--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰাজিলত সংঘটিত হৈছে এক আচৰিত ঘটনা। ব্ৰাজিলত এগৰাকী মহিলাই ১০ মিনিটৰ ভিতৰত দুটা বা তিনিটা নহয়, ৬টা সন্তান জন্ম দিছে। এই ছয়টা সন্তানৰ ভিতৰত এজন শিশু ইমান সৰু আছিল যে ডাক্তৰৰ হাতত সহজে সোমাই পৰিছিল। এই শিশুসকলৰ মাতৃৰ নাম কুৱেজিয়া ৰোমুৱাল্ডো। কুৱেজিয়াৰ ছয়টা সন্তানেই সুস্থ। এই ঘটনা শুনি যিকোনো ব্যক্তিয়ে স্তম্ভিত হৈ ভাবিছিল যে এইটো কেনেকৈ হ’ব পাৰে। আনকি কিছুমানে ইয়াক অলৌকিকতা বুলিও অভিহিত কৰিছে।

এপ্ৰিল মাহত কুৱেজিয়া আৰু তেওঁৰ স্বামী মেগডিল কোষ্টাই ছটা সন্তানৰ পিতৃ-মাতৃ হ’বলৈ ওলাইছিল। ডাক্তৰে তেওঁলোকক কৈছিল যে কুইজিয়াই গৰ্ভত ছটা সন্তান কঢ়িয়াই লৈ ফুৰিছে। দুয়োজনেই ইতিমধ্যে পাঁচ বছৰীয়া সন্তানৰ পিতৃ-মাতৃ। কিন্তু ভৱিষ্যতৰ ছটা সন্তানৰ কথা মনত ৰাখি তেওঁ ব্ৰাজিলৰ কোলাটিনা চহৰত থকা নিজৰ ঘৰটোতো সংস্কাৰ সাধন কৰিছিল।

৭ ছেপ্টেম্বৰত কুৱেজিয়াক চিকিৎসালয়ত ভৰ্তি কৰা হয় আৰু তাৰ চাৰি সপ্তাহৰ পাছত কলাটিনাৰ চিকিৎসালয়ত ছটা সন্তান জন্ম দিয়ে। ইয়াৰ বাবে চিকিৎসকে এক জটিল অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল। কুইজিয়াৰ প্ৰসৱৰ বাবে মুঠ ৩২ জন চিকিৎসা পেছাদাৰী জড়িত আছিল, য’ত আছিল চিকিৎসক, নাৰ্ছ, ফিজিঅ’থেৰাপিষ্ট, নাৰ্চিং টেকনিচিয়ান, এনাস্থেটিষ্ট আৰু শিশু চিকিৎসক। 

চিকিৎসকে জনোৱা মতে, অস্ত্ৰোপচাৰৰ ১০ মিনিটৰ ভিতৰতে কুৱেজিয়াই ছটা সন্তান জন্ম দিয়ে। সকলো শিশু একেবাৰে সুস্থ। এজন  চিকিৎসকে কয় যে এটা শিশু ইমান সৰু যে চিকিৎসকজনৰ হাতত সোমাব পাৰে। বৰ্তমান সকলো শিশুৱে উশাহ লোৱাত কিছু অসুবিধাৰ সন্মুখীন হৈছে। কিন্তু অতি সোনকালে সকলো সুস্থ হৈ উঠিব, কাৰণ শিশুকেইটিৰ স্বাস্থ্যৰ নিৰীক্ষণ চলি আছে। জন্মৰ লগে লগে এই শিশুসকলৰ নামো ৰখা হৈছে। শিশুকেইটাৰ নাম ৰখা হৈছে থিও, মেটিঅ’, লুকা, হেনৰী, এলোয়া আৰু মাইটে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি