--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰাজিলত সংঘটিত হৈছে এক আচৰিত ঘটনা। ব্ৰাজিলত এগৰাকী মহিলাই ১০ মিনিটৰ ভিতৰত দুটা বা তিনিটা নহয়, ৬টা সন্তান জন্ম দিছে। এই ছয়টা সন্তানৰ ভিতৰত এজন শিশু ইমান সৰু আছিল যে ডাক্তৰৰ হাতত সহজে সোমাই পৰিছিল। এই শিশুসকলৰ মাতৃৰ নাম কুৱেজিয়া ৰোমুৱাল্ডো। কুৱেজিয়াৰ ছয়টা সন্তানেই সুস্থ। এই ঘটনা শুনি যিকোনো ব্যক্তিয়ে স্তম্ভিত হৈ ভাবিছিল যে এইটো কেনেকৈ হ’ব পাৰে। আনকি কিছুমানে ইয়াক অলৌকিকতা বুলিও অভিহিত কৰিছে।

এপ্ৰিল মাহত কুৱেজিয়া আৰু তেওঁৰ স্বামী মেগডিল কোষ্টাই ছটা সন্তানৰ পিতৃ-মাতৃ হ’বলৈ ওলাইছিল। ডাক্তৰে তেওঁলোকক কৈছিল যে কুইজিয়াই গৰ্ভত ছটা সন্তান কঢ়িয়াই লৈ ফুৰিছে। দুয়োজনেই ইতিমধ্যে পাঁচ বছৰীয়া সন্তানৰ পিতৃ-মাতৃ। কিন্তু ভৱিষ্যতৰ ছটা সন্তানৰ কথা মনত ৰাখি তেওঁ ব্ৰাজিলৰ কোলাটিনা চহৰত থকা নিজৰ ঘৰটোতো সংস্কাৰ সাধন কৰিছিল।

৭ ছেপ্টেম্বৰত কুৱেজিয়াক চিকিৎসালয়ত ভৰ্তি কৰা হয় আৰু তাৰ চাৰি সপ্তাহৰ পাছত কলাটিনাৰ চিকিৎসালয়ত ছটা সন্তান জন্ম দিয়ে। ইয়াৰ বাবে চিকিৎসকে এক জটিল অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল। কুইজিয়াৰ প্ৰসৱৰ বাবে মুঠ ৩২ জন চিকিৎসা পেছাদাৰী জড়িত আছিল, য’ত আছিল চিকিৎসক, নাৰ্ছ, ফিজিঅ’থেৰাপিষ্ট, নাৰ্চিং টেকনিচিয়ান, এনাস্থেটিষ্ট আৰু শিশু চিকিৎসক। 

চিকিৎসকে জনোৱা মতে, অস্ত্ৰোপচাৰৰ ১০ মিনিটৰ ভিতৰতে কুৱেজিয়াই ছটা সন্তান জন্ম দিয়ে। সকলো শিশু একেবাৰে সুস্থ। এজন  চিকিৎসকে কয় যে এটা শিশু ইমান সৰু যে চিকিৎসকজনৰ হাতত সোমাব পাৰে। বৰ্তমান সকলো শিশুৱে উশাহ লোৱাত কিছু অসুবিধাৰ সন্মুখীন হৈছে। কিন্তু অতি সোনকালে সকলো সুস্থ হৈ উঠিব, কাৰণ শিশুকেইটিৰ স্বাস্থ্যৰ নিৰীক্ষণ চলি আছে। জন্মৰ লগে লগে এই শিশুসকলৰ নামো ৰখা হৈছে। শিশুকেইটাৰ নাম ৰখা হৈছে থিও, মেটিঅ’, লুকা, হেনৰী, এলোয়া আৰু মাইটে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন