--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰেপ গায়ক সিদ্ধু মুছেৱালা হত্যাৰ প্ৰধান অভিযুক্ত গোল্ডি ব্ৰাৰক অৱশেষত কৰায়ত্ব কৰিব পৰা গৈছে। ভাৰতীয় চোৰাংচোৱাই  এই তথ্য প্ৰকাশ কৰিছে। চোৰাংচোৱা সূত্ৰই প্ৰকাশ কৰা অনুসৰি মুছেৱালা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড গোল্ডি ব্ৰাৰক কেলিফৰ্ণিয়াত গ্ৰেপ্তাৰ কৰা হৈছে। ২৯ মে'ত ৰেপ গায়কগৰাকীক  দুৰ্বৃত্তৰ এটা দলে গুলীয়াই হত্যা কৰিছিল। গোল্ডিয়ে ঘোষণা কৰিছিল যে   তেওঁ তেওঁৰ দলৰ দুজন সদস্যৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ মুছেৱালাক  হত্যা কৰাৰ পৰিকল্পনা কৰিছিল।

গোল্ডিয়ে মুছেৱালাৰ  হত্যাৰ দায়িত্বও স্বীকাৰ কৰিছিল।পঞ্জাৱৰ গায়ক তথা কংগ্ৰেছ নেতা সিদ্ধুমুছেৱালাৰ হত্যাই সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।  ভাৰতীয় চোৰাংচোৱা সূত্ৰৰ মতে গোল্ডিয়ে  আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত আত্মগোপন কৰি আছিল। তাতেই তেওঁক আটক কৰা হৈছে। অৱশ্যে  এতিয়ালৈকে, কেলিফৰ্ণিয়াৰ প্ৰশাসনে বিষয়টো নিশ্চিত কৰা নাই।  

সেয়ে প্ৰশাসনে কোনো আনুষ্ঠানিক বিবৃতিও দিয়া হোৱা নাই। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে  ভাৰতীয় চোৰাংচোৱা সংস্থা, দিল্লী আৰক্ষীৰ বিশেষ কোষ আৰু পঞ্জাৱ আৰক্ষীলৈ গোল্ডিৰ গ্ৰেপ্তাৰ সম্পৰ্কে তথ্য প্ৰেৰণ কৰা হৈছে।  আন্তৰ্জাতিক সূত্ৰই গোল্ডিৰ গ্ৰেপ্তাৰৰ বিষয়ে ভাৰতৰ চোৰাংচোৱা সংস্থাসমূহক অৱগত কৰিছে। গোল্ডিক সোনকালেই ভাৰতলৈ অনা হ’ব বুলি  আশা কৰা হৈছে।

গোল্ডিক  আটক কৰিবলৈ  পঞ্জাৱ আৰক্ষী আৰু ভাৰতীয় চোৰাংচোৱা সংস্থাই  চেষ্টা কৰি আছিল। 
চলিত বৰ্ষৰ ২৯ মে'ত, সিদ্ধুক পঞ্জাৱৰ মানচা জিলাৰ তেওঁৰ গাওঁ মুছাত অচিনাক্ত আক্ৰমণকাৰীৰ এটা দলে গুলীয়াই হত্যা কৰিছিল। তেওঁলোকৰ মাজৰে এজন আছিল লৰেন্স বিষ্ণোই। তেওঁ অংকিত চিৰচা গোটটোৰ এজন সদস্য।

গুলীচালনাৰ সময়ত সিদ্ধুৰ সৈতে তেওঁৰ এজন সম্পৰ্কীয় ভায়েক আৰু বন্ধু গাড়ীত আছিল। দুয়োজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। সিদ্ধুৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি  তেওঁৰ শৰীৰত মুঠ ১৯ টা গুলী লাগিছিল। গুলীবিদ্ধ হোৱাৰ ১৫ মিনিটৰ ভিতৰতে তেওঁৰ মৃত্যু হয়। হত্যাৰ ঠিক এদিন আগতে পঞ্জাৱৰ আপ চৰকাৰে  সিদ্ধুৰ নিৰাপত্তা কৰ্তন কৰাৰ অসিদ্ধান্ত লৈছিল।

মুছেৱালাৰ হত্যাৰ এদিন পিছত অভিযুক্ত গোল্ডিয়ে ফেচবুকত পোষ্ট কৰিছিল যে তেওঁ তেওঁৰ গোটৰ দুজন সদস্যৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ মুছেৱালাক  হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। ব্ৰাৰ নিজেও গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ এজন 'ঘনিষ্ঠ' সহযোগী বুলি জনা যায়। কি কাৰণত মুছেৱালাক হত্যাৰ বলি কৰা হ’ল সেয়া অৱশ্যে আজিও স্ষ্ট হোৱা নাই।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক