--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰাজিলিয়ান ফুটবলাৰ নেইমাৰৰ প্ৰেমিকা আৰু কন্যা শিশুক  বন্দুকধাৰীয়ে অপহৰণ কৰাৰ চেষ্টা চলোৱাৰ খবৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে দুৰ্বৃত্তৰ এটা দলে নেইমাৰৰ প্ৰেমিকা ব্ৰুনাৰ ঘৰত প্ৰৱেশ কৰিছিল । ব্ৰুনা আৰু তেওঁলোকৰ কন্যা শিশুটি  সেই সময়ত ঘৰত নাছিল। দুৰ্বৃত্তই  ব্ৰুনাৰ পিতৃ আৰু মাতৃৰ হাত - ভৰি বান্ধি পেলাইছিল।  ব্ৰাজিলৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত  তদন্ত আৰম্ভ কৰিছে আৰু এজন সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰিছে। 

গ্ৰেপ্তাৰ কৰা লোকজন ব্ৰুনাৰ ঘৰৰ ওচৰতে থাকে।  অভিযুক্ত ব্যক্তিজনে দুৰ্বৃত্তসকলক ডকাইতি কৰাত সহায় কৰিছিল বুলি জানিব পৰা গৈছে। প্ৰাথমিক অনুসন্ধানত জানিব পৰা মতে  যে ডকাইতিৰ কেইঘণ্টামান আগতে তিনিজন অচিনাক্ত ব্যক্তিয়ে ব্ৰুনাৰ ঘৰৰ ওচৰত খোজকাঢ়ি আছিল। ব্ৰাজিলৰ আৰক্ষীয়ে ঘটনাটোত জড়িত আন সন্দেহজনক লোকসকলক বিচাৰি আছে। দুৰ্বৃত্তই দামী ঘড়ী আৰু গহনা আদি লুটিলৈ গৈছে। চুবুৰীয়াসকলে  পিছত ঘটনাটো ব্ৰাজিলৰ আৰক্ষীক জনায়। অৱশ্যে নেইমাৰে এই ঘটনা  সন্দৰ্ভত কোনো মন্তব্য দিয়া নাই। 


 উল্লেখ্য কিছুদিন পূৰ্বে পুনৰ পিতৃ হৈছিল  নেইমাৰ জুনিয়ৰ ।কন্যা সন্তানৰ পিতৃ হৈছিল নেইমাৰ ।  খেলুৱৈগৰাকীয়ে  নৱজাতকৰ এখন ফটোও সামাজিক মাধ্যমত পোষ্ট কৰিছিল।নেইমাৰ জুনিয়ৰে  লিখিছিল, "মাভি আমাৰ জীৱন ভৰাই তুলিবলৈ  আহিছে। তোমাক  স্বাগতম, কন্যা। মই তোমাক বহুত ভালপাওঁ। আমাক বাছনি কৰাৰ বাবে ধন্যবাদ।’’ নেইমাৰ জুনিয়ৰ আৰু তেওঁৰ প্ৰেমিকা ব্ৰুনাৰ অন্তৰত এতিয়া আনন্দৰ লহৰ বৈ গৈছে। 

আল হিলালৰ ষ্ট্ৰাইকাৰজনে ব্ৰুনাৰ সৈতে  দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক বজাই ৰাখিছে। কিন্তু সেই কথা তেওঁলোকে গোপন ৰাখিছিল। অৱশ্যে যোৱা বছৰ খেলুৱৈগৰাকীয়ে  তেওঁৰ প্ৰেমিকাৰ সৈতে ইনষ্টাগ্ৰামত এখন ফটো পোষ্ট কৰিছিল। তেতিয়াই  জনা গৈছিল যে নেইমাৰে ব্ৰুনাৰ প্ৰেমত ডুব গৈ আছে।   নেইমাৰে  ব্ৰুনাৰ সন্তানৰ পিতৃ হোৱাৰ খবৰো নিজেই  প্ৰকাশ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব