--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভূমিস্খলনৰ ফলত বিধ্বস্ত হৈ পৰিছে  জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ । ঘাইপথতো পুনৰ অস্থায়ীভাৱে বন্ধ কৰি দিয়া হৈছে। ফলত অমৰনাথ যাত্ৰাও সাময়িকভাৱে বন্ধ হৈ পৰিছে। প্ৰাকৃতিক  দুৰ্যোগৰ ফলত জম্মু আৰু শ্ৰীনগৰৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ৰামবেন অঞ্চলত ব্যাপক ক্ষতি হৈছে। 

জম্মু-কাশ্মীৰ আৰক্ষীয়ে কৈছে যে এতিয়ালৈকে প্ৰশাসনৰ অনুমতি অবিহনে ৰাষ্ট্ৰীয় ঘাইপথৰ অঞ্চলটোত কোনো বাহন চলাচল কৰিবলৈ দিয়া হোৱা নাই।  জম্মু-কাশ্মীৰ যান-বাহন আৰক্ষীয়ে এক বিবৃতিত কয় যে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জম্মুৰ পৰা শ্ৰীনগৰলৈ থকা পথত অমৰনাথ যাত্ৰা ভূমিস্খলনৰ বাবে  স্থগিত ৰখা হৈছে। উল্লেখ্য যে দেওবাৰে তীৰ্থযাত্ৰীসকলে চন্দ্ৰকোট  শিবিৰত উপস্থিত হোৱাৰ সময়তো যাত্ৰা সাময়িকভাৱে স্থগিত ৰখা হৈছিল। 

উল্লেখ্য অমৰনাথ যাত্ৰা ১ জুলাইত আৰম্ভ হৈছিল। এতিয়ালৈকে এক লাখতকৈও অধিক তীৰ্থযাত্ৰীয়ে অমৰনাথ যাত্ৰাত ভাগ লৈছে। প্ৰায় ১৯,০০০ তীৰ্থযাত্ৰীয়ে  ৫ জুলাইত অমৰনাথলৈ ৰাওনা হৈছিল। কিন্তু পিছদিনাৰ পৰা হোৱা  ধাৰাসাৰ বৰষুণ আৰু প্ৰতিকূল বতৰৰ বাবে  তীৰ্থযাত্ৰীসকলক জম্মুৰ বিভিন্ন স্থানত ৰখাই দিয়া হৈছিল। ভূমিস্খলনৰ ফলত জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ কেইবাবাৰো সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছিল। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস