--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এতিয়াও সন্ধান নাই অৰুণাচল প্ৰদেশৰ দুই অপহৃত যুৱকৰ৷ এদিন দুদিনকৈ আঢ়ৈ মাহ পাৰ হ’ল৷ মাতৃয়ে আজিও পদূলিলৈ চায়৷ জটিলতা, ৰাজনীতিৰ পাক বুজি নোপোৱা সহজ-সৰল পিতৃ-মাতৃয়ে পুত্ৰ উভতি নহাত চকুপানীৰে বাট নেদেখা হৈছে৷ উপায়ন্তৰ হৈ পৰিয়ালে কাষ চাপিছে ৰাজনাথ সিঙৰ৷ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীৰ সহায়ভিক্ষা বিচাৰি আবেদন জনাইছে পৰিয়ালৰ লোকে৷ 

আঢ়ৈ মাহ পূৰ্বে চীন সীমান্তত সন্ধানহীন দুই যুৱকৰ এইপৰ্যন্ত  সন্ধান নোলোৱা বিষয়টো প্ৰতিৰক্ষা মন্ত্ৰীৰ ওচৰলৈ লৈ গৈছে পৰিয়ালৰ লোকে৷ নিৰুদ্দেশ হোৱা এজন যুৱকৰ ভাতৃয়ে কয়, আমি সন্দেহ কৰোঁ যে দুয়োজনে হয়তো ভাৰতৰ সীমা অতিক্ৰম কৰিছে আৰু চীনে তেওঁলোকক অপহৰণ কৰিব পাৰে, সেয়েহে আমি কেন্দ্ৰীয় চৰকাৰক বিষয়টোত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছোঁ৷

ঔষধি উদ্ভিদৰ সন্ধানত যোৱা যুৱক দুজনক শেষবাৰৰ বাবে ২৪ আগষ্টত দেখা গৈছিল৷ অৱশ্যে, এতিয়ালৈকে ঘটনাটোত কোনো সূত্ৰ পোৱা হোৱা নাই। যুৱক দুজনক বেটিলাম টিক্ৰো আৰু বিয়িংচো মনু বুলি চিনাক্ত কৰা হৈছে।

অৰুণাচলৰ বিজেপি বিধায়ক দশংলু পুলে কয়, আমি এই বিষয়ত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, মুখ্যমন্ত্ৰী আৰু অৰুণাচল প্ৰদেশৰ পূব সাংসদ তাপিৰ গাওৰ সৈতে কথা পাতিছোঁ৷ তেওঁ কৈছিল যে তেওঁ গোটেই বিষয়টো সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। দুয়োজনকে বিচাৰি উলিওৱাৰ বাবে সেনাৰ দ্বাৰা এটা অভিযান চলি আছে। 

পৰিয়ালৰ সদস্যসকলে কয় যে তেওঁলোক দুয়ো ঔষধি উদ্ভিদৰ সন্ধানত আগতে অৰণ্যলৈ গৈছিল। এইবাৰ তেওঁলোকে ১৯ আগষ্টত ঘৰ এৰিছিল, দুয়োজনে তেওঁলোকৰ সৈতে ১৫ৰ পৰা ২০দিনৰ খাদ্য সামগ্ৰী লৈ গৈছিল। তেওঁক শেষবাৰৰ বাবে ২৪ আগষ্টত চাগলাগাম অঞ্চলত দেখা গৈছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক