--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজীৱন ৰাষ্ট্রপতি হৈ থকাৰ নিয়ম প্ৰযোজ্য কৰাৰ পাছতো গাদীচ্যুত হোৱাৰ ভয়ে খেদিছে ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিনক৷ যাৰবাবে পুটিনে এফালৰ পৰা নিঃশেষ কৰি গৈছে এজনৰ পাছত আনজন প্ৰতিদ্বন্দ্বীক৷ শেহতীয়াকৈ অৰ্থাৎ ১৬ ফেব্ৰুৱাৰীত আকস্মিকভাৱে মৃত্যু হৈছিল ৰাষ্ট্রপতি পুটিনৰ ঘোৰ প্ৰতিদ্বন্দ্বী এলেক্সি নভলনিৰ৷

১৬ ফেব্ৰুৱাৰীত বিশ্বৰ অন্যতম ভয়ংকৰ কাৰাগাৰত মৃত্যু হৈছিল এলেক্সিৰ৷ নিজৰ ঘোৰ প্ৰতিদ্বন্দ্বীগৰাকীক বিগত দুটা মাহে পুটিনে বন্দী কৰি ৰাখিছিল আৰ্কটিক অঞ্চলৰ বিশ্বৰ আটাইতকৈ ঠাণ্ডা কাৰাগাৰখনত৷ প’লাৰ বোল্ফ নামৰ কুখ্যাত কাৰাগাৰখনতেই আকস্মিকভাৱে মৃত্যুৰ ঘটনাক সহজভাৱে ল’ব পৰা নাই এলেক্সিৰ সমৰ্থকসকলে৷ 

যাৰবাবে এতিয়া ৰাছিয়াৰ বিভিন্ন স্থানত প্ৰতিবাদত নামিছে এলেক্সিৰ হাজাৰ হাজৰ সমৰ্থক৷ নেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হোৱা প্ৰায় ৩০০ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে ৰাছিয়াৰ আৰক্ষীয়ে৷ ৰাছিয়াৰ ৰাজধানী মস্কো চহৰৰ ওপৰিও দেশখনৰ ১০খন চহৰত ১০০ গৰাকী এলেক্সি সমৰ্থক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ 

দৰাচলতে মৃত্যুৰ এদিন পূৰ্বে কাৰাগাৰৰ পৰাই ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে শুনানিত উপস্থিত আছিল পুটিনবিৰোধী নেতাগৰাকী৷ য’ত যথেষ্ট স্বাভাৱিক অৱস্থাত দেখা গৈছিল এলেক্সি নভলনিক৷ কিন্তু তাৰপাছতেই ৰহস্যজনকভাৱে মৃত্যু ঘটিছিল নভলনিৰ৷ যাৰবাবে এই ঘটনাক এক হত্যাকাণ্ড বুলি অভিহিত কৰিছে এলেক্সিৰ সমৰ্থকসকলে৷  

আনহাতে নেতাগৰাকীৰ মৃতদেহ মাতৃক চমজাই দিবলৈও অস্বীকাৰ কৰিছে পুটিন প্ৰশাসনে৷ জাৰ্মানীৰ এক সন্মিলনত উপস্থিত থকা এলেক্সিৰ পত্নীয়ে স্বামীৰ অস্বাভাৱিক মৃত্যুৰ বাবে জগৰীয়া কৰিছে ৰাষ্ট্রপতি পুটিনক৷ আনহাতে বিশ্বজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ৷ 

কানাডাৰ প্ৰধানমন্ত্ৰীয়ে এলেক্সিৰ মৃত্যুৰ পাছতে ৰাক্ষস বুলি অভিহিত কৰিছে ৰাষ্ট্রপতি পুটিনক৷ ব্ৰিটেইনে ইতিমধ্যে চমন জাৰি কৰিছে দেশখনত থকা ৰাছিয়াৰ কূটনীতিকক৷ ইউৰোপ আৰু আমেৰিকাত এলেক্সিৰ মৃত্যুক লৈ সাব্যস্ত কৰা হৈছে প্ৰতিবাদ৷ 

আনহাতে এলেক্সিৰ মৃত্যুক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মাৰ্কিন ৰাষ্ট্রপতি জ’ বাইডেনেও৷ এলেক্সি নভলনিৰ মৃত্যুৰ ফল বিনাশকাৰী হ’ব বুলি অভিহিত কৰিছে মাৰ্কিন ৰাষ্ট্রপতিগৰাকীয়ে৷ দৰাচলতে ২০২১ চনত ১৯ বছৰৰ কাৰাদণ্ড বিহা হৈছিল পুটিনৰ ঘোৰ বিৰোধী নেতা এলেক্সিক৷ কিন্তু কাৰাগাৰত থকা অৱস্থাতেই এলেক্সি নভলনিয়ে এনেদৰে ৰহস্যজনক মৃত্যুক সাৱটি লোৱা পাছত এতিয়া ৰাছিয়াত জ্বলিছে বিদ্ৰোহৰ অগনি৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ