--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদিল্লীৰ আবকাৰী নীতিত অনিয়মৰ অভিযোগত তদন্তকাৰী সংস্থা চিবিআইয়ে তালাচী চলোৱা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া গ্ৰেপ্তাৰ হ’ব নেকি? এই প্ৰশ্নই এতিয়া বহুতৰে মনত ক্ৰিয়া কৰিছে৷ চিবিআইয়ে দাখিল কৰা এজাহাৰত চিছোদিয়াকে ধৰি ১৪ জন লোকৰ নাম উল্লেখ কৰিছে। 

দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া এতিয়া আন এক  সমস্যাৰ মুখামুখী হৈছে। চিবিআইয়ে দেওবাৰে কেজৰিৱাল চৰকাৰৰ মন্ত্ৰী চিছোদিয়াৰ লগতে মুঠ ১৪ জন লোকৰ বিৰুদ্ধে   লুকআউট চাৰ্কুলাৰ জাৰি কৰে।লুকআউট চাৰ্কুলাৰ জাৰি কৰাৰ ফলত  চিছোদিয়াকে ধৰি ১৪ জন লোকে দেশৰ বাহিৰলৈ যাব নোৱাৰিব।

 ইপিনে  লুক আউট চাৰ্কুলাৰ জাৰি কৰাৰ পিছত চিছোদিয়াই টুইটাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণৰ  লক্ষ্য কৰি লৈছে ৷ টুইটাৰত তেওঁ লিখিছে, "আপোনাৰ সকলো অভিযান বিফল হৈছে। মই একো অনিয়ম কৰা  নাছিলো... এইবাৰ আপুনি লুক আউট চাৰ্কুলাৰ জাৰী কৰিছে, যেন মনীষ চিছোদিয়াক বিচাৰি পোৱা  নাই! এয়া মোডীজী কেনে ধৰণৰ আচৰণ? মই দিল্লীত মুক্তভাৱে ঘূৰি ফুৰিছো। আপুনি মোক দেখা পোৱা নাই নেকি?"

শুক্ৰবাৰে জন্মাষ্টমীৰ পুৱা চিবিআইয়ে চিছোদিয়াৰ ঘৰ আৰু আন কেইবাটাও অঞ্চলত তালাচী চলাইছিল। দিল্লীৰ উপ মুখ্যমন্ত্ৰীৰ ঘৰত প্ৰায় ১৪ ঘণ্টা তালাচী চলোৱা হৈছিল।

তালাচীৰ পিছত, চিছোদিয়াই কৈছিল, "চিবিআই পুৱা মোৰ ঘৰলৈ আহিছিল। তেওঁলোকে তালাচী চলাইছিল, মোৰ কম্পিউটাৰ আৰু ফোন জব্দ কৰিছিল। ইয়াৰ উপৰিও, কিছুমান ফাইল অনুসন্ধানকাৰী বিষয়াই  লৈ গৈছে। মই আৰু মোৰ পৰিয়ালে অনুসন্ধানকাৰী বিষয়াসকলৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰিছো।   মই কোনো দুৰ্নীতি কৰা নাছিলো। গতিকে মই ভয় নকৰো। 

একে সময়তে, চিছোদিয়াই কেন্দ্ৰীয় তদন্ত সংস্থাৰ অপব্যৱহাৰ কৰাৰ বাবে বিজেপিক তীব্ৰ সমালোচনা কৰিছিল।

কালি চৰকাৰক সমালোচনা কৰি চিছোদিয়াই কৈছিল , "নতুন আবকাৰী নীতিত কোনো কেলেংকাৰী হোৱা নাই। কেজৰিৱালৰ নেতৃত্বত দিল্লীৰ চৰকাৰে কৰা কাম আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাতৰি কাকতত প্ৰকাশ হৈছে। যদি কোনোবাই ভাল কাম কৰে, মোডীজীয়ে ভাল নাপায়, সেয়েহে ইডি, চিবিআই আদিৰ জৰিয়তে  হাৰাশাস্তি কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু মই আপোনালোকক ক'ব পাৰোঁ যে দেশৰ ৰাইজে কেজৰিৱালক কেনেদৰে মৰম কৰিবলৈ আৰম্ভ কৰিছে সেয়া সকলোৱে দেখিছেই৷  কেজৰিৱাল ২০২৪ চনৰ লোকসভা নিৰ্বাচনত মোডীৰ বিৰুদ্ধে মুখ্য প্ৰতিদ্বন্দী  হ'ব। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত মোডী বনাম কেজৰিৱালৰ যুঁজ  হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু