--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শেহতীয়াকৈ চাহৰ দোকানত কাঁচৰ সলনি মাটিৰ পাত্ৰ বা কাগজৰ কাপ ব্যৱহাৰ কৰা দেখা যায়। কাঁচৰ বস্তুৰ এটা সুকীয়া চাফা কৰাৰ সমস্যা আছে বা ভাঙি যোৱাৰ ভয়ো আছে। কিন্তু কাগজৰ কাপত চাহ খোৱাৰ পাছত পেলাই দিব লাগে। কিন্তু জানেনে, কাগজৰ কাপত চাহ খোৱাটো বিপদজনক হ’ব পাৰে? শৰীৰৰ বাবে প্লাষ্টিক ক্ষতিকাৰক। প্লাষ্টিকৰ কাপ বন্ধ কৰাৰ পাছত সকলোতে কাগজৰ কাপত চাহ পৰিৱেশন কৰা হয়। কিন্তু খড়গপুৰ আই আই টিৰ গৱেষকসকলে কৰা এক অধ্যয়নত এই কথা কোৱা হৈছে।

 গৱেষণাৰ পৰা কাগজৰ কাপৰ পৰা ‘হাইড্ৰ’ফ’বিক ফিল্ম’ নামৰ এক প্ৰকাৰৰ মাইক্ৰ’প্লাষ্টিক পোৱা গৈছে। এই কাপটোত গৰম চাহ ঢালি দিলে প্লাষ্টিকৰ কণাবোৰ পানীয়টোত মিহলি হৈ যায়। প্ৰায় বৃহৎ পৰিমাণৰ প্লাষ্টিক চাহত মিনিটৰ ভিতৰতে দ্ৰৱীভূত হয়। গৱেষকসকলৰ মতে, এই কম সময়ৰ ভিতৰতে চাহত প্ৰায় কেইবা হাজাৰ ‘মাইক্ৰ’প্লাষ্টিক’ মিহলি হৈ পৰে। গৱেষণাৰ মতে এটা প্লাষ্টিকৰ কাপত প্ৰায় ২৫ হাজাৰ মাইক্ৰ’প্লাষ্টিক থাকে। ইয়াৰ উপৰি কাগজৰ কাপতো শৰীৰৰ বাবে বিপজ্জনক কিছুমান মৌল যেনে-জিংক, সীহ আৰু ক্ৰ’মিয়ামৰ উপস্থিতি পোৱা গৈছে।

 এজন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে গোটেই দিনটো কমেও তিনিকাপ চাহ সেৱন কৰে। আৰু প্ৰতিবাৰেই কাগজৰ চাহ কাপত খালে প্ৰায় ৭৫ হাজাৰ মাইক্ৰ’প্লাষ্টিক শৰীৰত প্ৰৱেশ কৰে। এই ধৰণৰ প্লাষ্টিকত আয়ন, পেলেডিয়াম, ক্ৰ’মিয়াম আৰু কেডমিয়াম আদি ক্ষতিকাৰক পদাৰ্থ থাকে। ইয়াৰ উপৰি মাইক্ৰ’প্লাষ্টিকত বিচফেনলৰ দৰে বিষাক্ত পদাৰ্থ থাকে। ই কেন্সাৰ ৰোগৰ অন্যতম কাৰণ। এই উপাদানে নাৰীৰ শৰীৰত ইষ্ট্ৰজেন হৰম’নৰ নিঃসৰণত ব্যাঘাত জন্মায়। আনহাতে এই পদাৰ্থই পুৰুষৰ শুক্ৰাণুৰ সংখ্যাও হ্ৰাস কৰিব পাৰে। ‘পলিইথাইলিন’ৰ দৰে এনে বিষাক্ত পদাৰ্থ শৰীৰত প্ৰৱেশ কৰিলে ৰক্তকণিকাবোৰ সৰু সৰু অংশত ভাঙি প্লাজমা কোষৰ হাৰ অস্বাভাৱিক হাৰত বৃদ্ধি পাব পাৰে আৰু বিপদৰ আশংকা বৃদ্ধি কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ