--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰাজিলিয়ান ফুটবলাৰ নেইমাৰৰ প্ৰেমিকা আৰু কন্যা শিশুক  বন্দুকধাৰীয়ে অপহৰণ কৰাৰ চেষ্টা চলোৱাৰ খবৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে দুৰ্বৃত্তৰ এটা দলে নেইমাৰৰ প্ৰেমিকা ব্ৰুনাৰ ঘৰত প্ৰৱেশ কৰিছিল । ব্ৰুনা আৰু তেওঁলোকৰ কন্যা শিশুটি  সেই সময়ত ঘৰত নাছিল। দুৰ্বৃত্তই  ব্ৰুনাৰ পিতৃ আৰু মাতৃৰ হাত - ভৰি বান্ধি পেলাইছিল।  ব্ৰাজিলৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত  তদন্ত আৰম্ভ কৰিছে আৰু এজন সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰিছে। 

গ্ৰেপ্তাৰ কৰা লোকজন ব্ৰুনাৰ ঘৰৰ ওচৰতে থাকে।  অভিযুক্ত ব্যক্তিজনে দুৰ্বৃত্তসকলক ডকাইতি কৰাত সহায় কৰিছিল বুলি জানিব পৰা গৈছে। প্ৰাথমিক অনুসন্ধানত জানিব পৰা মতে  যে ডকাইতিৰ কেইঘণ্টামান আগতে তিনিজন অচিনাক্ত ব্যক্তিয়ে ব্ৰুনাৰ ঘৰৰ ওচৰত খোজকাঢ়ি আছিল। ব্ৰাজিলৰ আৰক্ষীয়ে ঘটনাটোত জড়িত আন সন্দেহজনক লোকসকলক বিচাৰি আছে। দুৰ্বৃত্তই দামী ঘড়ী আৰু গহনা আদি লুটিলৈ গৈছে। চুবুৰীয়াসকলে  পিছত ঘটনাটো ব্ৰাজিলৰ আৰক্ষীক জনায়। অৱশ্যে নেইমাৰে এই ঘটনা  সন্দৰ্ভত কোনো মন্তব্য দিয়া নাই। 


 উল্লেখ্য কিছুদিন পূৰ্বে পুনৰ পিতৃ হৈছিল  নেইমাৰ জুনিয়ৰ ।কন্যা সন্তানৰ পিতৃ হৈছিল নেইমাৰ ।  খেলুৱৈগৰাকীয়ে  নৱজাতকৰ এখন ফটোও সামাজিক মাধ্যমত পোষ্ট কৰিছিল।নেইমাৰ জুনিয়ৰে  লিখিছিল, "মাভি আমাৰ জীৱন ভৰাই তুলিবলৈ  আহিছে। তোমাক  স্বাগতম, কন্যা। মই তোমাক বহুত ভালপাওঁ। আমাক বাছনি কৰাৰ বাবে ধন্যবাদ।’’ নেইমাৰ জুনিয়ৰ আৰু তেওঁৰ প্ৰেমিকা ব্ৰুনাৰ অন্তৰত এতিয়া আনন্দৰ লহৰ বৈ গৈছে। 

আল হিলালৰ ষ্ট্ৰাইকাৰজনে ব্ৰুনাৰ সৈতে  দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক বজাই ৰাখিছে। কিন্তু সেই কথা তেওঁলোকে গোপন ৰাখিছিল। অৱশ্যে যোৱা বছৰ খেলুৱৈগৰাকীয়ে  তেওঁৰ প্ৰেমিকাৰ সৈতে ইনষ্টাগ্ৰামত এখন ফটো পোষ্ট কৰিছিল। তেতিয়াই  জনা গৈছিল যে নেইমাৰে ব্ৰুনাৰ প্ৰেমত ডুব গৈ আছে।   নেইমাৰে  ব্ৰুনাৰ সন্তানৰ পিতৃ হোৱাৰ খবৰো নিজেই  প্ৰকাশ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ