--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
আজি দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় চৌহদৰ কেইবাটাও অট্টালিকাত ব্ৰাহ্মণ বিৰোধী শ্লোগানেৰে বিকৃত কৰা হয়, যিবোৰ ফটো সামাজিক মাধ্যমতো শ্বেয়াৰ হৈছে।

বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে দাবী কৰে যে স্কুল অৱ ইণ্টাৰনেশ্যনেল ষ্টাডিজ- II ভৱনৰ দেৱালত ব্ৰাহ্মণ আৰু বণিয়া সম্প্ৰদায়ৰ বিৰুদ্ধে শ্লোগানেৰে ভৰাই পেলোৱা হৈছে।

দেৱালত থকা কিছুমান শ্লোগান হৈছে "ব্ৰাহ্মণসকলে চৌহদ এৰক", "তেজহে থাকিব", "ব্ৰাহ্মণসকলে ভাৰত এৰক" আৰু "ব্ৰাহ্মণ- বণিয়াসকল, আমি আপোনালোকৰ বাবে আহিছো! আমি প্ৰতিশোধ লম।"

আৰ এছ এছৰ সৈতে জড়িত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে এই কাণ্ডত বাওঁপন্থী জড়িত আছে বুলি অভিযোগ উত্থাপন কৰে।

এবিভিপি জেএনইউৰ সভাপতি ৰোহিত কুমাৰে কয় যে, "এবিভিপিয়ে সাম্প্ৰদায়িক গুণ্ডাই একাডেমিক স্থানত কৰা সাম্প্ৰদায়িকতাবিৰোধী কাৰ্যক তীব্ৰ গৰিহণা দিছে। কমিউনিষ্টসকলে স্কুল অৱ ইণ্টাৰনেশ্যনেল ষ্টাডিজ- II ভৱনত জেএনইউৰ দেৱালত ব্ৰাহ্মণ বিৰোধী শ্ল'গান লিখিছে। তেওঁলোকে মুক্ত চিন্তাধাৰাৰ অধ্যাপকসকলৰ চেম্বাৰ বিকৃত কৰি তেওঁলোকক ভয় দেখুৱাইছে।"

কুমাৰে লগতে কয়, "আমি বিশ্বাস কৰোঁ যে শৈক্ষিক স্থানসমূহ তৰ্ক আৰু আলোচনাৰ বাবে ব্যৱহাৰ কৰিব লাগিব আৰু সমাজ আৰু ছাত্ৰ সমাজক বিষবাষ্প বিয়পোৱাৰ  বাবে ব্যৱহাৰ কৰিব নালাগে।"

জে এন ইউৰ এটা শিক্ষক সংস্থাইও এই সাম্প্ৰদায়কতা বিৰোধী কাৰ্য্যক নিন্দা কৰি এটা টুইট পোষ্ট কৰিছে আৰু ইয়াৰ বাবে "বাওঁপন্থী দলটোক" দায়ী কৰিছে।

"যদিও বাওঁপন্থী দলে প্ৰতিটো বিৰোধী কণ্ঠক ভয় খুৱাই, তেওঁলোকে ইচিৰ প্ৰতিনিধি নিৰ্বাচন কৰিবলৈ আবেদন জনায় যিয়ে 'পাৰস্পৰিক সন্মান আৰু সভ্যতাৰ মূল্যবোধক দাবী কৰিব পাৰে, আৰু সকলোৰে সৈতে সমান আৰু ন্যায়সংগত ব্যৱহাৰ! 'সভ্যতা' আৰু 'পাৰস্পৰিক সন্মান'।' সাম্প্ৰদায়িকতা বিৰোধী কাৰ্য অতি দুখজনক!" বুলি জেএনইউৰ শিক্ষক মঞ্চই টুইটাৰত লিখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক