--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতীয় ৰিজাৰ্ভ বেংক ভাৰতীয় মুদ্ৰাৰ ভঁৰাল। কাৰণ এই কেন্দ্ৰীয় বেংকে দেশৰ অৰ্থনীতি পৰিচালনা কৰে। সকলো মুদ্ৰা আৰু নোট বিত্ত মন্ত্ৰালয়ৰ অধীনস্থ এই বেংকৰ পৰা ছপা কৰা হয়। ৮৭ বছৰৰ পূৰ্বে প্ৰথমবাৰৰ বাবে ব্ৰিটিছে ভাৰতত আৰ বি আইৰ যাত্ৰা আৰম্ভ কৰিছিল। ১৯৩৫ চনৰ ১ এপ্ৰিলত ভাৰতত এই বেংক স্থাপন কৰা হয়। বৰ্তমান ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাস।

 ৰিজাৰ্ভ বেংকৰ প্ৰতীক চিহ্ন দেশৰ পৰম্পৰাগত ঐতিহ্যৰ প্ৰতীকী হিচাপে গণ্য কৰা হয়। ঘূৰণীয়া এখন কাঁহীত বাঘ আৰু তাৰ ঠিক পিছফালে থিয় আছে এডাল গছ (palm-tree)। আৰ বি আই চিনাক্তকৰণৰ বাবে এই চিহ্ন যথেষ্ট। সকলো ভাৰতীয় মুদ্ৰাৰ নোটত এই প্ৰতীকৰ প্ৰতিচ্ছবি থাকে। কিন্তু দেশৰ কেন্দ্ৰীয় বেংকৰ বাবে এই বিশেষ প্ৰতীকটো কিয় বাছি লোৱা হৈছিল? ৰিজাৰ্ভ বেংকৰ বাঘ আৰু গছৰ প্ৰতীকী চিহ্নৰ অৰ্থ কি?

 ব্ৰিটিছ ইণ্ডিয়াত ৰিজাৰ্ভ বেংকৰ আৰম্ভণিতে শীৰ্ষস্থানীয় নেতৃবৃন্দই এটা প্ৰতীকৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল। দেশৰ সকলো নোট, চেক আৰু মুদ্ৰাত ৰিজাৰ্ভ বেংকক প্ৰতিনিধিত্ব কৰিব পৰা চিহ্ন। প্ৰতীকটো সৃষ্টিৰ বাবে প্ৰথম অৱস্থাত কেইবাটাও লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। শীৰ্ষ নেতৃত্বই আলোচনাৰ জৰিয়তে সিদ্ধান্ত লয় যে ৰিজার্ভ বেংকৰ প্রতীকটোৱে চৰকাৰী স্বীকৃতি, বেংকৰ মৰ্যাদাৰ বার্তা কঢ়িয়াব৷

 ভাৰতৰ কেন্দ্ৰীয় বেংকৰ ল’গ’ত দেশৰ নিজস্বতা থাকিব, যাতে বেংকৰ ভাৰতীয়ত্ব অক্ষত থাকে, সেয়েহে শীৰ্ষ নেতৃত্বয়ে এই সিদ্ধান্ত লৈছিল। সিদ্ধান্ত লোৱা হ’ল যে আৰ বি আইৰ চিহ্নটো সাধাৰণ আৰু সহজ হ’ব। কিন্তু ইয়াত কলাত্মক চিন্তাধাৰাৰ প্ৰতিফলন ঘটিব। এই প্ৰতীকটোৰ জৰিয়তে মানুহে যে ৰিজাৰ্ভ বেংকক এটা বাক্যত চিনি পাব পাৰে, সেই কথা মনত ৰাখি এই প্ৰতীকটো ডিজাইন কৰা হৈছিল।

 ১৮৩৫ চনৰ পৰা ১৯১৮ চনলৈ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ জোৰা মহৰ (ডাবল মহৰ) ভাৰতত ব্যৱহাৰ হৈ আছিল। বহু বিবেচনাৰ অন্তত এই ছীলটো ৰিজাৰ্ভ বেংকৰ প্ৰতীক হিচাপে উপযুক্ত বুলি গণ্য কৰা হ’ল। ইষ্ট ইণ্ডিয়া কোম্পানীৰ এযোৰ ডাক টিকটৰ মূল্য আছিল ৩০ টকা। সোণৰ ছীলটোত সিংহ আৰু  এডাল গছ খোদিত কৰা হৈছিল। ৰিজাৰ্ভ বেংকৰ বাবে এই ছবিখন অলপ সংশোধন কৰা হৈছে। আৰ বি আইৰ ডাবল ছীল চিম্বলত সিংহৰ ঠাইত বাঘ দিয়া হৈছে। কাৰণ সিংহতকৈ বাঘ ভাৰতৰ প্ৰকৃতিৰ লগত বেছি মিল আছে। কোৱা হয় যে ৰিজাৰ্ভ বেংকৰ প্ৰতীকত থকা বাঘটোৱে প্ৰকৃততে একে সময়তে শক্তি আৰু আড়ম্বৰৰ বাৰ্তা প্ৰেৰণ কৰে। এই প্ৰসংগত আৰ বি আইৰ এজন বিষয়াই কয়, ‘সিংহটো ভাৰতত সমসাময়িক কালত প্ৰায় বিলুপ্ত হৈ গৈছিল।’ আনহাতে, অৰণ্যত প্ৰায়ে বাঘ দেখা পোৱা গৈছিল। গতিকে বাঘক সিংহতকৈ বেছি ‘ভাৰতীয়’ বুলি গণ্য কৰা হৈছিল।’

 ৰিজাৰ্ভ বেংকৰ প্ৰতীকত থকা গছজোপাই সত্য, মূল্য, সজীৱতা, আন্তৰিকতা, উৰ্বৰতা, নিৰাপত্তা আৰু ঐক্যৰ বাৰ্তা কঢ়িয়ায়। বাঘ আৰু গছে কেন্দ্ৰীয় বেংকৰ মূলমন্ত্ৰক প্ৰতিফলিত কৰে। ঘূৰণীয়া ডিস্কখনত বাঘ আৰু গছেৰে আগুৰি থকা ‘ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া’ লিখা আছে। চিহ্নটোত ইংৰাজী আৰু দেৱনাগৰী দুয়োটা আখৰেৰে বেংকৰ নাম লিখা আছে। ১৯৩৫ চনত ৰিজাৰ্ভ বেংকৰ তেতিয়াৰ ডেপুটি গৱৰ্ণৰ আছিল জেমছ ব্ৰেইড টেইলৰ। তেওঁৰ তত্ত্বাৱধানত বাঘ আৰু গছৰ প্ৰতিচ্ছবিকে ধৰি প্ৰতীকবোৰত চৰকাৰৰ মোহৰ আছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু