--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিকূল বতৰো নেওচি  চলি আছে অমৰনাথ যাত্ৰা। যোৱা ৩৬ ঘণ্টাত অমৰনাথ যাত্ৰাৰ সময়ত পাঁচজন তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে। জম্মু-কাশ্মীৰ প্ৰশাসনে প্ৰকাশ কৰা মতে  অমৰনাথ যাত্ৰা আৰম্ভ হোৱাৰ পিছত এতিয়ালৈকে মৃত্যুৰ সংখ্যা ২৪ লৈ বৃদ্ধি পাইছে।

প্ৰশাসনৰ মতে বৃহস্পতিবাৰৰ পুৱাৰ পৰা এজন সাধুকে ধৰি পাঁচজন তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে। এতিয়ালৈকে, তীৰ্থযাত্ৰাৰ সময়ত মৃত্যু হোৱা বেছিভাগ লোক হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিছে বুলি কৰ্তৃপক্ষই কয়।

যোৱা৩৬  ঘণ্টাত পহেলগাঁৱত চাৰিজন তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে। আনহাতে বালতালত আন এজন তীৰ্থযাত্ৰীৰ মৃত্যু হয়। ইয়াৰে চাৰিজন তীৰ্থযাত্ৰীক চিনাক্ত কৰা হৈছে। তেওঁলোক উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, হাৰিয়ানা আৰু গুজৰাটৰ পৰা যোৱা তীৰ্থযাত্ৰী। 

আনজনৰ পৰিচয় জানিবলৈ চেষ্টা চলি আছে বুলি এজন বিষয়াই প্ৰকাশ কৰে। তীৰ্থযাত্ৰীসকলৰ দশম দলটোৱে বুধবাৰে কঠোৰ নিৰাপত্তাৰ মাজেৰে  অমৰনাথ যাত্ৰাৰ বাবে জম্মুৰ  শিবিৰ এৰিছিল। দলটোত ৭,৮০০ তীৰ্থযাত্ৰী অন্তৰ্ভুক্ত হৈ আছে। 

মঙলবাৰে বতৰ উন্নত হোৱাৰ লগে লগে আবেলি যাত্ৰা পুনৰ আৰম্ভ হৈছিল । ৰামবানত  বৰষুণৰ বাবে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ তিনিদিনৰ বাবে বন্ধ আছিল। এইবেলি  ১.৬২  লাখ তীৰ্থযাত্ৰীয়ে অমৰনাথ যাত্ৰাত ভাগ লৈছে ।যাত্ৰা ১ জুলাইত আৰম্ভ হৈছিল। অমৰনাথ যাত্ৰা  ৩১ আগষ্টত অন্ত পৰিব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস