--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএলৰ প্ৰাক্তন অধ্যক্ষ ললিত মোদীৰ ‘জীৱন অৰ্ধাংগিণী’ সুস্মিতা সেন। কিছুদিন পূৰ্বে ললিত মোদীয়ে টুইটযোগে এই কথা সদৰী কৰিছিল নিজে। বিয়া নকৰালেও ডেটিঙত থকা বুলি জনাইছে ললিত মোদীয়ে। পিছে, ললিত-সুস্মিতাৰ সম্পৰ্ক এতিয়া মনোৰঞ্জন জগতত চৰ্চাৰ বিষয় হৈ পৰিছে। বলীউডৰ ‘ড্ৰামা কুইন’ ৰাখী সাৱন্তই এইবাৰ দুয়োৰে সম্পৰ্কক লৈ মুখ খোলা দেখিবলৈ পোৱা গৈছে। ললিত-সুস্মিতাৰ সম্পৰ্কক লৈ কটাক্ষ ৰাখীৰ।

কি কৈছিল ৰাখী সাৱন্তই?

প্ৰথমতে ৰাখী সাৱন্তই কয়, ‘এই খবৰ প্ৰথম শুনিয়েই মই থতমত খাইছিলো, বৰ ধুনীয়া প্ৰেম কাহিনী।’ পিছত ৰাখীয়ে আকৌ ক’লে, ‘বাহ্ ললিতজী! বৰ ডাঙৰ বাজীত জয় হ’লা। ডাইৰেক্ট, সুস্মিতা সেন! আচলতে, ললিতজী আৰু সুস্মিতাক দেখি পিতৃ-কন্যা যেন লাগিছে। তেওঁ বাৰু প্ৰাক্তন মিছ ইউনিভাৰ্ছ, কিন্তু আপুনি কোন?' 

ৰাখীৰ এনে মন্তব্যৰ পিছতে নেটিজেনে তেওঁক সোঁৱৰাই দিয়ে যে, ললিত মোদী আইপিএলৰ প্ৰাক্তন অধ্যক্ষ। তেওঁৰ বিৰুদ্ধে চলি আছে আৰ্থিক প্ৰৱঞ্চনাৰ গোচৰ। আৰু এই কথা শুনি ৰাখীয়ে ক’লে, ‘হেৰা ভাই টকা লৈ পলাই গ’লে ডাঙৰ ডাঙৰ নায়িকা পাবই। আজিকালি টকা নাথাকিলে কোনেও পিছলৈ ঘূৰি নাচায়, চোৱাও নাই। কিন্তু ৰাখী সাৱন্ত তেনেকুৱা নহয়, টকাৰ ফালে দৌৰি নাযায়, প্ৰেমৰ ফালে দৌৰে।’

স্বাভাৱিকতে, ললিত-সুস্মিতাৰ সম্পৰ্কৰ কথা এতিয়া বিভিন্নজনে নানা দৃষ্টিৰে চোৱা পৰিলক্ষিত হৈছে। সেয়া যি কি নহক, ৰাখী সাৱন্তৰ পাছত এ‌তিয়া  ললিত মোদীৰ প্ৰতিক্ৰিয়া হ’ব অধিক তাত্‍পৰ্যপূৰ্ণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু