--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসুস্থ শৰীৰেৰে বিমান যাত্ৰা কৰে যুৱতীগৰাকীয়ে। কিন্তু বিমানত উঠাৰ পাছত তেওঁ আন যাত্ৰীসকলক ‘অসুবিধা’ৰ সৃষ্টি কৰিছিল। বিমান যাত্ৰাৰ ঠিক আগতে যুৱতীগৰাকীয়ে বাৰে বাৰে শৌচাগাৰলৈ গৈছিল। ফলত বিমানখন সময়মতে উৰিব পৰা নাছিল। শেষত বিমান পৰিচাৰকসকলে যুৱতীগৰাকীক বিমানৰ পৰা নমাই আনে।

শনিবাৰে মেক্সিকোৰ বিমানবন্দৰত সংঘটিত এই ঘটনা। ছোৱালীজনীৰ নাম জোয়ানা চ্যু। জোয়ানাৰ লগত কি হ’ল, যুৱতীগৰাকীয়ে নিজৰ এক্স হেণ্ডেলত (পূৰ্বৰ টুইটাৰ) বিতংভাৱে পোষ্ট কৰিলে। পোষ্টটোত জোয়ানাই লিখিছে-  ''মোক ৱেষ্টজেটৰ বিমানৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। কাৰণ মই অসুস্থ পেটৰ অসুখৰ বাবে বাৰে বাৰে শৌচাগাৰলৈ গৈ আছিলো। সেইবাবেই বিমানখন পলম হৈছিল।’’

যুৱতীগৰাকীয়ে বিমান সংস্থাটোৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰে। তেওঁ দাবী কৰে যে বিমানখনৰ পৰা নমাই অনাৰ পিছত সংগঠনটোৱে কোনো হোটেলৰ ব্যৱস্থা কৰা নাছিল। কোম্পানীয়ে পৰৱৰ্তী বিমানৰ টিকটতো বুকিং কৰা নাছিল। ছ’চিয়েল মিডিয়াত এই অভিযোগ কৰিছে ছোৱালীজনীয়ে।

তেওঁ দাবী কৰিছিল যে জোয়ানাৰ হাতত টকাও নাছিল কাৰণ তাই খৰখেদাকৈ বিমানৰ পৰা নামিছিল। জোয়ানাই পোষ্টটোত লিখিছে, "মোৰ মানি বেগটো বন্ধু এজনৰ ওচৰত ৰৈ গ'ল। বিমান পৰিচাৰিকাসকলে মোৰ লগত বেয়া আচৰণ কৰিলে।’’

জোয়ানাই অভিযোগ কৰিছিল যে তেওঁক এজন এয়াৰমেনে ভাবুকি দিছিল। ঘটনাৰ ভিডিঅ’ বনাই ছ’চিয়েল মিডিয়াত পোষ্ট কৰে। জোয়ানাৰ এটা পোষ্টত লিখা আছিল, "মোক ভাবুকি দিয়া হৈছিল যে ভিডিঅ'টো ডিলিট নকৰিলে মোক সহায় কৰা নহ'ব।"

জোয়ানাই দুখ প্ৰকাশ কৰে যে বিমানবন্দৰৰ পৰা ওচৰৰ হোটেলখনলৈ যাবলৈ ২০ মিনিট সময় লাগিলহেঁতেন যদিও বিমান সংস্থাটোৱে কোনো গাড়ীৰ ব্যৱস্থা কৰা নাছিল। পিছত অৱশ্যে যুৱতীগৰাকীয়ে নিজৰ সুৰক্ষাৰ কথা ক’লে।

এক্সত বিমান সংস্থাটোৱে পোষ্ট কৰি কয় যে, ‘আমাৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰক। আপোনাৰ পৰিস্থিতিৰ সকলো তথ্য প্ৰদান কৰক।'' কেইঘণ্টামানৰ ভিতৰতে যুৱতীগৰাকীয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি লিখিছে, ‘মই নিৰাপদ। মই সুস্থ। পৰৱৰ্তী বিমানখনত মোক বুকিং কৰা হৈছে। কিন্তু সকলোকে অনুৰোধ কৰিম যে অসুস্থ শৰীৰ লৈ বিমানেৰে যাত্ৰা নকৰিব। ঔষধ, জৰুৰীকালীন নথি-পত্ৰ, পাছপ’ৰ্ট আৰু ধন সকলো সময়তে লগত লৈ যাব।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন