--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩৯ বছৰীয়া হ’ল কেটৰিনা কাঈফ। এইবাৰৰ জন্মদিনটো কেটৰিনাৰ বাবে বিশেষ। কাৰণ, বিকি কৌশলৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ পাছত কেটৰিনাৰ এয়া প্ৰথমটো জন্মদিন। সেইবাবে পত্নীৰ এই জন্মদিনটো আৰু অধিক সুন্দৰ কৰি তোলাৰ হেঁপাহ বিকিৰ। কেটৰিনাৰ জন্মদিনৰ প্ৰতি লক্ষ্য ৰাখি সেয়েহে বিকিয়ে কেটৰিনাৰ সৈতে ওলালে মালদ্বীপ ভ্ৰমণলৈ।

উল্লেখ্য যে, কেটৰিনাৰ জন্মদিন উদযাপন কৰিবলৈ বিকি কৌশলে মালদ্বীপলৈ উৰা মাৰিছিল। মালদ্বীপলৈ যোৱাৰ পূৰ্বে মুম্বাই বিমানবন্দৰত অনুৰাগীয়ে কেমেৰাবন্দী কৰে তাৰকা দম্পতীক। 

সম্প্ৰতি, এটা ভিডিঅ’ পোহৰলৈ আহিছে। ইনষ্টাগ্ৰামত ভাইৰেল হৈ পৰিছে ভিডিঅ’টো। বিমানবন্দৰত কেজুৱেল টি-চাৰ্ট আৰু ট্ৰাউজাৰ পিন্ধি থকা দেখা গৈছিল বিকিক। আনহাতে, কেটে পৰিধান কৰিছিল ডেনিম জিন্সৰ সৈতে ওচাৰ ছুৱেটচাৰ্ট। জানিবলৈ পোৱা মতে, কেচৰিনাই পৰিধান কৰা ছুৱেটচাৰ্টটোৰ মূল্য ৪০, ৯৯০ টকা। 

প্ৰসংগক্ৰমে, ৯ ডিচেম্বৰত ৰাজস্থানত দুয়ো পতি-পত্নীৰ সম্পৰ্কক বান্ধ খাইছিল। বিবাহৰ পিছত কেট-বিকিৰ যুটিটোক ৰাজহুৱাভাৱে বিশেষভাৱে দেখা পোৱা নাই অনুৰাগীয়ে, আনকি ছ’চিয়েল মিডিয়াতো বিশেষ সক্ৰিয় নহয় কেটৰিনা। শেহতীয়াকৈ, কেটৰিনা মাতৃ হোৱাৰ উৰাবাতৰিও ছ’চিয়েল মিডিয়াত বিয়পি পৰিছিল। অৱশ্যে, এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই তাৰকা দম্পতীয়ে। অনুৰাগীৰ প্ৰশ্ন, জন্মদিনৰ দিনা মালদ্বীপৰ পৰাই সকলোকে এই ভাল খবৰটো দিবনে কেটৰিনাই?

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ