--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদিল্লীৰ আবকাৰী নীতিত অনিয়মৰ অভিযোগত তদন্তকাৰী সংস্থা চিবিআইয়ে তালাচী চলোৱা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া গ্ৰেপ্তাৰ হ’ব নেকি? এই প্ৰশ্নই এতিয়া বহুতৰে মনত ক্ৰিয়া কৰিছে৷ চিবিআইয়ে দাখিল কৰা এজাহাৰত চিছোদিয়াকে ধৰি ১৪ জন লোকৰ নাম উল্লেখ কৰিছে। 

দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া এতিয়া আন এক  সমস্যাৰ মুখামুখী হৈছে। চিবিআইয়ে দেওবাৰে কেজৰিৱাল চৰকাৰৰ মন্ত্ৰী চিছোদিয়াৰ লগতে মুঠ ১৪ জন লোকৰ বিৰুদ্ধে   লুকআউট চাৰ্কুলাৰ জাৰি কৰে।লুকআউট চাৰ্কুলাৰ জাৰি কৰাৰ ফলত  চিছোদিয়াকে ধৰি ১৪ জন লোকে দেশৰ বাহিৰলৈ যাব নোৱাৰিব।

 ইপিনে  লুক আউট চাৰ্কুলাৰ জাৰি কৰাৰ পিছত চিছোদিয়াই টুইটাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণৰ  লক্ষ্য কৰি লৈছে ৷ টুইটাৰত তেওঁ লিখিছে, "আপোনাৰ সকলো অভিযান বিফল হৈছে। মই একো অনিয়ম কৰা  নাছিলো... এইবাৰ আপুনি লুক আউট চাৰ্কুলাৰ জাৰী কৰিছে, যেন মনীষ চিছোদিয়াক বিচাৰি পোৱা  নাই! এয়া মোডীজী কেনে ধৰণৰ আচৰণ? মই দিল্লীত মুক্তভাৱে ঘূৰি ফুৰিছো। আপুনি মোক দেখা পোৱা নাই নেকি?"

শুক্ৰবাৰে জন্মাষ্টমীৰ পুৱা চিবিআইয়ে চিছোদিয়াৰ ঘৰ আৰু আন কেইবাটাও অঞ্চলত তালাচী চলাইছিল। দিল্লীৰ উপ মুখ্যমন্ত্ৰীৰ ঘৰত প্ৰায় ১৪ ঘণ্টা তালাচী চলোৱা হৈছিল।

তালাচীৰ পিছত, চিছোদিয়াই কৈছিল, "চিবিআই পুৱা মোৰ ঘৰলৈ আহিছিল। তেওঁলোকে তালাচী চলাইছিল, মোৰ কম্পিউটাৰ আৰু ফোন জব্দ কৰিছিল। ইয়াৰ উপৰিও, কিছুমান ফাইল অনুসন্ধানকাৰী বিষয়াই  লৈ গৈছে। মই আৰু মোৰ পৰিয়ালে অনুসন্ধানকাৰী বিষয়াসকলৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰিছো।   মই কোনো দুৰ্নীতি কৰা নাছিলো। গতিকে মই ভয় নকৰো। 

একে সময়তে, চিছোদিয়াই কেন্দ্ৰীয় তদন্ত সংস্থাৰ অপব্যৱহাৰ কৰাৰ বাবে বিজেপিক তীব্ৰ সমালোচনা কৰিছিল।

কালি চৰকাৰক সমালোচনা কৰি চিছোদিয়াই কৈছিল , "নতুন আবকাৰী নীতিত কোনো কেলেংকাৰী হোৱা নাই। কেজৰিৱালৰ নেতৃত্বত দিল্লীৰ চৰকাৰে কৰা কাম আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাতৰি কাকতত প্ৰকাশ হৈছে। যদি কোনোবাই ভাল কাম কৰে, মোডীজীয়ে ভাল নাপায়, সেয়েহে ইডি, চিবিআই আদিৰ জৰিয়তে  হাৰাশাস্তি কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু মই আপোনালোকক ক'ব পাৰোঁ যে দেশৰ ৰাইজে কেজৰিৱালক কেনেদৰে মৰম কৰিবলৈ আৰম্ভ কৰিছে সেয়া সকলোৱে দেখিছেই৷  কেজৰিৱাল ২০২৪ চনৰ লোকসভা নিৰ্বাচনত মোডীৰ বিৰুদ্ধে মুখ্য প্ৰতিদ্বন্দী  হ'ব। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত মোডী বনাম কেজৰিৱালৰ যুঁজ  হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ