--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শেহতীয়াকৈ চাহৰ দোকানত কাঁচৰ সলনি মাটিৰ পাত্ৰ বা কাগজৰ কাপ ব্যৱহাৰ কৰা দেখা যায়। কাঁচৰ বস্তুৰ এটা সুকীয়া চাফা কৰাৰ সমস্যা আছে বা ভাঙি যোৱাৰ ভয়ো আছে। কিন্তু কাগজৰ কাপত চাহ খোৱাৰ পাছত পেলাই দিব লাগে। কিন্তু জানেনে, কাগজৰ কাপত চাহ খোৱাটো বিপদজনক হ’ব পাৰে? শৰীৰৰ বাবে প্লাষ্টিক ক্ষতিকাৰক। প্লাষ্টিকৰ কাপ বন্ধ কৰাৰ পাছত সকলোতে কাগজৰ কাপত চাহ পৰিৱেশন কৰা হয়। কিন্তু খড়গপুৰ আই আই টিৰ গৱেষকসকলে কৰা এক অধ্যয়নত এই কথা কোৱা হৈছে।

 গৱেষণাৰ পৰা কাগজৰ কাপৰ পৰা ‘হাইড্ৰ’ফ’বিক ফিল্ম’ নামৰ এক প্ৰকাৰৰ মাইক্ৰ’প্লাষ্টিক পোৱা গৈছে। এই কাপটোত গৰম চাহ ঢালি দিলে প্লাষ্টিকৰ কণাবোৰ পানীয়টোত মিহলি হৈ যায়। প্ৰায় বৃহৎ পৰিমাণৰ প্লাষ্টিক চাহত মিনিটৰ ভিতৰতে দ্ৰৱীভূত হয়। গৱেষকসকলৰ মতে, এই কম সময়ৰ ভিতৰতে চাহত প্ৰায় কেইবা হাজাৰ ‘মাইক্ৰ’প্লাষ্টিক’ মিহলি হৈ পৰে। গৱেষণাৰ মতে এটা প্লাষ্টিকৰ কাপত প্ৰায় ২৫ হাজাৰ মাইক্ৰ’প্লাষ্টিক থাকে। ইয়াৰ উপৰি কাগজৰ কাপতো শৰীৰৰ বাবে বিপজ্জনক কিছুমান মৌল যেনে-জিংক, সীহ আৰু ক্ৰ’মিয়ামৰ উপস্থিতি পোৱা গৈছে।

 এজন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে গোটেই দিনটো কমেও তিনিকাপ চাহ সেৱন কৰে। আৰু প্ৰতিবাৰেই কাগজৰ চাহ কাপত খালে প্ৰায় ৭৫ হাজাৰ মাইক্ৰ’প্লাষ্টিক শৰীৰত প্ৰৱেশ কৰে। এই ধৰণৰ প্লাষ্টিকত আয়ন, পেলেডিয়াম, ক্ৰ’মিয়াম আৰু কেডমিয়াম আদি ক্ষতিকাৰক পদাৰ্থ থাকে। ইয়াৰ উপৰি মাইক্ৰ’প্লাষ্টিকত বিচফেনলৰ দৰে বিষাক্ত পদাৰ্থ থাকে। ই কেন্সাৰ ৰোগৰ অন্যতম কাৰণ। এই উপাদানে নাৰীৰ শৰীৰত ইষ্ট্ৰজেন হৰম’নৰ নিঃসৰণত ব্যাঘাত জন্মায়। আনহাতে এই পদাৰ্থই পুৰুষৰ শুক্ৰাণুৰ সংখ্যাও হ্ৰাস কৰিব পাৰে। ‘পলিইথাইলিন’ৰ দৰে এনে বিষাক্ত পদাৰ্থ শৰীৰত প্ৰৱেশ কৰিলে ৰক্তকণিকাবোৰ সৰু সৰু অংশত ভাঙি প্লাজমা কোষৰ হাৰ অস্বাভাৱিক হাৰত বৃদ্ধি পাব পাৰে আৰু বিপদৰ আশংকা বৃদ্ধি কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু