--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দিনত আমি খাদ্য গ্ৰহণৰ পাছত টোপনি অনুভৱ কৰো। কিন্তু কিয়? ইয়াৰ কাৰণ হয়তো আমি বহুতেই নাজানো। বাহিৰত কাম কৰা লোকসকলৰ বাবে এইটো এটা ডাঙৰ সমস্যা। বেছিভাগ মানুহেই দুপৰীয়াৰ আহাৰ খোৱাৰ পাছত অলস আৰু টোপনি অনুভৱ কৰে। এনে লাগে যেন ১৫ মিনিট টোপনিৰ পাছত শৰীৰটো সতেজ অনুভৱ হ’ব। আচলতে ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণ পুষ্টিবিদ বিশেষজ্ঞ আৰু বৈজ্ঞানিক চিকিৎসকৰ মতে জনি লওক।

 আমাৰ শৰীৰক কাম কৰিবলৈ শক্তিৰ প্ৰয়োজন। যাৰ বাবে আমি খাদ্য গ্ৰহণ কৰো আৰু বহু ধৰণৰ পুষ্টিকৰ উপাদান খাওঁ। চিকিৎসকে কয় যে আমি যেতিয়া খাদ্য খাওঁ তেতিয়া আমাৰ অন্ত্ৰ আৰু গোটেই শৰীৰে খাদ্য হজম কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ কাৰণে তেজত চেনিৰ মাত্ৰা কমিবলৈ আৰম্ভ কৰে। যাৰ বাবে আমি অলস আৰু টোপনি অনুভৱ কৰো। লগতে কোনো ব্যক্তিয়ে উচ্চ চেনিযুক্ত খাদ্য খালে তেজত থকা চেনি হঠাতে বাঢ়ি যায় আৰু তাৰ পাছত দ্ৰুতগতিত কমি যায়। ইয়াৰ বাবেই ব্যক্তিজনে ভাগৰুৱা অনুভৱ কৰি টোপনি আহিবলৈ আৰম্ভ কৰে। অৱশ্যে খাদ্য খোৱাৰ পাছত অলপ জিৰণি ল’ব পাৰে। খোৱাৰ পাছত টোপনি অহাৰ আচল কাৰণ জানো আহক।

 * হৰম’নৰ বাবে টোপনি আহে-

কেৱল তেজৰ চেনিৰ মাত্ৰা কম হোৱাৰ বাবেই টোপনি অহাটোবে প্ৰকৃত কাৰণ নহয়। কেতিয়াবা শৰীৰৰ হৰম’নবোৰো টোপনিৰ কাৰণ হয়। আচলতে খাদ্য খোৱাৰ পাছত কেতিয়াবা চেৰ’টনিন দ্ৰুতগতিত গঠন হ’বলৈ আৰম্ভ কৰে, যাৰ বাবে ব্যক্তি এজনৰ শুবলৈ মন যায়।

 * খাদ্যৰ ওপৰত নিৰ্ভৰ কৰে-

একাংশ চিকিৎসকে কয় যে যদি কোনো ব্যক্তিয়ে ট্ৰিপট’ফেন নামৰ এমিনো এচিডযুক্ত খাদ্য খায় তেন্তে ইয়াৰ ফলত টোপনি আহিব পাৰে। কাৰণ ই চেৰ’টনিন উৎপাদনৰ লগত জড়িত। ট্ৰিপ্ট’ফেন বহু প্ৰ’টিনসমৃদ্ধ খাদ্য যেনে-পনীৰ, কণী আদিত পোৱা যায়।

 * মুক্তি পোৱাৰ উপায়-

অফিচত কাম কৰা লোকৰ বাবে খাদ্য খোৱাৰ পাছত টোপনি অহাটোৱে কিছু সমস্যাৰ সৃষ্টি কৰে। ইয়াৰ বাবে আপুনি খাদ্যত উচ্চ আঁহযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াৰ ফলত তেজত চেনিৰ মাত্ৰা অটুট থাকে আৰু অলসতা অনুভৱ নহয়। লগতে লঘু খাদ্যও খাব পাৰে। দিনত অত্যধিক খাদ্য গ্ৰহণ নকৰিব। যদি আপুনি অধিক খাদ্য খায়, তেন্তে ই পাচনতন্ত্ৰত অতিৰিক্ত বোজা হৈ পৰে, যাৰ ফলত তাৰ পাছত অলসতাৰ লগতে টোপনি আহিব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ