--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত আৰম্ভ হ'ল যুদ্ধ। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পাছতেই ৰাছিয়াৰ সেনাই আক্ৰমণ কৰিছে ইউক্ৰেইনক। আকাশমাৰ্গৰ পৰা ৰাছিয়াৰ সেনাই ইউক্ৰেইনত আৰম্ভ কৰিছে ধাৰাসাৰ বোমাবৰ্ষণ। ৰাষ্ট্ৰপতি পুটিনৰ নিৰ্দেশৰ প্ৰায় ৩০ মিনিটৰ ভিতৰতে ৰকেট আক্ৰমণ আৰম্ভ কৰে ৰাছিয়াৰ সেনাই। ইউক্ৰেইনৰ সেনাক অতি সোনকালে আত্মসমৰ্পণ কৰিবলৈ সকিয়নি দিছে ৰাছিয়াই। ৰাছিয়াৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে আমেৰিকাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিদেনে যিকোনো মুহূৰ্তত ৰাছিয়া আক্ৰমণৰ ভাবুকি দিছে। বিস্ফোৰণৰ ফলত ইউক্ৰেইনত বহু ভৱন তাচপাতৰ ঘৰ খহাদি খহি পৰিছে। ৰাছিয়াৰ আক্ৰমণৰ পিছতে ইউক্ৰেইনত বন্ধ কৰি দিয়া হৈছে দেশখনৰ সকলো বিমান বন্দৰ। প্ৰায় ২০ হাজাৰ ভাৰতীয় লোক ইউক্ৰেইনত আৱব্ধ হৈ আছে। ইউক্ৰেইন আক্ৰমণত যদিহে কোনোবাই ৰাছিয়াক বাধা দিয়ে তেন্তে সেইসকলৰ বিৰুদ্ধে প্ৰতিশোধ লোৱা হ’ব বুলি হুংকাৰ দিছে ৰাষ্ট্ৰপতি পুটিনে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইন আক্ৰমণ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতে বিশ্বৰ বিভিন্ন দেশে ৰাছিয়াৰ কাৰ্যক গৰিহণা দিয়াৰ লগতে ৰাছিয়াক সকলো ক্ষেত্ৰতে বয়কট কৰা হুংকাৰ দিছে। উল্লেখ্য যে ৰাছিয়াই লাখ লাখ সামৰিক জোৱান ইউক্ৰেইনৰ সীমান্তত মোতায়েন কৰিছে৷ যাতে যিকোনো মুহূৰ্ততেই ইউক্ৰেইনৰ ভিতৰত প্ৰৱেশ কৰি আক্ৰমণ চলাব পৰা যায় আৰু দেশখন নিজৰ দখলত আনিব পৰা যায়৷ ৰাছিয়াক প্ৰত্যাক্ৰমণ কৰিবলৈ আমেৰিকাই ইউক্ৰেইনক প্ৰয়োজনীয় সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে৷ আনকি আমেৰিকাই ইতিমধ্যে ইউক্ৰেইনক সামৰিক সহযোগিতা আগবঢ়োৱা বুলিও প্ৰকাশ পাইছে৷ আৰু পঢ়কঃ ২০০ জন বিধায়কক iPhone 13 উপহাৰ দিলে ৰাজস্থানৰ মুখ্যমন্ত্ৰীয়ে

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক