--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত দলীয় বিপৰ্যয়ৰ পাছতো অকলেই প্ৰায় ভাৰতক জয়ৰ দিশলৈ লৈ গৈছিল যুৱ তাৰকা সঞ্জু চেমছনে। বিস্ফোৰক বেটিঙেৰে দক্ষিণ আফ্ৰিকাৰ বলিং আক্ৰমণৰ মোকাবিলা কৰি ভাৰতৰ জয়ৰ আশা জগাই তোলা চেমছনে প্ৰমাণ কৰিছিল নিজৰ দক্ষতা। সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ অন্যতম এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন বেটাৰ হিচাপে পৰিগণিত হোৱা চেমছনে ইতিমধ্যে ক্ৰিকেট বিশেষজ্ঞসকলৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। তাৰকা বেটাৰগৰাকীৰ দুৰন্ত প্ৰদৰ্শনৰ পাছতো ভাৰতৰ জাতীয় দলত স্থান নিগাজী নোহোৱাত সময়ে সময়ে যথেষ্ট বিতৰ্কৰো সৃষ্টি হৈছে। 

চেমছনৰ এই ধাৰাবাহিকতা আৰু বেটাৰ হিচাপে দাঙি ধৰা দক্ষতাৰ বাবে এইবাৰ তাৰকাগৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে দক্ষিণ আফ্ৰিকাৰ এগৰাকী কিংবদন্তী ক্ৰিকেটাৰ। দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা কিংবদন্তী পেচাৰ ডেল ষ্টেইনে এক বিশেষ দক্ষতাৰ বাবে চেমছনক প্ৰাক্তন ভাৰতীয় ক্ৰিকেট তাৰকা যুৱৰাজ সিঙৰ সৈতে তুলনা কৰিছে। 

ক্ৰিকেট বিশ্বত ‘ছিক্সাৰ কিং’ হিচাপে পৰিচিত যুৱৰাজ সিঙে যিকোনো বলাৰৰে বল হেলাৰঙে বাউণ্ডেৰীৰ পাৰ কৰি দিয়া দৃশ্য প্ৰতিগৰাকী ক্ৰিকেট প্ৰেমীৰে পৰিচিত। কোনে পাহৰিব পাৰে, টি-২০ বিশ্বকাপৰ প্ৰথম সংস্কৰণত ইংলেণ্ডৰ পেচাৰ ষ্টুৱাৰ্ট ব্ৰডৰ এটা অভাৰত যুৱৰাজে কোবোৱা ছটাকৈ ছয়ৰ সেই গৌৰৱোজ্জ্বল অতীত! ছয় কোবোৱাৰ এই অসামান্য দক্ষতাৰ বাবেই ক্ৰিকেট বিশ্বত ‘ছিক্সাৰ কিং’ আখ্যা পাইছিল ভাৰতীয় ক্ৰিকেটৰ এই কিংবদন্তী তাৰকাগৰাকীয়ে। যুৱৰাজৰ এই বিশেষ দক্ষতাৰ আধাৰতে ষ্টেইনে ভাৰতৰ নৱ তাৰকা চেমছনক যুৱৰাজৰ সৈতে তুলনা কৰিছে। 

বৃহস্পতিবাৰৰ মেচখনত চেমছনৰ দুৰ্দান্ত বেটিং প্ৰদৰ্শনৰ ষ্টেইনে চেমছনক উচ্চ প্ৰশংসা কৰি কয় যে যুৱৰাজ সিঙৰ দৰেই চেমছনৰো ছয় কোবোৱাৰ অসামান্য দক্ষতা আছে। ষ্টেইনে কয়, “আই পি এলত মই চেমছনক ভালদৰে লক্ষ্য কৰিছো। যিকোনো বলাৰৰ বিপক্ষে চেমছনে ইচ্ছামতেই বাউণ্ডেৰী কোবাবলৈ সক্ষম। বিশেষকৈ খেলৰ অন্তিম দুই অভাৰত চেমছনে অবিশ্বাস্যভাৱে বাউণ্ডেৰী কোবাব পাৰে।" 

মেচখনত দক্ষিণ আফ্ৰিকান পেচাৰ কেগিছো ৰাবাডাই এক গুৰুত্বপূৰ্ণ সময়ত কৰা ন’ বল সন্দৰ্ভত মন্তব্য কৰোঁতে ষ্টেইনে কয়, “যেতিয়া ৰাবাডাই ন’ বলটো কৰিছিল, মই তেতিয়া নাৰ্ভাছ হৈ পৰিছিলো। কিয়নো সঞ্জু হৈছে এনে এক বেটাৰ, যি যুৱৰাজ সিঙৰ দৰেই এটা অভাৰত ছয়টা ছয় মৰাৰ বা দলক ৩০ তকৈ অধিক ৰানৰ প্ৰয়োজন হ’লেও সেই লক্ষ্য অতিক্ৰম কৰাৰ সম্ভাৱনা আছে।”

উল্লেখ্যে যে মেচখনত বেটিং লাইন-আপৰ ব্যৰ্থতাৰ বাবে ভাৰতীয় দল ৯ ৰানত পৰাজিত হ’লেও চেমছনে ৬৩ টা বলত ৯টা চাৰি আৰু ৩টা ছয়ৰ সহায়ত ৮৬ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
টী-২০ মহিলা বিশ্বকাপ ২০২৬ ; বিচিচিআইএ ঘোষণা কৰিলে ভাৰতীয় দল
গংগা এক্সপ্ৰেছৱেত হাই-টেক সুৰক্ষা ব্যৱস্থা: এতিয়াৰ পৰা গাড়ী চলাওতে টোপনি আহিলে চালকক কৰিব সতৰ্ক
অসম মেঘালয় সীমান্তৰ ফুলবাৰীৰ গোমাইঝোৰাত ভয়ংকৰ পথ দূৰ্ঘটনা: থিতাতে মৃত্যু এজন বৃদ্ধাৰ
"Women Who Rally" লিডাৰশ্বিপ কোহৰ্টত স্থান লাভ গুৱাহাটীৰ নাজনীন ৰহমানৰ
ৰোহিত জৈনক ৰিজাৰ্ভ বেংকৰ নতুন ডেপুটি গভৰ্ণৰ হিচাপে নিযুক্তি
পৰিয়ালত প্ৰেমিকৰ সৈতে বিয়াৰ দাবী; মোবাইল টাৱাৰত উঠিল কিশোৰী
খুতুৰা শাকৰ আছে বহু উপকাৰী গুণ; সুস্বাস্থ্য গঢ়াত কৰে সহায়
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী
ড° অশোক কুমাৰ লাহিড়ীক নিটি আয়োগৰ উপাধ্যক্ষৰূপে নিয়োগ
AIয়ে দিব বানপানীৰ আগজাননী
দিল্লীত ভয়ংকৰ পথ দুৰ্ঘটনা: তীব্ৰবেগী বাহনৰ খুন্দাত ৪ যুৱকৰ কৰুণ মৃত্যু