--°C
Loading...
Listen to Article
2 min read
80%
মনোৰঞ্জনৰ জৰিয়তে ভাৰতৰ জনসাধাৰণক সদায় মুগ্ধ কৰি আছে বলীউডে ৷বিভিন্ন ঘটনাৰ বাবে  আজিকালি প্ৰায়েই চৰ্চাত থাকে বলীউড৷ কিন্তু চৰ্চাৰ কাৰণ সদায় ইতিবাচক নহ’বও পাৰে৷ প্ৰায়েই বিভিন্ন বিষয়ৰ বাবে সমালোচিত হৈছে বলীউড৷ বহু তাৰকাই কাৰাগাৰৰ কুঠৰিয়ো দৰ্শন কৰিব লগীয়া হৈছে৷ আনকি এই বলীউডৰে বহু অভিনেতা-অভিনেত্ৰী আইনী তদন্তৰো মুখামুখি হৈছে৷ আইনী তদন্তৰ মুখামুখি হোৱা তাৰকাৰ তালিকাখন যথেষ্ট দীঘল৷ এই তালিকাখনত বলীউডৰ অন্যতম শ্ৰেষ্ঠ অভিনেত্ৰী দিপিকা পাদুকনৰ পৰা ৰিয়া চক্ৰৱৰ্তীলৈকে নাম সাঙোৰ খাই আছে৷
 এই তালিকাখনত আছে মোহময়ী অভিনেত্ৰী জ্যাকলিন ফার্নান্দেজৰ নাম৷ জ্যাকলিনৰ ওপৰত সুকেশ চন্দ্ৰশেখৰৰ পৰা কোটিটকীয়া উপহাৰ গ্ৰহণ কৰাৰ বিৰুদ্ধে অভিযোগ আৰোপ কৰা হৈছিল৷ এই বিষয়ে ইতিমধ্যে  জ্যাকলিনক সোধা-পোছা কৰা হৈছে আৰু অতি সোনকালেই  চাৰ্জশীট দাখিল কৰা হ’ব৷ 
 সুৰেশ চন্দ্ৰশেখৰৰ মানিলেডিং গোচৰত জ্যাকলিন ফার্নান্দেজৰ লগতে নোৰা ফাতেহিৰো নাম সাঙোৰ খাই পৰিছে৷ এই বিষয়ে নোৰা ফাতেহিক ইতিমধ্যে সোধা-পোছা কৰা হৈছে৷
 সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা সম্পৰ্কীয় গোচৰত আটক কৰা হৈছিল তেওঁৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীক৷
 এই বিষয়ত এডি (Enforcement  Directorate) আৰু এনছিবি এই দুয়োটা সংগঠনে ৰিয়া চক্ৰৱৰ্তীৰ ওপৰত তদন্ত কৰিছিল৷আনহাতে ড্ৰাগছ ক্ৰয়ৰ অভিযোগত পুনৰ ৰিয়া চক্ৰৱৰ্তীৰ ওপৰত চাৰ্জশীট দাখিল কৰা হৈছে৷ ৰিয়াৰ ওপৰত সুশান্তৰ বাবে ড্ৰাগছ সৰবৰাহৰ অভিযোগ অনা হৈছে৷ ইয়াৰ পিছত ৰিয়া চক্ৰৱৰ্তীক পুনৰ বিপদে দেখা দিয়াৰ সম্ভাৱনা আছে৷
 সুশান্তৰ মৃত্যুৰ পিছতে বলীউডত ড্ৰাগছ সৰবৰাহৰ কথা অধিক চৰ্চিত হৈ উঠিছিল৷ এই গোচৰতে জনপ্ৰিয় অভিনেত্ৰী দিপিকা পাদুকনকো সোধাপোছা কৰিছিল এনছিবিয়ে৷
আনকি এনছিবিয়ে সোধা-পোছা কৰিছিল শ্ৰদ্ধা কাপুৰকো৷ এনছিবিয়ে এই সম্পৰ্কত অভিনেত্ৰী গৰাকীক ঘন্টা জোৰা জেৰা কৰিছিল বুলি জানিব পৰা গৈছে৷

অভিনেত্ৰী তাপসী পান্নুৰ ঘৰত ২০২১ চনত আয়কৰ বিভাগে তালাচী চলাইছিল৷তাপসীৰ ওপৰত কৰ ফাঁকিৰ আৰোপ লগাইছিল আয়কৰ বিভাগে৷ এই অভিযোগত অভিনেত্ৰী গৰাকীক বহু দিনলৈ জেৰা কৰিছিল আয়কৰ বিভাগে৷

পানামা পেপাৰ ফাদিল কৰাৰ গোচৰত অভিযুক্ত হৈছিল আন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চন৷এই সম্পৰ্কে অভিনেত্ৰী গৰাকীক Enforcement Directorate য়ে দীৰ্ঘকালীন জেৰা চলাইছিল৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু