--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দিনত আমি খাদ্য গ্ৰহণৰ পাছত টোপনি অনুভৱ কৰো। কিন্তু কিয়? ইয়াৰ কাৰণ হয়তো আমি বহুতেই নাজানো। বাহিৰত কাম কৰা লোকসকলৰ বাবে এইটো এটা ডাঙৰ সমস্যা। বেছিভাগ মানুহেই দুপৰীয়াৰ আহাৰ খোৱাৰ পাছত অলস আৰু টোপনি অনুভৱ কৰে। এনে লাগে যেন ১৫ মিনিট টোপনিৰ পাছত শৰীৰটো সতেজ অনুভৱ হ’ব। আচলতে ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণ পুষ্টিবিদ বিশেষজ্ঞ আৰু বৈজ্ঞানিক চিকিৎসকৰ মতে জনি লওক।

 আমাৰ শৰীৰক কাম কৰিবলৈ শক্তিৰ প্ৰয়োজন। যাৰ বাবে আমি খাদ্য গ্ৰহণ কৰো আৰু বহু ধৰণৰ পুষ্টিকৰ উপাদান খাওঁ। চিকিৎসকে কয় যে আমি যেতিয়া খাদ্য খাওঁ তেতিয়া আমাৰ অন্ত্ৰ আৰু গোটেই শৰীৰে খাদ্য হজম কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ কাৰণে তেজত চেনিৰ মাত্ৰা কমিবলৈ আৰম্ভ কৰে। যাৰ বাবে আমি অলস আৰু টোপনি অনুভৱ কৰো। লগতে কোনো ব্যক্তিয়ে উচ্চ চেনিযুক্ত খাদ্য খালে তেজত থকা চেনি হঠাতে বাঢ়ি যায় আৰু তাৰ পাছত দ্ৰুতগতিত কমি যায়। ইয়াৰ বাবেই ব্যক্তিজনে ভাগৰুৱা অনুভৱ কৰি টোপনি আহিবলৈ আৰম্ভ কৰে। অৱশ্যে খাদ্য খোৱাৰ পাছত অলপ জিৰণি ল’ব পাৰে। খোৱাৰ পাছত টোপনি অহাৰ আচল কাৰণ জানো আহক।

 * হৰম’নৰ বাবে টোপনি আহে-

কেৱল তেজৰ চেনিৰ মাত্ৰা কম হোৱাৰ বাবেই টোপনি অহাটোবে প্ৰকৃত কাৰণ নহয়। কেতিয়াবা শৰীৰৰ হৰম’নবোৰো টোপনিৰ কাৰণ হয়। আচলতে খাদ্য খোৱাৰ পাছত কেতিয়াবা চেৰ’টনিন দ্ৰুতগতিত গঠন হ’বলৈ আৰম্ভ কৰে, যাৰ বাবে ব্যক্তি এজনৰ শুবলৈ মন যায়।

 * খাদ্যৰ ওপৰত নিৰ্ভৰ কৰে-

একাংশ চিকিৎসকে কয় যে যদি কোনো ব্যক্তিয়ে ট্ৰিপট’ফেন নামৰ এমিনো এচিডযুক্ত খাদ্য খায় তেন্তে ইয়াৰ ফলত টোপনি আহিব পাৰে। কাৰণ ই চেৰ’টনিন উৎপাদনৰ লগত জড়িত। ট্ৰিপ্ট’ফেন বহু প্ৰ’টিনসমৃদ্ধ খাদ্য যেনে-পনীৰ, কণী আদিত পোৱা যায়।

 * মুক্তি পোৱাৰ উপায়-

অফিচত কাম কৰা লোকৰ বাবে খাদ্য খোৱাৰ পাছত টোপনি অহাটোৱে কিছু সমস্যাৰ সৃষ্টি কৰে। ইয়াৰ বাবে আপুনি খাদ্যত উচ্চ আঁহযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াৰ ফলত তেজত চেনিৰ মাত্ৰা অটুট থাকে আৰু অলসতা অনুভৱ নহয়। লগতে লঘু খাদ্যও খাব পাৰে। দিনত অত্যধিক খাদ্য গ্ৰহণ নকৰিব। যদি আপুনি অধিক খাদ্য খায়, তেন্তে ই পাচনতন্ত্ৰত অতিৰিক্ত বোজা হৈ পৰে, যাৰ ফলত তাৰ পাছত অলসতাৰ লগতে টোপনি আহিব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু