--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; টুইটাৰত ইলন মাস্কলৈ পৰামৰ্শ আগবঢ়াইছে কংগনা ৰানাৱটে৷ ইলন মাস্ক টুইটাৰৰ গৰাকী হোৱাৰ পাছতেই সলনি হৈছে টুইটাৰৰ মালিকীস্বত্ব৷ এতিয়াৰে পৰা টুইটাৰত ব্লু টিক ভেৰিফিকেচন পাবলৈ ভৰিব লাগিব ধন৷ তথ্য অনুসৰি টুইটাৰৰ নতুন গৰাকী ইলন মাস্কে টুইটাৰত ব্যৱহাৰকাৰীয়ে ভাৰতীয় মুদ্ৰাৰ মূল্যত ৮৫৬ পৰিশোধ কৰিব লাগিব৷ 

অৱশ্যে, টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কে এতিয়ালৈকে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা নাই। প্ৰকল্পটো এতিয়াও বাতিল হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে, ধনেৰে ব্লু টিক ক্ৰয় কৰাৰ সিদ্ধান্তই সমগ্ৰ বিশ্বতে এক মৃদু প্ৰতিক্ৰয়াৰো সৃষ্টি কৰিছে। ইয়াৰ মাজতে ইলন মাস্কৰ এই সিদ্ধান্তৰ বিৰোধিতাৰে মাস্কক উভতি ধৰিছে কংগনা ৰাণাৱটে৷ লগতে আগবঢ়াইছে কেইবাটাও পৰামৰ্শ৷

কংগনাই কালি নিজৰ মতামত ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে৷ টুইটাৰক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ছ’চিয়েল মিডিয়া প্লেটফ’ৰ্ম হিচাপে ব্যাখ্যা কৰিছে কংগনাই। তেওঁ লিখিছে, টুইটাৰ এতিয়া সৰ্বশ্ৰেষ্ঠ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম। ই মানুহৰ বুদ্ধিমত্তা, জ্ঞান, আদৰ্শক অধিক উন্নত কৰে। অৱশ্যে, মই টুইটাৰ ভেৰিফিকেচনৰ বিষয়টো বুজি নাপাওঁ। কিছুমান একাউণ্টো ভেৰিফাইড কৰা হয়, যিবোৰ একেবাৰে সক্ৰিয় নহয়। 

আগতে, মোৰ একাউণ্টটো টুইটাৰত ভেৰিফাইড হৈছিল, কিন্তু যেতিয়া মোৰ দেউতাই তেওঁৰ একাউণ্টটো ভেৰিফাইড কৰাব বিচাৰিছিল অথচ ৩-৪টা কাৰণ উল্লেখ কৰি নাকচ কৰা হৈছিল। এনেকুৱা লাগিছিল যেন মোৰ দেউতাই কিবা অবৈধ কামহে কৰিছিল। মই ভাবো যিসকলৰ আধাৰ কাৰ্ড আছে তেওঁলোকৰ একাউণ্টবোৰ পৰীক্ষা কৰা উচিত। 

কংগনাই অৱশ্যে এই ক্ষেত্ৰতো ইলন মাস্কক সমৰ্থন জনাইছে। তেওঁৰ মতে এই পৃথিৱীত একো বিনামূলীয়াকৈ উপলব্ধ নহয়। যদি টুইটাৰে টকা লয় তেন্তে সেয়া টুইটাৰৰ উন্নতিৰ বাবেই উপযোগী হ’ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু