--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনমুখী বাংলাদেশত এতিয়া হিংসাই গা কৰি উঠিছে। পুনৰ উত্তপ্ত হৈ পৰিছে  ঢাকা। বি এন পি আৰু জামাতকে ধৰি ইছলামিক দলসমূহে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ চৰকাৰৰ পদত্যাগৰ  দাবীৰে  পথ  অৱৰোধৰ আহ্বান জনাইছে। দেশজুৰি ৪৮ ঘণ্টাৰ অৱৰোধৰ আজি  প্ৰথম দিন। 

পূৰ্বৰ অৱৰোধ কাৰ্যসূচীৰ দৰে, প্ৰতিবাদকাৰীসকলে বুধবাৰে তেওঁলোকৰ প্ৰতিবাদ সফল কৰিবলৈ বহু বাহনত জুই লগাই দিয়ে। বুধবাৰে পুৱা ৬ বজাত আৰম্ভ হোৱা অৱৰোধ শুক্ৰবাৰে পুৱাৰ ভাগলৈকে অব্যাহত থাকিব। ইয়াৰ পূৰ্বে দুদিনীয়া অৱৰোধৰ সময়ত ৰাজধানী ঢাকাকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত কমেও ২৩ খন বাহনত জুই লগোৱা হৈছিল। 

প্ৰতিবাদকাৰীসকলক ছত্ৰভঙ্গ দিয়াবলৈ  বগ্ৰা জিলাৰ জামাত ৰেলীত আৰক্ষীয়ে গুলীচালনা কৰাৰ ফলত ইয়াৰ ১০ জন নেতা -কৰ্মী আহত হৈছিল। বগ্ৰা মহানগৰ জামাত আমীৰৰ অধ্যক্ষ আবিদুৰ ৰহমানৰ নেতৃত্বত ২০০ তকৈও অধিক  কৰ্মীয়ে শোভাযাত্ৰা অনুষ্ঠিত কৰি ৰাজপথ অৱৰোধ কৰিছিল। জামাত-শিবিৰৰ নেতা আৰু কৰ্মীসকলক ছত্ৰভঙ্গ দিয়াবলৈ  আৰক্ষীয়ে কন্দুৱা গেছৰ শ্বেল আৰু শ্বটগান ব্যৱহাৰ কৰিছিল। 
 

২৮ অক্টোবৰত ঢাকাত বি এন পিৰ নয়াপল্টন মুখ্য কাৰ্যালয়ৰ সন্মুখত হোৱা হিংসাত্মক ঘটনাৰ ফলত হঠাতে দেশৰ ৰাজনৈতিক পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰে। তেতিয়াৰে  পৰা প্ৰায় নিয়মীয়াকৈ অগ্নিসংযোগৰ লগতে প্ৰাণহানিৰ ঘটনা ঘটিছে। চলিত আন্দোলনৰ ফলত অৱৰোধ কাৰ্যসূচীৰ বাবে ঢাকা দেশৰ বাকী অংশৰ  প্ৰায় বিচ্ছিন্ন হৈ পৰিছে। অৱশ্যে, ৰেল সেৱা স্বাভাৱিক হৈ আছে।শেহতীয়া মাহবোৰত প্ৰধান বিৰোধী বাংলাদেশ নেচনেলিষ্ট পাৰ্টি (বি এন পি)ৰ সমৰ্থকসকলে নিৰাপত্তা বাহিনীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছে।  ফলত শ শ লোকক গ্ৰেপ্তাৰ কৰা হৈছে।  বাংলাদেশ নেচনেলিষ্ট পাৰ্টি (বি এন পি) হৈছে এক উগ্ৰ ইছলামিক দল, যি পাকিস্তানৰ প্ৰতি অধিক আকৰ্ষিত।

আৰক্ষীৰ বাহন আৰু চৰকাৰী বাছত জুই লগাই দিয়া হৈছে।  বি এন পি সমৰ্থক আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষত কেইবাজনো লোক নিহত হৈছে। বি এন পিয়ে আনকি আগন্তুক নিৰ্বাচন বৰ্জন কৰাৰো  হংকাৰ  দিছে। দলটোৱে ২০১৪ আৰু ২০১৮ চনতো তেনে আহ্বান দিছিল।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
চণ্ডীগড়ত হ'ব IAFৰ ঐতিহাসিক অধ্যায়ৰ সামৰণি অনুষ্ঠান!  মিগ-২১ৰ শেষ উৰণ, প্রতীকী বিদায়
কি ৰঙৰ গণপতিৰ মূৰ্তি ঘৰত ৰাখিলে জীৱনলৈ সুখ-সমৃদ্ধিৰ আগমন ঘটে? নিশ্চিতভাৱে গণেশ চতুৰ্থীত জানি লওক
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু