--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত যুদ্ধৰ আশংকাত ক্ষণ গণি থকাৰ সময়তে আজি ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনত "সামৰিক অভিযান" ঘোষণা কৰিছে। ৰাষ্ট্ৰসংঘইও বিশ্ববাসীক সম্ভাব্য যুদ্ধৰ বিষয়ে সতৰ্ক কৰি দিছিল। অৱশ্যে ৰাছিয়াই বাৰে-বাৰে যুদ্ধৰ দাবী নাকচ কৰি আহিছিল। কিন্তু শেষত যেন সকলোবোৰ সঁচা হ'ল। পুটিনে ইউক্ৰেইনৰ সেনাক নিজৰ অস্ত্ৰ সমৰ্পণ কৰিবলৈ কোৱা হৈছে, ইয়াৰ লগে-লগে দুয়োখন দেশৰ একপ্ৰকাৰৰ যুদ্ধৰ পৰিস্থিতি উদ্ভৱ হয়। উল্লেখ্য যে, পুটিনক ৰাষ্ট্ৰসংঘই সতৰ্ক কৰি দিছিল যে ইউক্ৰেইনক যাতে কোনো কাৰণতে আক্ৰমণ নকৰে। অৱশ্যে, ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে এই কোনো আহ্বানৰ প্ৰতি সহাৰি জনোৱা নাই। "মই ইউক্ৰেইনত সামৰিক অভিযান চলাবলৈ সিদ্ধান্ত লৈছো। তেওঁ লগতে ইউক্ৰেইনৰ সেনাক অস্ত্ৰ সমৰ্পণ কৰিবলৈও নিৰ্দেশ দিছে। অৰ্থাৎ, পুটিনে একে মুখত স্বীকাৰ নকৰিলেও, এয়া এক যুদ্ধৰ কণ্ঠস্বৰৰে ঘোষণা। ইফালে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে যুদ্ধসদৃশ এই ঘটনাটোক "অতি দুখজনক" বুলি অভিহিত কৰিছে। তেওঁৰ মতে, ৰাছিয়াৰ এই পদক্ষেপৰ ফলত ইউৰোপত এক ভয়ংকৰ যুদ্ধসদৃশ পৰিস্থিতি সৃষ্টি হৈছে। তেওঁ সাধাৰণ ৰাইজকো যুদ্ধ বন্ধ কৰিবলৈ আহ্বান জনাইছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে কয় যে, "যুদ্ধ আপোনাৰ মোৰ দৰে সাধাৰণ মানুহে বন্ধ কৰিব লাগিব। পৰিস্থিতিটো মোকাবিলা কৰিবলৈ তেওঁ আনকি পুটিনৰ সৈতে ফোনত কথা পাতিছে, কিন্তু এইক্ষেত্ৰত তেওঁ কোনো সঁহাৰি পোৱা নাছিল। ইউক্ৰেইনৰ সীমান্তত ২,০০,০০০ ৰাছিয়ান সৈন্য নিয়োজিত কৰা হৈছে। ইউক্ৰেইনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। সকলো বিমান বন্দৰ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে। কেইঘণ্টামান আগতে মস্কোৱে ইউক্ৰেইনৰ পৰা সকলো ৰাছিয়াৰ কূটনীতিবিদক ঘূৰাই অনাৰ নিৰ্দেশ দিছিল। ৰাছিয়াৰ দূতাবাস ডেনিছ গোলেঙ্কোৱে কয় যে যুদ্ধৰ এই খবৰটো মিছা নহয়, ৰাছিয়াই ইতিমধ্যে আমাক আক্ৰমণ কৰিবলৈ তেওঁলোকৰ সকলো পৰিকল্পনা প্ৰয়োগ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক