--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত আৰম্ভ হ'ল যুদ্ধ। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পাছতেই ৰাছিয়াৰ সেনাই আক্ৰমণ কৰিছে ইউক্ৰেইনক। আকাশমাৰ্গৰ পৰা ৰাছিয়াৰ সেনাই ইউক্ৰেইনত আৰম্ভ কৰিছে ধাৰাসাৰ বোমাবৰ্ষণ। ৰাষ্ট্ৰপতি পুটিনৰ নিৰ্দেশৰ প্ৰায় ৩০ মিনিটৰ ভিতৰতে ৰকেট আক্ৰমণ আৰম্ভ কৰে ৰাছিয়াৰ সেনাই। ইউক্ৰেইনৰ সেনাক অতি সোনকালে আত্মসমৰ্পণ কৰিবলৈ সকিয়নি দিছে ৰাছিয়াই। ৰাছিয়াৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে আমেৰিকাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিদেনে যিকোনো মুহূৰ্তত ৰাছিয়া আক্ৰমণৰ ভাবুকি দিছে। বিস্ফোৰণৰ ফলত ইউক্ৰেইনত বহু ভৱন তাচপাতৰ ঘৰ খহাদি খহি পৰিছে। ৰাছিয়াৰ আক্ৰমণৰ পিছতে ইউক্ৰেইনত বন্ধ কৰি দিয়া হৈছে দেশখনৰ সকলো বিমান বন্দৰ। প্ৰায় ২০ হাজাৰ ভাৰতীয় লোক ইউক্ৰেইনত আৱব্ধ হৈ আছে। ইউক্ৰেইন আক্ৰমণত যদিহে কোনোবাই ৰাছিয়াক বাধা দিয়ে তেন্তে সেইসকলৰ বিৰুদ্ধে প্ৰতিশোধ লোৱা হ’ব বুলি হুংকাৰ দিছে ৰাষ্ট্ৰপতি পুটিনে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইন আক্ৰমণ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতে বিশ্বৰ বিভিন্ন দেশে ৰাছিয়াৰ কাৰ্যক গৰিহণা দিয়াৰ লগতে ৰাছিয়াক সকলো ক্ষেত্ৰতে বয়কট কৰা হুংকাৰ দিছে। উল্লেখ্য যে ৰাছিয়াই লাখ লাখ সামৰিক জোৱান ইউক্ৰেইনৰ সীমান্তত মোতায়েন কৰিছে৷ যাতে যিকোনো মুহূৰ্ততেই ইউক্ৰেইনৰ ভিতৰত প্ৰৱেশ কৰি আক্ৰমণ চলাব পৰা যায় আৰু দেশখন নিজৰ দখলত আনিব পৰা যায়৷ ৰাছিয়াক প্ৰত্যাক্ৰমণ কৰিবলৈ আমেৰিকাই ইউক্ৰেইনক প্ৰয়োজনীয় সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে৷ আনকি আমেৰিকাই ইতিমধ্যে ইউক্ৰেইনক সামৰিক সহযোগিতা আগবঢ়োৱা বুলিও প্ৰকাশ পাইছে৷ আৰু পঢ়কঃ ২০০ জন বিধায়কক iPhone 13 উপহাৰ দিলে ৰাজস্থানৰ মুখ্যমন্ত্ৰীয়ে

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক