--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত যুদ্ধৰ আশংকাত ক্ষণ গণি থকাৰ সময়তে আজি ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনত "সামৰিক অভিযান" ঘোষণা কৰিছে। ৰাষ্ট্ৰসংঘইও বিশ্ববাসীক সম্ভাব্য যুদ্ধৰ বিষয়ে সতৰ্ক কৰি দিছিল। অৱশ্যে ৰাছিয়াই বাৰে-বাৰে যুদ্ধৰ দাবী নাকচ কৰি আহিছিল। কিন্তু শেষত যেন সকলোবোৰ সঁচা হ'ল। পুটিনে ইউক্ৰেইনৰ সেনাক নিজৰ অস্ত্ৰ সমৰ্পণ কৰিবলৈ কোৱা হৈছে, ইয়াৰ লগে-লগে দুয়োখন দেশৰ একপ্ৰকাৰৰ যুদ্ধৰ পৰিস্থিতি উদ্ভৱ হয়। উল্লেখ্য যে, পুটিনক ৰাষ্ট্ৰসংঘই সতৰ্ক কৰি দিছিল যে ইউক্ৰেইনক যাতে কোনো কাৰণতে আক্ৰমণ নকৰে। অৱশ্যে, ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে এই কোনো আহ্বানৰ প্ৰতি সহাৰি জনোৱা নাই। "মই ইউক্ৰেইনত সামৰিক অভিযান চলাবলৈ সিদ্ধান্ত লৈছো। তেওঁ লগতে ইউক্ৰেইনৰ সেনাক অস্ত্ৰ সমৰ্পণ কৰিবলৈও নিৰ্দেশ দিছে। অৰ্থাৎ, পুটিনে একে মুখত স্বীকাৰ নকৰিলেও, এয়া এক যুদ্ধৰ কণ্ঠস্বৰৰে ঘোষণা। ইফালে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে যুদ্ধসদৃশ এই ঘটনাটোক "অতি দুখজনক" বুলি অভিহিত কৰিছে। তেওঁৰ মতে, ৰাছিয়াৰ এই পদক্ষেপৰ ফলত ইউৰোপত এক ভয়ংকৰ যুদ্ধসদৃশ পৰিস্থিতি সৃষ্টি হৈছে। তেওঁ সাধাৰণ ৰাইজকো যুদ্ধ বন্ধ কৰিবলৈ আহ্বান জনাইছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে কয় যে, "যুদ্ধ আপোনাৰ মোৰ দৰে সাধাৰণ মানুহে বন্ধ কৰিব লাগিব। পৰিস্থিতিটো মোকাবিলা কৰিবলৈ তেওঁ আনকি পুটিনৰ সৈতে ফোনত কথা পাতিছে, কিন্তু এইক্ষেত্ৰত তেওঁ কোনো সঁহাৰি পোৱা নাছিল। ইউক্ৰেইনৰ সীমান্তত ২,০০,০০০ ৰাছিয়ান সৈন্য নিয়োজিত কৰা হৈছে। ইউক্ৰেইনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। সকলো বিমান বন্দৰ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে। কেইঘণ্টামান আগতে মস্কোৱে ইউক্ৰেইনৰ পৰা সকলো ৰাছিয়াৰ কূটনীতিবিদক ঘূৰাই অনাৰ নিৰ্দেশ দিছিল। ৰাছিয়াৰ দূতাবাস ডেনিছ গোলেঙ্কোৱে কয় যে যুদ্ধৰ এই খবৰটো মিছা নহয়, ৰাছিয়াই ইতিমধ্যে আমাক আক্ৰমণ কৰিবলৈ তেওঁলোকৰ সকলো পৰিকল্পনা প্ৰয়োগ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক