--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাৰিষাৰ আগমনৰ লগে লগে বহু ধৰণৰ সংক্ৰমণৰ আশংকা বাঢ়ি যায়। ৰাস্তাত আৰু ঘৰৰ চাৰিওফালে পানী জমা হোৱা, বতৰত আৰ্দ্ৰতা, খোৱাপানীৰ প্ৰদূষণ আনকি ছুইমিং পুলতো বহু ৰোগ আৰু সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়। যদি আপুনি প্ৰায়ে সাঁতুৰিবলৈ যায়, তেন্তে বাৰিষা আপোনাৰ বাবে সমস্যা হৈ পৰিব পাৰে। সাঁতুৰিলে বহু লোকক চৰ্দি হ’ব পাৰে, লগতে পানী দূষিত হ’লে বিভিন্ন ধৰণৰ সংক্ৰমণ হ’ব পাৰে।

ৰাজহুৱা ছুইমিং পুলত সংক্ৰমণৰ আশংকা

বাৰিষাত ৰোগ সাধাৰণ হৈ পৰে, কিন্তু চুইমিং পুল ব্যৱহাৰ কৰিলে এই ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। বিশেষকৈ ৰাজহুৱা চুইমিং পুল ব্যৱহাৰ কৰাৰ সময়ত ডায়েৰিয়া আৰু ছালৰ সংক্ৰমণ হোৱাটো সাধাৰণ কথা। আন মানুহৰ পৰা সংক্ৰমিত হোৱাৰ উপৰিও চুইমিং পুলৰ আশে-পাশে থকা বস্তুবোৰেও সংক্ৰমণৰ সৃষ্টি কৰিব পাৰে।

ছুইমিং পুলত মানুহৰ সংক্ৰমণ কেনেকৈ হয়?

গড়ে যিকোনো সময়ত মানুহৰ শৰীৰত প্ৰায় ০.১৪ গ্ৰাম মল থাকে। আনহাতে ডায়েৰিয়া থকা কোনোবাই যেতিয়া ছুইমিং পুলত প্ৰৱেশ কৰে তেতিয়া সেই পুলত থকা সকলোকে সংক্ৰমিত কৰিব পাৰে। ইয়াৰ উপৰিও পুলত ক্ৰিপ্ট’স্প’ৰিডিয়াম, লিজিঅ’নেলা, ছ্যুড’ম’নাছ, ন’ৰ’ভাইৰাছ, শ্বিগেলা, আৰু গিয়াৰ্ডিয়া আদি কেইবাটাও ৰোগ সৃষ্টিকাৰী জীৱাণু সংক্ৰমিত হ’ব পাৰে।

সাঁতোৰৰ ফলত কাণৰ সংক্ৰমণ

সাঁতোৰৰ ফলত কাণৰ সংক্ৰমণ হ'ব পাৰে,যিটো কাণৰ বাহ্যিক অংশত দীৰ্ঘদিন ধৰি পানী জমা হোৱাৰ বাবে হ’ব পাৰে। আৰ্দ্ৰতা আৰু পানীৰ সঞ্চয়ৰ ফলত বেক্টেৰিয়াৰ বংশবৃদ্ধিৰ স্থান লাভ কৰে। সাঁতোৰৰ পিছত কাণ ভালদৰে পৰিষ্কাৰ নকৰিলে এনে সংক্ৰমণ হ'ব পাৰে। সাধাৰণতে সৰু ল’ৰা-ছোৱালী বা দৈনিক সাঁতুৰি থকা লোকৰ ক্ষেত্ৰত এনেকুৱা হয়।

বাৰিষাত সংক্ৰমণৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে?

নিৰাপদে সাঁতুৰিলে আপোনাক সুস্থ হৈ থাকিব, আৰু তাৰ বাবে এইবোৰ কথা মনত ৰাখিব:

১. পানীত ক্ল’ৰিনৰ মাত্ৰা পৰীক্ষা কৰক।

২. আঘাত পালে পানীত নাযাব। জ্বৰ, চৰ্দি বা কাহ হ’লেও নাযাব।

৩. ছুইমিং পুলত প্ৰৱেশ কৰাৰ আগতে গা ধুই আনকো একে কাম কৰিবলৈ উৎসাহিত কৰক।

৪. যদি ডায়েৰিয়াৰ সৈতে যুঁজি আছে তেন্তে পুললৈ নাযাব।

৫.ছুইমিং পুলৰ পানী খাব  নালাগে।

৬. ছুইমিং পুলত প্ৰৱেশ কৰাৰ সময়ত কেৱল ফিট কৰা কাপোৰহে পিন্ধিব লাগে।

৭. সাঁতোৰৰ পাছত কাণ দুখন ভালদৰে ধুব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ