--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভূমিস্খলনৰ ফলত বিধ্বস্ত হৈ পৰিছে  জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ । ঘাইপথতো পুনৰ অস্থায়ীভাৱে বন্ধ কৰি দিয়া হৈছে। ফলত অমৰনাথ যাত্ৰাও সাময়িকভাৱে বন্ধ হৈ পৰিছে। প্ৰাকৃতিক  দুৰ্যোগৰ ফলত জম্মু আৰু শ্ৰীনগৰৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ৰামবেন অঞ্চলত ব্যাপক ক্ষতি হৈছে। 

জম্মু-কাশ্মীৰ আৰক্ষীয়ে কৈছে যে এতিয়ালৈকে প্ৰশাসনৰ অনুমতি অবিহনে ৰাষ্ট্ৰীয় ঘাইপথৰ অঞ্চলটোত কোনো বাহন চলাচল কৰিবলৈ দিয়া হোৱা নাই।  জম্মু-কাশ্মীৰ যান-বাহন আৰক্ষীয়ে এক বিবৃতিত কয় যে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জম্মুৰ পৰা শ্ৰীনগৰলৈ থকা পথত অমৰনাথ যাত্ৰা ভূমিস্খলনৰ বাবে  স্থগিত ৰখা হৈছে। উল্লেখ্য যে দেওবাৰে তীৰ্থযাত্ৰীসকলে চন্দ্ৰকোট  শিবিৰত উপস্থিত হোৱাৰ সময়তো যাত্ৰা সাময়িকভাৱে স্থগিত ৰখা হৈছিল। 

উল্লেখ্য অমৰনাথ যাত্ৰা ১ জুলাইত আৰম্ভ হৈছিল। এতিয়ালৈকে এক লাখতকৈও অধিক তীৰ্থযাত্ৰীয়ে অমৰনাথ যাত্ৰাত ভাগ লৈছে। প্ৰায় ১৯,০০০ তীৰ্থযাত্ৰীয়ে  ৫ জুলাইত অমৰনাথলৈ ৰাওনা হৈছিল। কিন্তু পিছদিনাৰ পৰা হোৱা  ধাৰাসাৰ বৰষুণ আৰু প্ৰতিকূল বতৰৰ বাবে  তীৰ্থযাত্ৰীসকলক জম্মুৰ বিভিন্ন স্থানত ৰখাই দিয়া হৈছিল। ভূমিস্খলনৰ ফলত জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ কেইবাবাৰো সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছিল। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন