--°C
Loading...
Listen to Article
2 min read
80%
মনোৰঞ্জনৰ জৰিয়তে ভাৰতৰ জনসাধাৰণক সদায় মুগ্ধ কৰি আছে বলীউডে ৷বিভিন্ন ঘটনাৰ বাবে  আজিকালি প্ৰায়েই চৰ্চাত থাকে বলীউড৷ কিন্তু চৰ্চাৰ কাৰণ সদায় ইতিবাচক নহ’বও পাৰে৷ প্ৰায়েই বিভিন্ন বিষয়ৰ বাবে সমালোচিত হৈছে বলীউড৷ বহু তাৰকাই কাৰাগাৰৰ কুঠৰিয়ো দৰ্শন কৰিব লগীয়া হৈছে৷ আনকি এই বলীউডৰে বহু অভিনেতা-অভিনেত্ৰী আইনী তদন্তৰো মুখামুখি হৈছে৷ আইনী তদন্তৰ মুখামুখি হোৱা তাৰকাৰ তালিকাখন যথেষ্ট দীঘল৷ এই তালিকাখনত বলীউডৰ অন্যতম শ্ৰেষ্ঠ অভিনেত্ৰী দিপিকা পাদুকনৰ পৰা ৰিয়া চক্ৰৱৰ্তীলৈকে নাম সাঙোৰ খাই আছে৷
 এই তালিকাখনত আছে মোহময়ী অভিনেত্ৰী জ্যাকলিন ফার্নান্দেজৰ নাম৷ জ্যাকলিনৰ ওপৰত সুকেশ চন্দ্ৰশেখৰৰ পৰা কোটিটকীয়া উপহাৰ গ্ৰহণ কৰাৰ বিৰুদ্ধে অভিযোগ আৰোপ কৰা হৈছিল৷ এই বিষয়ে ইতিমধ্যে  জ্যাকলিনক সোধা-পোছা কৰা হৈছে আৰু অতি সোনকালেই  চাৰ্জশীট দাখিল কৰা হ’ব৷ 
 সুৰেশ চন্দ্ৰশেখৰৰ মানিলেডিং গোচৰত জ্যাকলিন ফার্নান্দেজৰ লগতে নোৰা ফাতেহিৰো নাম সাঙোৰ খাই পৰিছে৷ এই বিষয়ে নোৰা ফাতেহিক ইতিমধ্যে সোধা-পোছা কৰা হৈছে৷
 সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা সম্পৰ্কীয় গোচৰত আটক কৰা হৈছিল তেওঁৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীক৷
 এই বিষয়ত এডি (Enforcement  Directorate) আৰু এনছিবি এই দুয়োটা সংগঠনে ৰিয়া চক্ৰৱৰ্তীৰ ওপৰত তদন্ত কৰিছিল৷আনহাতে ড্ৰাগছ ক্ৰয়ৰ অভিযোগত পুনৰ ৰিয়া চক্ৰৱৰ্তীৰ ওপৰত চাৰ্জশীট দাখিল কৰা হৈছে৷ ৰিয়াৰ ওপৰত সুশান্তৰ বাবে ড্ৰাগছ সৰবৰাহৰ অভিযোগ অনা হৈছে৷ ইয়াৰ পিছত ৰিয়া চক্ৰৱৰ্তীক পুনৰ বিপদে দেখা দিয়াৰ সম্ভাৱনা আছে৷
 সুশান্তৰ মৃত্যুৰ পিছতে বলীউডত ড্ৰাগছ সৰবৰাহৰ কথা অধিক চৰ্চিত হৈ উঠিছিল৷ এই গোচৰতে জনপ্ৰিয় অভিনেত্ৰী দিপিকা পাদুকনকো সোধাপোছা কৰিছিল এনছিবিয়ে৷
আনকি এনছিবিয়ে সোধা-পোছা কৰিছিল শ্ৰদ্ধা কাপুৰকো৷ এনছিবিয়ে এই সম্পৰ্কত অভিনেত্ৰী গৰাকীক ঘন্টা জোৰা জেৰা কৰিছিল বুলি জানিব পৰা গৈছে৷

অভিনেত্ৰী তাপসী পান্নুৰ ঘৰত ২০২১ চনত আয়কৰ বিভাগে তালাচী চলাইছিল৷তাপসীৰ ওপৰত কৰ ফাঁকিৰ আৰোপ লগাইছিল আয়কৰ বিভাগে৷ এই অভিযোগত অভিনেত্ৰী গৰাকীক বহু দিনলৈ জেৰা কৰিছিল আয়কৰ বিভাগে৷

পানামা পেপাৰ ফাদিল কৰাৰ গোচৰত অভিযুক্ত হৈছিল আন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চন৷এই সম্পৰ্কে অভিনেত্ৰী গৰাকীক Enforcement Directorate য়ে দীৰ্ঘকালীন জেৰা চলাইছিল৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ