--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএলৰ প্ৰাক্তন অধ্যক্ষ ললিত মোদীৰ ‘জীৱন অৰ্ধাংগিণী’ সুস্মিতা সেন। কিছুদিন পূৰ্বে ললিত মোদীয়ে টুইটযোগে এই কথা সদৰী কৰিছিল নিজে। বিয়া নকৰালেও ডেটিঙত থকা বুলি জনাইছে ললিত মোদীয়ে। পিছে, ললিত-সুস্মিতাৰ সম্পৰ্ক এতিয়া মনোৰঞ্জন জগতত চৰ্চাৰ বিষয় হৈ পৰিছে। বলীউডৰ ‘ড্ৰামা কুইন’ ৰাখী সাৱন্তই এইবাৰ দুয়োৰে সম্পৰ্কক লৈ মুখ খোলা দেখিবলৈ পোৱা গৈছে। ললিত-সুস্মিতাৰ সম্পৰ্কক লৈ কটাক্ষ ৰাখীৰ।

কি কৈছিল ৰাখী সাৱন্তই?

প্ৰথমতে ৰাখী সাৱন্তই কয়, ‘এই খবৰ প্ৰথম শুনিয়েই মই থতমত খাইছিলো, বৰ ধুনীয়া প্ৰেম কাহিনী।’ পিছত ৰাখীয়ে আকৌ ক’লে, ‘বাহ্ ললিতজী! বৰ ডাঙৰ বাজীত জয় হ’লা। ডাইৰেক্ট, সুস্মিতা সেন! আচলতে, ললিতজী আৰু সুস্মিতাক দেখি পিতৃ-কন্যা যেন লাগিছে। তেওঁ বাৰু প্ৰাক্তন মিছ ইউনিভাৰ্ছ, কিন্তু আপুনি কোন?' 

ৰাখীৰ এনে মন্তব্যৰ পিছতে নেটিজেনে তেওঁক সোঁৱৰাই দিয়ে যে, ললিত মোদী আইপিএলৰ প্ৰাক্তন অধ্যক্ষ। তেওঁৰ বিৰুদ্ধে চলি আছে আৰ্থিক প্ৰৱঞ্চনাৰ গোচৰ। আৰু এই কথা শুনি ৰাখীয়ে ক’লে, ‘হেৰা ভাই টকা লৈ পলাই গ’লে ডাঙৰ ডাঙৰ নায়িকা পাবই। আজিকালি টকা নাথাকিলে কোনেও পিছলৈ ঘূৰি নাচায়, চোৱাও নাই। কিন্তু ৰাখী সাৱন্ত তেনেকুৱা নহয়, টকাৰ ফালে দৌৰি নাযায়, প্ৰেমৰ ফালে দৌৰে।’

স্বাভাৱিকতে, ললিত-সুস্মিতাৰ সম্পৰ্কৰ কথা এতিয়া বিভিন্নজনে নানা দৃষ্টিৰে চোৱা পৰিলক্ষিত হৈছে। সেয়া যি কি নহক, ৰাখী সাৱন্তৰ পাছত এ‌তিয়া  ললিত মোদীৰ প্ৰতিক্ৰিয়া হ’ব অধিক তাত্‍পৰ্যপূৰ্ণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ