--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ ভাৰতৰ নিৰ্বাচন আয়োগে মঙলবাৰে নিশা দেশৰ ছখন ৰাজ্যৰ  বিধানসভা উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰে। ঝাৰখণ্ড , ত্ৰিপুৰা, কেৰালা, পশ্চিম বংগ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ সাতখন আসনত ৫ ছেপ্টেম্বৰত উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ভোটগণনা ৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব৷ নিৰ্বাচন আয়োগৰ মতে  মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ১৭ আগষ্ট আৰু প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ২১ আগষ্ট ৷ 

বিধায়কসকলৰ মৃত্যু বা পদত্যাগৰ ফলতে উক্ত আসন কেইখনত  উপ-নিৰ্বাচনৰ প্ৰয়োজন হৈছে৷ উত্তৰাখণ্ডৰ বাগেশ্বৰ আসন আৰু পশ্চিম বংগৰ ধুপগুৰি আসন অনুসূচীত জাতিৰ বাবে সংৰক্ষিত ৰখা হৈছে।নিৰ্বাচন আয়োগে বংগৰ ধুপগুৰিৰ সৈতে ঝাৰখণ্ডৰ দুমৰী আৰু কেৰালাৰ পুথুপল্লী সমষ্টিৰ বাবে আজি উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰে।জলপাইগুৰিৰ ধুপগুৰিৰ বিজেপি বিধায়ক বিষ্ণুপদ ৰয়ৰ ২৫ জুলাইত মৃত্যু হৈছিল।

 পুথুপল্লী প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী ওমেন চাণ্ডিৰ সমষ্টি। ত্ৰিপুৰাৰ ধনপুৰ আৰু বাক্সানগৰ সমষ্টিতো একে দিনাই উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিকৰ পদত্যাগৰ ফলত ধনপুৰ সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব। উত্তৰ প্ৰদেশৰ ঘোচি আৰু বাগেশ্বৰ আসনৰ উপ-নিৰ্বাচনো ৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস