--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাৰোবাক মুখামুখিকৈ লগ পাই সেইটোৱে বাস্তৱ সম্পৰ্ক বুলি আশা কৰাটো আজিকালি শুনা কথা নহয়। টিণ্ডাৰ, হিঞ্জ, বাম্বল আদিৰ দৰে প্লেটফৰ্মৰ লাখ লাখ ব্যৱহাৰকাৰী আছে, সকলোৱে নিজৰ জীৱন সংগী বিচাৰিছে। কিন্তু আমি প্ৰায়ে পাহৰি যোৱাৰ প্ৰৱণতা থাকে যে দিনৰ শেষত আমি ছ’চিয়েল প্লেটফৰ্মত বিশেষকৈ ডেটিং এপত লগ পোৱা মানুহবোৰক ইমান সহজে বিশ্বাস কৰিব নোৱাৰি যিহেতু তেওঁলোক অচিনাকি মানুহ যাৰ পৰিচয় এনে ৱেবছাইটৰ দ্বাৰা দিয়া হয়।

ঠিক একেদৰে এগৰাকী ৪২ বছৰীয়া মহিলাই নিজৰ জীৱনৰ সঞ্চয় হেৰুৱাই পেলায় যেতিয়া তেওঁৰ টিণ্ডাৰ মেচত লগ পোৱা সংগীজনে কেলেংকাৰীকাৰী কৰা বুলি প্ৰমাণিত হয়।ৰেবেকা হলৱে নামৰ মহিলাগৰাকীয়ে দ্বিতীয় বিবাহ বিচ্ছেদ হোৱাৰ পাছত মাত্ৰ মানসিকভটবে সুস্থ হৈ উঠিছিলহে। তেনে পৰিবেশতে তিনিটা ল’ৰা-ছোৱালীৰ মাতৃ মহিলাগৰাকীয়ে দুৰ্বল অৱস্থাত পৰিছিল আৰু বিশ্বাস কৰিছিল যে তেওঁৰ টিণ্ডাৰ মেচত তেওঁ পুনৰ প্ৰেম বিচাৰি পাইছে।

মাৰ্চ মাহত টিণ্ডাৰত মানুহজনক লগ পাইছিল আৰু তেওঁ তাইক কৈছিল যে তেওঁ ফ্ৰেড নামৰ এজন ফৰাচী ব্যৱসায়ী। অৱশ্যে ফ্ৰেডে মহিলাগৰাকীক কেতিয়াও ব্যক্তিগতভাৱে লগ পোৱা নাছিল আৰু ভিডিঅ’ কলত নিজৰ মুখখন দেখুৱাবলৈ অনিচ্ছুক আছিল। তেওঁ মূলতঃ ৰেবেকাৰ সৈতে টেক্সটৰ জৰিয়তে যোগাযোগ ৰাখিছিল আৰু মহিলাগৰাকীয়ে বিশ্বাস কৰিছিল যে তেওঁলোকৰ সম্পৰ্কটো বিশেষ কিবা এটা হৈ গঢ়ি উঠিছে।

সময়ৰ লগত যুটিটোৰ ‘সম্পৰ্ক’ গঢ় লৈ উঠাৰ লগে লগে ফ্ৰেডে ৰেবেকাক নিজৰ ক্ৰিপ্টোকাৰেন্সী বিনিয়োগৰ বিষয়ে ক’বলৈ ধৰিলে আৰু শেষত তাইক ক্ৰিপ্টোত  বিনিয়োগ কৰিবলৈ বুজাই দিলে।

তেওঁ প্ৰথমে মহিলাগৰাকীক এটা ভুৱা ক্ৰিপ্টোকাৰেন্সী প্লেটফৰ্মত ১০০০ ডলাৰ বিনিয়োগ কৰিবলৈ জোৰ দিছিল আৰু ৰেবেকাই তেওঁৰ প্ৰাৰম্ভিক বিনিয়োগত ১৬৮ ডলাৰ উপাৰ্জন কৰিছিল। প্ৰথম অৱস্থাত ৰেবেকাই নিজৰ উপাৰ্জন লৈ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিব পাৰিছিল যাৰ ফলত তাই প্লেটফৰ্মটোক বিশ্বাস কৰিছিল, আৰু ফ্ৰেডক আৰু অধিক বিশ্বাসত লৈছিল৷

তাৰ পিছত মহিলাগৰাকীয়ে আৰু ৬ হাজাৰ ডলাৰ বিনিয়োগ কৰিলে আৰু তাইৰ ৰিটাৰ্ণ বাঢ়ি গৈ থাকিল। অৱশেষত তাই গোটেই জীৱনৰ সঞ্চয়, ৪০১,০০০ ডলাৰ (১ লাখ মাৰ্কিন ডলাৰ) প্লেটফৰ্মত বিনিয়োগ কৰিলে আৰু বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিব নোৱাৰিলে।যেতিয়া মহিলাগৰাকীয়ে সৰ্বস্ব ধন হেৰুৱাই এনে গোচৰৰ বৃদ্ধিৰ কথা বন্ধু এজনে কোৱাৰ পাছতহে তেওঁ কেলেংকাৰী কৰা বুলি গম পাইছিল।এই ঘটনাই এতিয়া ইন্টাৰনেট জগতত খলকনিৰ সৃষ্টি কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস