--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনে  বিদেশী নৌ আক্ৰমণ প্ৰতিহত কৰিবলৈ য়েল’ চিৰ গভীৰতাত পাতি থোৱা ফান্দত এতিয়া বন্দী হৈ পৰিছে নিজৰ দেশৰেই এখন জাহাজ।   চীনৰ পাৰমাণৱিক শক্তিধৰ  চাবমেৰিন এখন সেই ফান্দত লাগি ধৰা বুলি খবৰ বিয়পি পৰিছে। ফলস্বৰূপে, চাবমেৰিন খনৰ কেপ্টেইনসহ ৫৫ জন চীনা সৈন্যৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে।

 ব্ৰিটেইনৰ এটা সংবাদ সংস্থাই এই কথা ৰাজহুৱা কৰিছে।  কিন্তু চীনে দাবী কৰিছে যে খবৰটোৰ ভিত্তি নাই।ব্ৰিটেইনৰ পৰা প্ৰকাশিত  ডেইলী মিৰ'ৰে ব্ৰিটেইনৰ গুপ্তচৰ সংস্থাৰ  প্ৰতিবেদনৰ ভিত্তিত সেই খথবৰ প্ৰকাশ কৰিছে। বাতৰিটোত  দাবী কৰা হৈছে  যে ব্ৰিটিছ জাহাজৰ চলাচল বন্ধ কৰিবলৈ য়েল’ চিত চীনে  ফান্দ স্থাপন কৰিছিল। সেই ফান্দতে  চীনৰ নৌসেনাৰ  চাবমেৰিন খন আবদ্ধ হৈ পৰে।

কেনেবাকৈ চাবমেৰিনৰ অক্সিজেন যোগান ব্যাহত হ’লেই তাত থকা লোককেইজনৰ মৃত্যু হ’ব পাৰে বুলি আশংকা কৰা হৈছে।  পিএলএ নেভি চাবমেৰিন ০৯৩-৪১৭ ৰ আটাইকেইজন লোকৰে মৃত্যু হোৱা বুলিয়েই বাতৰিটোত আশংকা প্ৰকাশ কৰা হৈছে।
ব্ৰিটেইনৰ চোৰাংচোৱা সংস্থাৰ এক প্ৰতিবেদন অনুসৰি  অক্সিজেনৰ অভাৱত তাত  থকা লোক কেইজনৰ মৃত্যু ঘটা বুলি কোৱা হৈছে।  অৱশ্যে, চীনা কৰ্তৃপক্ষই এই ঘটনা সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে। তেওঁলোকে দাবী কৰে যে ব্ৰিটেইনৰ প্ৰতিবেদন সম্পূৰ্ণ মিছা।







FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন