--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাষ্ট্ৰীয় জন্তু বাঘৰ সলনি গৰু হ’ব নেকি? ৰাষ্ট্ৰীয় জন্তু বাঘৰ সলনি গৰু কৰা হ’ব নেকি বুলি বিজেপিৰ লোকসভাৰ সাংসদ এগৰাকীয়ে জানিব বিচৰাত এই বিষয়ত চৰকাৰে নিজৰ স্থিতি স্পষ্ট কৰিছে। বিজেপিৰ সাংসদগৰাকীয়ে সংসদত চৰকাৰক প্ৰশ্ন কৰিছিল-    ' ভাৰতীয় সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ গৌমাতা' (গৰু)ক  "ৰাষ্ট্ৰীয় পশু" হিচাপে স্বীকৃতি দিয়া  হ’ব  নেকি?’ 

আজমেৰৰ সাংসদ ভগীৰথ চৌধুৰীয়ে এক লিখিত প্ৰশ্নৰ জড়িয়তে চৰকাৰক এই প্ৰশ্ন কৰিছিল। কেন্দ্ৰীয় সাংস্কৃতিক দপ্তৰৰ  মন্ত্ৰী জি কাষাণ ৰেড্ডীয়ে এই  প্ৰশ্নৰ উত্তৰত কয়   "কেন্দ্ৰীয় আৰু ৰাজ্যসমূহৰ মাজত আইনী ক্ষমতা বিতৰণৰ অধীনত, (সংবিধানৰ অনুচ্ছেদ ২৪৬(৩) পশু সংৰক্ষণ হৈছে এনে এক বিষয় যাৰ ওপৰত বিধানসভাৰ  আইন প্ৰণয়ন কৰাৰ একচেটিয়া ক্ষমতা আছে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে কৰা প্ৰচেষ্টাৰ পৰিপূৰক  হিচাপে, পশুপালন বিভাগে থলুৱা প্ৰজাতিৰ গৰুসহ থলুৱা প্ৰজাতিৰ বিকাশ আৰু সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় গোকুল মিছন ৰূপায়ণ কৰি আছে। এই অভিযানৰ ফলত দেশত গৰুকে ধৰি থলুৱা প্ৰজাতিৰ সংখ্যা  বৃদ্ধি পাইছে। বিভাগে গৰুকে ধৰি জন্তুৰ সুৰক্ষাৰ বাবে ভাৰতীয় পশু কল্যাণ পৰিষদো স্থাপন কৰিছে" । 

ৰেড্ডীয়ে লগতে কয় যে দেশত  ৰাষ্ট্ৰীয় চৰাই, ৰাষ্ট্ৰীয় ফুল আৰু ৰাষ্ট্ৰীয় পশু ইতিমধ্যে  নিৰ্ধাৰণ কৰা হৈছে আৰু সেইবোৰৰ সুৰক্ষা প্ৰদান কৰা হৈছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে জনোৱা অনুসৰি, ভাৰত চৰকাৰে বাঘ আৰু ময়ূৰক ক্ৰমান্বয়ে 'ৰাষ্ট্ৰীয় পশু' আৰু 'ৰাষ্ট্ৰীয় চৰাই' হিচাবে স্বীকৃতি দিছে। ।তেওঁ লগতে কয় " মন্ত্ৰালয়ে ২০১১ চনৰ ৩০ মে'ত বাঘ আৰু ময়ূৰক ক্ৰমান্বয়ে 'ৰাষ্ট্ৰীয় পশু' আৰু 'ৰাষ্ট্ৰীয় চৰাই' হিচাপে পুনৰ জাননী জাৰি কৰিছিল । বাঘ আৰু ময়ূৰ বন্য জীৱন (সুৰক্ষা) আইন, ১৯৭২ ৰ অনুসূচী-১ প্ৰাণীৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে।সেয়ে গৰুক ৰাষ্ট্ৰীয় জন্তু ঘোষণা কৰাৰ কোনো পৰিকল্পনা চৰকাৰৰ নাই। ’’








FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন