--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰেপ গায়ক সিদ্ধু মুছেৱালা হত্যাৰ প্ৰধান অভিযুক্ত গোল্ডি ব্ৰাৰক অৱশেষত কৰায়ত্ব কৰিব পৰা গৈছে। ভাৰতীয় চোৰাংচোৱাই  এই তথ্য প্ৰকাশ কৰিছে। চোৰাংচোৱা সূত্ৰই প্ৰকাশ কৰা অনুসৰি মুছেৱালা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড গোল্ডি ব্ৰাৰক কেলিফৰ্ণিয়াত গ্ৰেপ্তাৰ কৰা হৈছে। ২৯ মে'ত ৰেপ গায়কগৰাকীক  দুৰ্বৃত্তৰ এটা দলে গুলীয়াই হত্যা কৰিছিল। গোল্ডিয়ে ঘোষণা কৰিছিল যে   তেওঁ তেওঁৰ দলৰ দুজন সদস্যৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ মুছেৱালাক  হত্যা কৰাৰ পৰিকল্পনা কৰিছিল।

গোল্ডিয়ে মুছেৱালাৰ  হত্যাৰ দায়িত্বও স্বীকাৰ কৰিছিল।পঞ্জাৱৰ গায়ক তথা কংগ্ৰেছ নেতা সিদ্ধুমুছেৱালাৰ হত্যাই সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।  ভাৰতীয় চোৰাংচোৱা সূত্ৰৰ মতে গোল্ডিয়ে  আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত আত্মগোপন কৰি আছিল। তাতেই তেওঁক আটক কৰা হৈছে। অৱশ্যে  এতিয়ালৈকে, কেলিফৰ্ণিয়াৰ প্ৰশাসনে বিষয়টো নিশ্চিত কৰা নাই।  

সেয়ে প্ৰশাসনে কোনো আনুষ্ঠানিক বিবৃতিও দিয়া হোৱা নাই। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে  ভাৰতীয় চোৰাংচোৱা সংস্থা, দিল্লী আৰক্ষীৰ বিশেষ কোষ আৰু পঞ্জাৱ আৰক্ষীলৈ গোল্ডিৰ গ্ৰেপ্তাৰ সম্পৰ্কে তথ্য প্ৰেৰণ কৰা হৈছে।  আন্তৰ্জাতিক সূত্ৰই গোল্ডিৰ গ্ৰেপ্তাৰৰ বিষয়ে ভাৰতৰ চোৰাংচোৱা সংস্থাসমূহক অৱগত কৰিছে। গোল্ডিক সোনকালেই ভাৰতলৈ অনা হ’ব বুলি  আশা কৰা হৈছে।

গোল্ডিক  আটক কৰিবলৈ  পঞ্জাৱ আৰক্ষী আৰু ভাৰতীয় চোৰাংচোৱা সংস্থাই  চেষ্টা কৰি আছিল। 
চলিত বৰ্ষৰ ২৯ মে'ত, সিদ্ধুক পঞ্জাৱৰ মানচা জিলাৰ তেওঁৰ গাওঁ মুছাত অচিনাক্ত আক্ৰমণকাৰীৰ এটা দলে গুলীয়াই হত্যা কৰিছিল। তেওঁলোকৰ মাজৰে এজন আছিল লৰেন্স বিষ্ণোই। তেওঁ অংকিত চিৰচা গোটটোৰ এজন সদস্য।

গুলীচালনাৰ সময়ত সিদ্ধুৰ সৈতে তেওঁৰ এজন সম্পৰ্কীয় ভায়েক আৰু বন্ধু গাড়ীত আছিল। দুয়োজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। সিদ্ধুৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি  তেওঁৰ শৰীৰত মুঠ ১৯ টা গুলী লাগিছিল। গুলীবিদ্ধ হোৱাৰ ১৫ মিনিটৰ ভিতৰতে তেওঁৰ মৃত্যু হয়। হত্যাৰ ঠিক এদিন আগতে পঞ্জাৱৰ আপ চৰকাৰে  সিদ্ধুৰ নিৰাপত্তা কৰ্তন কৰাৰ অসিদ্ধান্ত লৈছিল।

মুছেৱালাৰ হত্যাৰ এদিন পিছত অভিযুক্ত গোল্ডিয়ে ফেচবুকত পোষ্ট কৰিছিল যে তেওঁ তেওঁৰ গোটৰ দুজন সদস্যৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ মুছেৱালাক  হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। ব্ৰাৰ নিজেও গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ এজন 'ঘনিষ্ঠ' সহযোগী বুলি জনা যায়। কি কাৰণত মুছেৱালাক হত্যাৰ বলি কৰা হ’ল সেয়া অৱশ্যে আজিও স্ষ্ট হোৱা নাই।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু