--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজীৱন ৰাষ্ট্রপতি হৈ থকাৰ নিয়ম প্ৰযোজ্য কৰাৰ পাছতো গাদীচ্যুত হোৱাৰ ভয়ে খেদিছে ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিনক৷ যাৰবাবে পুটিনে এফালৰ পৰা নিঃশেষ কৰি গৈছে এজনৰ পাছত আনজন প্ৰতিদ্বন্দ্বীক৷ শেহতীয়াকৈ অৰ্থাৎ ১৬ ফেব্ৰুৱাৰীত আকস্মিকভাৱে মৃত্যু হৈছিল ৰাষ্ট্রপতি পুটিনৰ ঘোৰ প্ৰতিদ্বন্দ্বী এলেক্সি নভলনিৰ৷

১৬ ফেব্ৰুৱাৰীত বিশ্বৰ অন্যতম ভয়ংকৰ কাৰাগাৰত মৃত্যু হৈছিল এলেক্সিৰ৷ নিজৰ ঘোৰ প্ৰতিদ্বন্দ্বীগৰাকীক বিগত দুটা মাহে পুটিনে বন্দী কৰি ৰাখিছিল আৰ্কটিক অঞ্চলৰ বিশ্বৰ আটাইতকৈ ঠাণ্ডা কাৰাগাৰখনত৷ প’লাৰ বোল্ফ নামৰ কুখ্যাত কাৰাগাৰখনতেই আকস্মিকভাৱে মৃত্যুৰ ঘটনাক সহজভাৱে ল’ব পৰা নাই এলেক্সিৰ সমৰ্থকসকলে৷ 

যাৰবাবে এতিয়া ৰাছিয়াৰ বিভিন্ন স্থানত প্ৰতিবাদত নামিছে এলেক্সিৰ হাজাৰ হাজৰ সমৰ্থক৷ নেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হোৱা প্ৰায় ৩০০ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে ৰাছিয়াৰ আৰক্ষীয়ে৷ ৰাছিয়াৰ ৰাজধানী মস্কো চহৰৰ ওপৰিও দেশখনৰ ১০খন চহৰত ১০০ গৰাকী এলেক্সি সমৰ্থক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ 

দৰাচলতে মৃত্যুৰ এদিন পূৰ্বে কাৰাগাৰৰ পৰাই ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে শুনানিত উপস্থিত আছিল পুটিনবিৰোধী নেতাগৰাকী৷ য’ত যথেষ্ট স্বাভাৱিক অৱস্থাত দেখা গৈছিল এলেক্সি নভলনিক৷ কিন্তু তাৰপাছতেই ৰহস্যজনকভাৱে মৃত্যু ঘটিছিল নভলনিৰ৷ যাৰবাবে এই ঘটনাক এক হত্যাকাণ্ড বুলি অভিহিত কৰিছে এলেক্সিৰ সমৰ্থকসকলে৷  

আনহাতে নেতাগৰাকীৰ মৃতদেহ মাতৃক চমজাই দিবলৈও অস্বীকাৰ কৰিছে পুটিন প্ৰশাসনে৷ জাৰ্মানীৰ এক সন্মিলনত উপস্থিত থকা এলেক্সিৰ পত্নীয়ে স্বামীৰ অস্বাভাৱিক মৃত্যুৰ বাবে জগৰীয়া কৰিছে ৰাষ্ট্রপতি পুটিনক৷ আনহাতে বিশ্বজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ৷ 

কানাডাৰ প্ৰধানমন্ত্ৰীয়ে এলেক্সিৰ মৃত্যুৰ পাছতে ৰাক্ষস বুলি অভিহিত কৰিছে ৰাষ্ট্রপতি পুটিনক৷ ব্ৰিটেইনে ইতিমধ্যে চমন জাৰি কৰিছে দেশখনত থকা ৰাছিয়াৰ কূটনীতিকক৷ ইউৰোপ আৰু আমেৰিকাত এলেক্সিৰ মৃত্যুক লৈ সাব্যস্ত কৰা হৈছে প্ৰতিবাদ৷ 

আনহাতে এলেক্সিৰ মৃত্যুক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মাৰ্কিন ৰাষ্ট্রপতি জ’ বাইডেনেও৷ এলেক্সি নভলনিৰ মৃত্যুৰ ফল বিনাশকাৰী হ’ব বুলি অভিহিত কৰিছে মাৰ্কিন ৰাষ্ট্রপতিগৰাকীয়ে৷ দৰাচলতে ২০২১ চনত ১৯ বছৰৰ কাৰাদণ্ড বিহা হৈছিল পুটিনৰ ঘোৰ বিৰোধী নেতা এলেক্সিক৷ কিন্তু কাৰাগাৰত থকা অৱস্থাতেই এলেক্সি নভলনিয়ে এনেদৰে ৰহস্যজনক মৃত্যুক সাৱটি লোৱা পাছত এতিয়া ৰাছিয়াত জ্বলিছে বিদ্ৰোহৰ অগনি৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাতে ড'নাল্ড ট্রাম্পক হত্যাৰ ভাবুকি ইৰানৰ
১৪ জুলাইত পৃথিৱীলৈ উভতিব পাৰিবনে শুভাংশু শুল্কাই?
পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক; জানি লওক সৱিশেষ
নিমন্ত্ৰণ নোপোৱাকৈয়ে পাকিস্তানলৈ যায়, কিন্তু মণিপুৰলৈ নাযায়: মোদীক তীব্ৰ সমালোচনা মল্লিকার্জুন খৰ্গেৰ
‘আপুনি ইঞ্জিন কিয় বন্ধ কৰি দিলে?’ ভইচ ৰেকৰ্ডাৰত ধৰা পৰিল আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ আগ মুহূৰ্তত দুই পাইলটৰ কথা-বতৰা
মুকালমুৱাত আইনী প্ৰক্ৰিয়াৰে পত্নীক বিদায় জনাই ৪০ লিটাৰ গাখীৰেৰে গা ধুই আনন্দ উল্লাস স্বামীৰ
আমেৰিকাত গ্ৰেপ্তাৰ নীৰৱ মোদীৰ ভাতৃ নেহাল, PNB কেলেংকাৰীত আছিল হাত
ব্ৰহ্মপুত্ৰত নতুন মাছৰ প্ৰজাতি আৱিষ্কাৰ
২৩ জুলাইৰ পৰা ডুৰাণ্ড কাপ
কলিয়াবৰত বহু চৰ্চিত এটি ভিডিঅ' ক্লিপ ; এজন যুৱকক পৰিকল্পিত ভাবে হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টাৰ অভিযোগ
আপোনাৰ ঘৰৰ চুইচ বৰ্ডবোৰ লেতেৰা হৈছে নেকি ? তেন্তে অনুসৰণ কৰক এই উপায়
আজি মুকলি হ'ব ৰুক্মিণীগাঁও উৰণ সেতু
১৬০০ কোটি টকাৰ বাজেট! দেশৰ আটাইতকৈ ব্যয়বহুল চিনেমা হ’ব ৰামায়ণ
আর্জেন্টিনাত প্রধানমন্ত্রী মোদী