--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩৯ বছৰীয়া হ’ল কেটৰিনা কাঈফ। এইবাৰৰ জন্মদিনটো কেটৰিনাৰ বাবে বিশেষ। কাৰণ, বিকি কৌশলৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ পাছত কেটৰিনাৰ এয়া প্ৰথমটো জন্মদিন। সেইবাবে পত্নীৰ এই জন্মদিনটো আৰু অধিক সুন্দৰ কৰি তোলাৰ হেঁপাহ বিকিৰ। কেটৰিনাৰ জন্মদিনৰ প্ৰতি লক্ষ্য ৰাখি সেয়েহে বিকিয়ে কেটৰিনাৰ সৈতে ওলালে মালদ্বীপ ভ্ৰমণলৈ।

উল্লেখ্য যে, কেটৰিনাৰ জন্মদিন উদযাপন কৰিবলৈ বিকি কৌশলে মালদ্বীপলৈ উৰা মাৰিছিল। মালদ্বীপলৈ যোৱাৰ পূৰ্বে মুম্বাই বিমানবন্দৰত অনুৰাগীয়ে কেমেৰাবন্দী কৰে তাৰকা দম্পতীক। 

সম্প্ৰতি, এটা ভিডিঅ’ পোহৰলৈ আহিছে। ইনষ্টাগ্ৰামত ভাইৰেল হৈ পৰিছে ভিডিঅ’টো। বিমানবন্দৰত কেজুৱেল টি-চাৰ্ট আৰু ট্ৰাউজাৰ পিন্ধি থকা দেখা গৈছিল বিকিক। আনহাতে, কেটে পৰিধান কৰিছিল ডেনিম জিন্সৰ সৈতে ওচাৰ ছুৱেটচাৰ্ট। জানিবলৈ পোৱা মতে, কেচৰিনাই পৰিধান কৰা ছুৱেটচাৰ্টটোৰ মূল্য ৪০, ৯৯০ টকা। 

প্ৰসংগক্ৰমে, ৯ ডিচেম্বৰত ৰাজস্থানত দুয়ো পতি-পত্নীৰ সম্পৰ্কক বান্ধ খাইছিল। বিবাহৰ পিছত কেট-বিকিৰ যুটিটোক ৰাজহুৱাভাৱে বিশেষভাৱে দেখা পোৱা নাই অনুৰাগীয়ে, আনকি ছ’চিয়েল মিডিয়াতো বিশেষ সক্ৰিয় নহয় কেটৰিনা। শেহতীয়াকৈ, কেটৰিনা মাতৃ হোৱাৰ উৰাবাতৰিও ছ’চিয়েল মিডিয়াত বিয়পি পৰিছিল। অৱশ্যে, এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই তাৰকা দম্পতীয়ে। অনুৰাগীৰ প্ৰশ্ন, জন্মদিনৰ দিনা মালদ্বীপৰ পৰাই সকলোকে এই ভাল খবৰটো দিবনে কেটৰিনাই?

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু