--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পলাতক ব্যৱসায়ী বিজয় মালিয়া পুনৰ চৰ্চাত আছে। বিদেশত পলাতক হৈ থকা ভাৰতীয় ব্যৱসায়ী বিজয় মালিয়াৰ বিৰুদ্ধে মুম্বাইৰ চিবিআইৰ বিশেষ আদালতে নতুন জামিনবিহীন ৱাৰেণ্ট জাৰি কৰিছে। ইণ্ডিয়ান অভাৰচিজ বেংকৰ পৰা ১৮০ কোটিৰ ঋণ পৰিশোধ নকৰাৰ অভিযোগত এই পৰোৱানা জাৰি কৰিছে চিবিআই আদালতে।

বিদেশত পলাতক হৈ থকা ভাৰতীয় ব্যৱসায়ী বিজয় মালিয়াৰ বিৰুদ্ধে মুম্বাইৰ চিবিআইৰ বিশেষ আদালতে নতুন জামিনবিহীন ৱাৰেণ্ট জাৰি কৰিছে। ইইণ্ডিয়ান অভাৰচিজ বেংকৰ (আইঅ'বি) সৈতে জড়িত ১৮০ কোটি টকাৰ ঋণ ডিফল্ট গোচৰত পলাতক ব্যৱসায়ীজনৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰা হৈছে ।

এই ৱাৰেণ্টত চিবিআইয়ে জনোৱা মতে, কিংফিচাৰ এয়াৰলাইন্সৰ প্ৰাক্তন মুৰব্বী বিজয় মালিয়াই ৰাষ্ট্ৰীয়কৃত অভাৰচিজ বেংকৰ পৰা ১৮০ কোটি টকাৰ ঋণ লৈ ইচ্ছাকৃতভাৱে পৰিশোধ কৰা নাই। ফলত চৰকাৰে বিপুল পৰিমাণৰ ধন হেৰুৱাব লগা হৈছে।

২৯ জুনত চিবিআই আদালতৰ বিশেষ ন্যায়াধীশ এছ পি নায়েক নিম্বালকাৰৰ দ্বাৰা মালিয়াৰ বিৰুদ্ধে এই ৱাৰেণ্ট জাৰি কৰা হৈছিল । চিবিআইৰ আবেদনৰ কথা বিবেচনা কৰি ৬৮ বছৰীয়া ব্যৱসায়ীজনৰ বিৰুদ্ধে জাৰি কৰা অন্যান্য জামিনবিহীন ৱাৰেণ্ট আৰু পলাতক হিচাপে তেওঁৰ স্থিতি উল্লেখ কৰি আদালতে কয় যে তেওঁৰ উপস্থিতি নিশ্চিত কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে মুকলি জামিনবিহীন ৱাৰেণ্ট জাৰী কৰাৰ বাবে এইটো এটা উপযুক্ত গোচৰ ।

একাধিক গোচৰৰ উদ্ধৃতি দি চিবিআইয়ে কয় যে একাধিক গোচৰৰ অভিযুক্ত ব্যৱসায়ীজনে বৰ্তমান ইংলেণ্ডত বাস কৰি আছে আৰু ভাৰতত আইনী প্ৰক্ৰিয়াটোত যথেষ্ট প্ৰভাৱিত কৰিছে।

২০০৭ ৰ পৰা ২০১২ চনৰ ভিতৰত আইঅ'বিৰ পৰা তেতিয়াৰ কাৰ্যকৰী কিংফিছাৰ এয়াৰলাইনছৰ দ্বাৰা লাভ কৰা ঋণৰ পৰিৱৰ্তনৰ অভিযোগত চিবিআইয়ে পঞ্জীয়ন কৰা প্ৰৱঞ্চনাৰ গোচৰৰ সৈতে এই ৱাৰেণ্টটো সম্পৰ্কিত আছিল ।

পলাতক ব্যৱসায়ীজনৰ বাবে ৱাৰেণ্ট জাৰি কৰাৰ যুক্তি দি চিবিআইয়ে কয় যে বিজয় মালিয়া পলাতক হৈ থকাৰ বাবে তেওঁৰ বিৰুদ্ধে মুকলি নন-বেইলেবল ৱাৰেণ্ট জাৰি কৰিব পাৰি। সুৰা ব্যৱসায় সাম্ৰাজ্যৰ বহু কোটিপতি ব্যৱসায়ীগৰাকীক হাতত আনিবলৈ ভাৰত চৰকাৰে দীৰ্ঘদিন ধৰি চেষ্টা চলাই আহিছে। কিন্তু, তেওঁ বাৰে বাৰে বিদেশী আদালতত সকাহ পাই আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু