--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাৰিষাৰ আগমনৰ লগে লগে বহু ধৰণৰ সংক্ৰমণৰ আশংকা বাঢ়ি যায়। ৰাস্তাত আৰু ঘৰৰ চাৰিওফালে পানী জমা হোৱা, বতৰত আৰ্দ্ৰতা, খোৱাপানীৰ প্ৰদূষণ আনকি ছুইমিং পুলতো বহু ৰোগ আৰু সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়। যদি আপুনি প্ৰায়ে সাঁতুৰিবলৈ যায়, তেন্তে বাৰিষা আপোনাৰ বাবে সমস্যা হৈ পৰিব পাৰে। সাঁতুৰিলে বহু লোকক চৰ্দি হ’ব পাৰে, লগতে পানী দূষিত হ’লে বিভিন্ন ধৰণৰ সংক্ৰমণ হ’ব পাৰে।

ৰাজহুৱা ছুইমিং পুলত সংক্ৰমণৰ আশংকা

বাৰিষাত ৰোগ সাধাৰণ হৈ পৰে, কিন্তু চুইমিং পুল ব্যৱহাৰ কৰিলে এই ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। বিশেষকৈ ৰাজহুৱা চুইমিং পুল ব্যৱহাৰ কৰাৰ সময়ত ডায়েৰিয়া আৰু ছালৰ সংক্ৰমণ হোৱাটো সাধাৰণ কথা। আন মানুহৰ পৰা সংক্ৰমিত হোৱাৰ উপৰিও চুইমিং পুলৰ আশে-পাশে থকা বস্তুবোৰেও সংক্ৰমণৰ সৃষ্টি কৰিব পাৰে।

ছুইমিং পুলত মানুহৰ সংক্ৰমণ কেনেকৈ হয়?

গড়ে যিকোনো সময়ত মানুহৰ শৰীৰত প্ৰায় ০.১৪ গ্ৰাম মল থাকে। আনহাতে ডায়েৰিয়া থকা কোনোবাই যেতিয়া ছুইমিং পুলত প্ৰৱেশ কৰে তেতিয়া সেই পুলত থকা সকলোকে সংক্ৰমিত কৰিব পাৰে। ইয়াৰ উপৰিও পুলত ক্ৰিপ্ট’স্প’ৰিডিয়াম, লিজিঅ’নেলা, ছ্যুড’ম’নাছ, ন’ৰ’ভাইৰাছ, শ্বিগেলা, আৰু গিয়াৰ্ডিয়া আদি কেইবাটাও ৰোগ সৃষ্টিকাৰী জীৱাণু সংক্ৰমিত হ’ব পাৰে।

সাঁতোৰৰ ফলত কাণৰ সংক্ৰমণ

সাঁতোৰৰ ফলত কাণৰ সংক্ৰমণ হ'ব পাৰে,যিটো কাণৰ বাহ্যিক অংশত দীৰ্ঘদিন ধৰি পানী জমা হোৱাৰ বাবে হ’ব পাৰে। আৰ্দ্ৰতা আৰু পানীৰ সঞ্চয়ৰ ফলত বেক্টেৰিয়াৰ বংশবৃদ্ধিৰ স্থান লাভ কৰে। সাঁতোৰৰ পিছত কাণ ভালদৰে পৰিষ্কাৰ নকৰিলে এনে সংক্ৰমণ হ'ব পাৰে। সাধাৰণতে সৰু ল’ৰা-ছোৱালী বা দৈনিক সাঁতুৰি থকা লোকৰ ক্ষেত্ৰত এনেকুৱা হয়।

বাৰিষাত সংক্ৰমণৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে?

নিৰাপদে সাঁতুৰিলে আপোনাক সুস্থ হৈ থাকিব, আৰু তাৰ বাবে এইবোৰ কথা মনত ৰাখিব:

১. পানীত ক্ল’ৰিনৰ মাত্ৰা পৰীক্ষা কৰক।

২. আঘাত পালে পানীত নাযাব। জ্বৰ, চৰ্দি বা কাহ হ’লেও নাযাব।

৩. ছুইমিং পুলত প্ৰৱেশ কৰাৰ আগতে গা ধুই আনকো একে কাম কৰিবলৈ উৎসাহিত কৰক।

৪. যদি ডায়েৰিয়াৰ সৈতে যুঁজি আছে তেন্তে পুললৈ নাযাব।

৫.ছুইমিং পুলৰ পানী খাব  নালাগে।

৬. ছুইমিং পুলত প্ৰৱেশ কৰাৰ সময়ত কেৱল ফিট কৰা কাপোৰহে পিন্ধিব লাগে।

৭. সাঁতোৰৰ পাছত কাণ দুখন ভালদৰে ধুব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু