--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাৰোবাক মুখামুখিকৈ লগ পাই সেইটোৱে বাস্তৱ সম্পৰ্ক বুলি আশা কৰাটো আজিকালি শুনা কথা নহয়। টিণ্ডাৰ, হিঞ্জ, বাম্বল আদিৰ দৰে প্লেটফৰ্মৰ লাখ লাখ ব্যৱহাৰকাৰী আছে, সকলোৱে নিজৰ জীৱন সংগী বিচাৰিছে। কিন্তু আমি প্ৰায়ে পাহৰি যোৱাৰ প্ৰৱণতা থাকে যে দিনৰ শেষত আমি ছ’চিয়েল প্লেটফৰ্মত বিশেষকৈ ডেটিং এপত লগ পোৱা মানুহবোৰক ইমান সহজে বিশ্বাস কৰিব নোৱাৰি যিহেতু তেওঁলোক অচিনাকি মানুহ যাৰ পৰিচয় এনে ৱেবছাইটৰ দ্বাৰা দিয়া হয়।

ঠিক একেদৰে এগৰাকী ৪২ বছৰীয়া মহিলাই নিজৰ জীৱনৰ সঞ্চয় হেৰুৱাই পেলায় যেতিয়া তেওঁৰ টিণ্ডাৰ মেচত লগ পোৱা সংগীজনে কেলেংকাৰীকাৰী কৰা বুলি প্ৰমাণিত হয়।ৰেবেকা হলৱে নামৰ মহিলাগৰাকীয়ে দ্বিতীয় বিবাহ বিচ্ছেদ হোৱাৰ পাছত মাত্ৰ মানসিকভটবে সুস্থ হৈ উঠিছিলহে। তেনে পৰিবেশতে তিনিটা ল’ৰা-ছোৱালীৰ মাতৃ মহিলাগৰাকীয়ে দুৰ্বল অৱস্থাত পৰিছিল আৰু বিশ্বাস কৰিছিল যে তেওঁৰ টিণ্ডাৰ মেচত তেওঁ পুনৰ প্ৰেম বিচাৰি পাইছে।

মাৰ্চ মাহত টিণ্ডাৰত মানুহজনক লগ পাইছিল আৰু তেওঁ তাইক কৈছিল যে তেওঁ ফ্ৰেড নামৰ এজন ফৰাচী ব্যৱসায়ী। অৱশ্যে ফ্ৰেডে মহিলাগৰাকীক কেতিয়াও ব্যক্তিগতভাৱে লগ পোৱা নাছিল আৰু ভিডিঅ’ কলত নিজৰ মুখখন দেখুৱাবলৈ অনিচ্ছুক আছিল। তেওঁ মূলতঃ ৰেবেকাৰ সৈতে টেক্সটৰ জৰিয়তে যোগাযোগ ৰাখিছিল আৰু মহিলাগৰাকীয়ে বিশ্বাস কৰিছিল যে তেওঁলোকৰ সম্পৰ্কটো বিশেষ কিবা এটা হৈ গঢ়ি উঠিছে।

সময়ৰ লগত যুটিটোৰ ‘সম্পৰ্ক’ গঢ় লৈ উঠাৰ লগে লগে ফ্ৰেডে ৰেবেকাক নিজৰ ক্ৰিপ্টোকাৰেন্সী বিনিয়োগৰ বিষয়ে ক’বলৈ ধৰিলে আৰু শেষত তাইক ক্ৰিপ্টোত  বিনিয়োগ কৰিবলৈ বুজাই দিলে।

তেওঁ প্ৰথমে মহিলাগৰাকীক এটা ভুৱা ক্ৰিপ্টোকাৰেন্সী প্লেটফৰ্মত ১০০০ ডলাৰ বিনিয়োগ কৰিবলৈ জোৰ দিছিল আৰু ৰেবেকাই তেওঁৰ প্ৰাৰম্ভিক বিনিয়োগত ১৬৮ ডলাৰ উপাৰ্জন কৰিছিল। প্ৰথম অৱস্থাত ৰেবেকাই নিজৰ উপাৰ্জন লৈ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিব পাৰিছিল যাৰ ফলত তাই প্লেটফৰ্মটোক বিশ্বাস কৰিছিল, আৰু ফ্ৰেডক আৰু অধিক বিশ্বাসত লৈছিল৷

তাৰ পিছত মহিলাগৰাকীয়ে আৰু ৬ হাজাৰ ডলাৰ বিনিয়োগ কৰিলে আৰু তাইৰ ৰিটাৰ্ণ বাঢ়ি গৈ থাকিল। অৱশেষত তাই গোটেই জীৱনৰ সঞ্চয়, ৪০১,০০০ ডলাৰ (১ লাখ মাৰ্কিন ডলাৰ) প্লেটফৰ্মত বিনিয়োগ কৰিলে আৰু বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিব নোৱাৰিলে।যেতিয়া মহিলাগৰাকীয়ে সৰ্বস্ব ধন হেৰুৱাই এনে গোচৰৰ বৃদ্ধিৰ কথা বন্ধু এজনে কোৱাৰ পাছতহে তেওঁ কেলেংকাৰী কৰা বুলি গম পাইছিল।এই ঘটনাই এতিয়া ইন্টাৰনেট জগতত খলকনিৰ সৃষ্টি কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ