--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; টুইটাৰত ইলন মাস্কলৈ পৰামৰ্শ আগবঢ়াইছে কংগনা ৰানাৱটে৷ ইলন মাস্ক টুইটাৰৰ গৰাকী হোৱাৰ পাছতেই সলনি হৈছে টুইটাৰৰ মালিকীস্বত্ব৷ এতিয়াৰে পৰা টুইটাৰত ব্লু টিক ভেৰিফিকেচন পাবলৈ ভৰিব লাগিব ধন৷ তথ্য অনুসৰি টুইটাৰৰ নতুন গৰাকী ইলন মাস্কে টুইটাৰত ব্যৱহাৰকাৰীয়ে ভাৰতীয় মুদ্ৰাৰ মূল্যত ৮৫৬ পৰিশোধ কৰিব লাগিব৷ 

অৱশ্যে, টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কে এতিয়ালৈকে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা নাই। প্ৰকল্পটো এতিয়াও বাতিল হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে, ধনেৰে ব্লু টিক ক্ৰয় কৰাৰ সিদ্ধান্তই সমগ্ৰ বিশ্বতে এক মৃদু প্ৰতিক্ৰয়াৰো সৃষ্টি কৰিছে। ইয়াৰ মাজতে ইলন মাস্কৰ এই সিদ্ধান্তৰ বিৰোধিতাৰে মাস্কক উভতি ধৰিছে কংগনা ৰাণাৱটে৷ লগতে আগবঢ়াইছে কেইবাটাও পৰামৰ্শ৷

কংগনাই কালি নিজৰ মতামত ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে৷ টুইটাৰক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ছ’চিয়েল মিডিয়া প্লেটফ’ৰ্ম হিচাপে ব্যাখ্যা কৰিছে কংগনাই। তেওঁ লিখিছে, টুইটাৰ এতিয়া সৰ্বশ্ৰেষ্ঠ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম। ই মানুহৰ বুদ্ধিমত্তা, জ্ঞান, আদৰ্শক অধিক উন্নত কৰে। অৱশ্যে, মই টুইটাৰ ভেৰিফিকেচনৰ বিষয়টো বুজি নাপাওঁ। কিছুমান একাউণ্টো ভেৰিফাইড কৰা হয়, যিবোৰ একেবাৰে সক্ৰিয় নহয়। 

আগতে, মোৰ একাউণ্টটো টুইটাৰত ভেৰিফাইড হৈছিল, কিন্তু যেতিয়া মোৰ দেউতাই তেওঁৰ একাউণ্টটো ভেৰিফাইড কৰাব বিচাৰিছিল অথচ ৩-৪টা কাৰণ উল্লেখ কৰি নাকচ কৰা হৈছিল। এনেকুৱা লাগিছিল যেন মোৰ দেউতাই কিবা অবৈধ কামহে কৰিছিল। মই ভাবো যিসকলৰ আধাৰ কাৰ্ড আছে তেওঁলোকৰ একাউণ্টবোৰ পৰীক্ষা কৰা উচিত। 

কংগনাই অৱশ্যে এই ক্ষেত্ৰতো ইলন মাস্কক সমৰ্থন জনাইছে। তেওঁৰ মতে এই পৃথিৱীত একো বিনামূলীয়াকৈ উপলব্ধ নহয়। যদি টুইটাৰে টকা লয় তেন্তে সেয়া টুইটাৰৰ উন্নতিৰ বাবেই উপযোগী হ’ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক