকৈ খেলৰ অন্তিম দুই অভাৰত চেমছনে অবিশ্বাস্যভাৱে বাউণ্ডেৰী কোবাব পাৰে।" 

মেচখনত দক্ষিণ আফ্ৰিকান পেচাৰ কেগিছো ৰাবাডাই এক গুৰুত্বপূৰ্ণ সময়ত কৰা ন’ বল সন্দৰ্ভত মন্তব্য কৰোঁতে ষ্টেইনে কয়, “যেতিয়া ৰাবাডাই ন’ বলটো কৰিছিল, মই তেতিয়া নাৰ্ভাছ হৈ পৰিছিলো। কিয়নো সঞ্জু হৈছে এনে এক বেটাৰ, যি যুৱৰাজ সিঙৰ দৰেই এটা অভাৰত ছয়টা ছয় মৰাৰ বা দলক ৩০ তকৈ অধিক ৰানৰ প্ৰয়োজন হ’লেও সেই লক্ষ্য অতিক্ৰম কৰাৰ সম্ভাৱনা আছে।”

উল্লেখ্যে যে মেচখনত বেটিং লাইন-আপৰ ব্যৰ্থতাৰ বাবে ভাৰতীয় দল ৯ ৰানত পৰাজিত হ’লেও চেমছনে ৬৩ টা বলত ৯টা চাৰি আৰু ৩টা ছয়ৰ সহায়ত ৮৬ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু