--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাষ্ট্ৰীয় জন্তু বাঘৰ সলনি গৰু হ’ব নেকি? ৰাষ্ট্ৰীয় জন্তু বাঘৰ সলনি গৰু কৰা হ’ব নেকি বুলি বিজেপিৰ লোকসভাৰ সাংসদ এগৰাকীয়ে জানিব বিচৰাত এই বিষয়ত চৰকাৰে নিজৰ স্থিতি স্পষ্ট কৰিছে। বিজেপিৰ সাংসদগৰাকীয়ে সংসদত চৰকাৰক প্ৰশ্ন কৰিছিল-    ' ভাৰতীয় সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ গৌমাতা' (গৰু)ক  "ৰাষ্ট্ৰীয় পশু" হিচাপে স্বীকৃতি দিয়া  হ’ব  নেকি?’ 

আজমেৰৰ সাংসদ ভগীৰথ চৌধুৰীয়ে এক লিখিত প্ৰশ্নৰ জড়িয়তে চৰকাৰক এই প্ৰশ্ন কৰিছিল। কেন্দ্ৰীয় সাংস্কৃতিক দপ্তৰৰ  মন্ত্ৰী জি কাষাণ ৰেড্ডীয়ে এই  প্ৰশ্নৰ উত্তৰত কয়   "কেন্দ্ৰীয় আৰু ৰাজ্যসমূহৰ মাজত আইনী ক্ষমতা বিতৰণৰ অধীনত, (সংবিধানৰ অনুচ্ছেদ ২৪৬(৩) পশু সংৰক্ষণ হৈছে এনে এক বিষয় যাৰ ওপৰত বিধানসভাৰ  আইন প্ৰণয়ন কৰাৰ একচেটিয়া ক্ষমতা আছে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে কৰা প্ৰচেষ্টাৰ পৰিপূৰক  হিচাপে, পশুপালন বিভাগে থলুৱা প্ৰজাতিৰ গৰুসহ থলুৱা প্ৰজাতিৰ বিকাশ আৰু সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় গোকুল মিছন ৰূপায়ণ কৰি আছে। এই অভিযানৰ ফলত দেশত গৰুকে ধৰি থলুৱা প্ৰজাতিৰ সংখ্যা  বৃদ্ধি পাইছে। বিভাগে গৰুকে ধৰি জন্তুৰ সুৰক্ষাৰ বাবে ভাৰতীয় পশু কল্যাণ পৰিষদো স্থাপন কৰিছে" । 

ৰেড্ডীয়ে লগতে কয় যে দেশত  ৰাষ্ট্ৰীয় চৰাই, ৰাষ্ট্ৰীয় ফুল আৰু ৰাষ্ট্ৰীয় পশু ইতিমধ্যে  নিৰ্ধাৰণ কৰা হৈছে আৰু সেইবোৰৰ সুৰক্ষা প্ৰদান কৰা হৈছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে জনোৱা অনুসৰি, ভাৰত চৰকাৰে বাঘ আৰু ময়ূৰক ক্ৰমান্বয়ে 'ৰাষ্ট্ৰীয় পশু' আৰু 'ৰাষ্ট্ৰীয় চৰাই' হিচাবে স্বীকৃতি দিছে। ।তেওঁ লগতে কয় " মন্ত্ৰালয়ে ২০১১ চনৰ ৩০ মে'ত বাঘ আৰু ময়ূৰক ক্ৰমান্বয়ে 'ৰাষ্ট্ৰীয় পশু' আৰু 'ৰাষ্ট্ৰীয় চৰাই' হিচাপে পুনৰ জাননী জাৰি কৰিছিল । বাঘ আৰু ময়ূৰ বন্য জীৱন (সুৰক্ষা) আইন, ১৯৭২ ৰ অনুসূচী-১ প্ৰাণীৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে।সেয়ে গৰুক ৰাষ্ট্ৰীয় জন্তু ঘোষণা কৰাৰ কোনো পৰিকল্পনা চৰকাৰৰ নাই। ’’








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস