--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এতিয়াও সন্ধান নাই অৰুণাচল প্ৰদেশৰ দুই অপহৃত যুৱকৰ৷ এদিন দুদিনকৈ আঢ়ৈ মাহ পাৰ হ’ল৷ মাতৃয়ে আজিও পদূলিলৈ চায়৷ জটিলতা, ৰাজনীতিৰ পাক বুজি নোপোৱা সহজ-সৰল পিতৃ-মাতৃয়ে পুত্ৰ উভতি নহাত চকুপানীৰে বাট নেদেখা হৈছে৷ উপায়ন্তৰ হৈ পৰিয়ালে কাষ চাপিছে ৰাজনাথ সিঙৰ৷ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীৰ সহায়ভিক্ষা বিচাৰি আবেদন জনাইছে পৰিয়ালৰ লোকে৷ 

আঢ়ৈ মাহ পূৰ্বে চীন সীমান্তত সন্ধানহীন দুই যুৱকৰ এইপৰ্যন্ত  সন্ধান নোলোৱা বিষয়টো প্ৰতিৰক্ষা মন্ত্ৰীৰ ওচৰলৈ লৈ গৈছে পৰিয়ালৰ লোকে৷ নিৰুদ্দেশ হোৱা এজন যুৱকৰ ভাতৃয়ে কয়, আমি সন্দেহ কৰোঁ যে দুয়োজনে হয়তো ভাৰতৰ সীমা অতিক্ৰম কৰিছে আৰু চীনে তেওঁলোকক অপহৰণ কৰিব পাৰে, সেয়েহে আমি কেন্দ্ৰীয় চৰকাৰক বিষয়টোত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছোঁ৷

ঔষধি উদ্ভিদৰ সন্ধানত যোৱা যুৱক দুজনক শেষবাৰৰ বাবে ২৪ আগষ্টত দেখা গৈছিল৷ অৱশ্যে, এতিয়ালৈকে ঘটনাটোত কোনো সূত্ৰ পোৱা হোৱা নাই। যুৱক দুজনক বেটিলাম টিক্ৰো আৰু বিয়িংচো মনু বুলি চিনাক্ত কৰা হৈছে।

অৰুণাচলৰ বিজেপি বিধায়ক দশংলু পুলে কয়, আমি এই বিষয়ত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, মুখ্যমন্ত্ৰী আৰু অৰুণাচল প্ৰদেশৰ পূব সাংসদ তাপিৰ গাওৰ সৈতে কথা পাতিছোঁ৷ তেওঁ কৈছিল যে তেওঁ গোটেই বিষয়টো সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। দুয়োজনকে বিচাৰি উলিওৱাৰ বাবে সেনাৰ দ্বাৰা এটা অভিযান চলি আছে। 

পৰিয়ালৰ সদস্যসকলে কয় যে তেওঁলোক দুয়ো ঔষধি উদ্ভিদৰ সন্ধানত আগতে অৰণ্যলৈ গৈছিল। এইবাৰ তেওঁলোকে ১৯ আগষ্টত ঘৰ এৰিছিল, দুয়োজনে তেওঁলোকৰ সৈতে ১৫ৰ পৰা ২০দিনৰ খাদ্য সামগ্ৰী লৈ গৈছিল। তেওঁক শেষবাৰৰ বাবে ২৪ আগষ্টত চাগলাগাম অঞ্চলত দেখা গৈছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু