--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনমুখী বাংলাদেশত এতিয়া হিংসাই গা কৰি উঠিছে। পুনৰ উত্তপ্ত হৈ পৰিছে  ঢাকা। বি এন পি আৰু জামাতকে ধৰি ইছলামিক দলসমূহে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ চৰকাৰৰ পদত্যাগৰ  দাবীৰে  পথ  অৱৰোধৰ আহ্বান জনাইছে। দেশজুৰি ৪৮ ঘণ্টাৰ অৱৰোধৰ আজি  প্ৰথম দিন। 

পূৰ্বৰ অৱৰোধ কাৰ্যসূচীৰ দৰে, প্ৰতিবাদকাৰীসকলে বুধবাৰে তেওঁলোকৰ প্ৰতিবাদ সফল কৰিবলৈ বহু বাহনত জুই লগাই দিয়ে। বুধবাৰে পুৱা ৬ বজাত আৰম্ভ হোৱা অৱৰোধ শুক্ৰবাৰে পুৱাৰ ভাগলৈকে অব্যাহত থাকিব। ইয়াৰ পূৰ্বে দুদিনীয়া অৱৰোধৰ সময়ত ৰাজধানী ঢাকাকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত কমেও ২৩ খন বাহনত জুই লগোৱা হৈছিল। 

প্ৰতিবাদকাৰীসকলক ছত্ৰভঙ্গ দিয়াবলৈ  বগ্ৰা জিলাৰ জামাত ৰেলীত আৰক্ষীয়ে গুলীচালনা কৰাৰ ফলত ইয়াৰ ১০ জন নেতা -কৰ্মী আহত হৈছিল। বগ্ৰা মহানগৰ জামাত আমীৰৰ অধ্যক্ষ আবিদুৰ ৰহমানৰ নেতৃত্বত ২০০ তকৈও অধিক  কৰ্মীয়ে শোভাযাত্ৰা অনুষ্ঠিত কৰি ৰাজপথ অৱৰোধ কৰিছিল। জামাত-শিবিৰৰ নেতা আৰু কৰ্মীসকলক ছত্ৰভঙ্গ দিয়াবলৈ  আৰক্ষীয়ে কন্দুৱা গেছৰ শ্বেল আৰু শ্বটগান ব্যৱহাৰ কৰিছিল। 
 

২৮ অক্টোবৰত ঢাকাত বি এন পিৰ নয়াপল্টন মুখ্য কাৰ্যালয়ৰ সন্মুখত হোৱা হিংসাত্মক ঘটনাৰ ফলত হঠাতে দেশৰ ৰাজনৈতিক পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰে। তেতিয়াৰে  পৰা প্ৰায় নিয়মীয়াকৈ অগ্নিসংযোগৰ লগতে প্ৰাণহানিৰ ঘটনা ঘটিছে। চলিত আন্দোলনৰ ফলত অৱৰোধ কাৰ্যসূচীৰ বাবে ঢাকা দেশৰ বাকী অংশৰ  প্ৰায় বিচ্ছিন্ন হৈ পৰিছে। অৱশ্যে, ৰেল সেৱা স্বাভাৱিক হৈ আছে।শেহতীয়া মাহবোৰত প্ৰধান বিৰোধী বাংলাদেশ নেচনেলিষ্ট পাৰ্টি (বি এন পি)ৰ সমৰ্থকসকলে নিৰাপত্তা বাহিনীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছে।  ফলত শ শ লোকক গ্ৰেপ্তাৰ কৰা হৈছে।  বাংলাদেশ নেচনেলিষ্ট পাৰ্টি (বি এন পি) হৈছে এক উগ্ৰ ইছলামিক দল, যি পাকিস্তানৰ প্ৰতি অধিক আকৰ্ষিত।

আৰক্ষীৰ বাহন আৰু চৰকাৰী বাছত জুই লগাই দিয়া হৈছে।  বি এন পি সমৰ্থক আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষত কেইবাজনো লোক নিহত হৈছে। বি এন পিয়ে আনকি আগন্তুক নিৰ্বাচন বৰ্জন কৰাৰো  হংকাৰ  দিছে। দলটোৱে ২০১৪ আৰু ২০১৮ চনতো তেনে আহ্বান দিছিল।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ